
জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা বেলতলা ব'হাগী উৎসৱৰ
'আমাৰ অসম'ৰ মহানগৰ সংবাদ, ১৫ ফেব্ৰুৱাৰীঃ বিগত বছৰৰ দৰে এইবাৰো গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বেলতলা ব'হাগী উৎসৱ সমিতিৰ উদ্যোগত অহা ২৪, ২৫ আৰু ২৬ এপ্ৰিলত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে বেলতলা বিদ্যালয় খেলপথাৰত ৪৮ সংখ্যক বেলতলা ব'হাগী উৎসৱ অনুষ্ঠিত কৰা হ'ব। বেলতলা ব'হাগী উৎসৱ সমিতিৰ অনুষ্ঠিত হৈ যোৱা এখন সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰি উৎসৱৰ কাৰ্যসূচী প্ৰস্তুত কৰা হয়। উল্লেখযোগ্য যে বেলতলা ব'হাগী উৎসৱে ড০ ভূপেন হাজৰিকা বঁটা ২০১২ চনৰ পৰা অসম তথা দেশৰ সাহিত্য আৰু সাংস্কৃতিক জগতৰ মহান ব্যক্তিসকলক প্ৰদান কৰি আহিছে। ২০২৫ বর্ষত দেশ তথা আন্তর্জাতিক খ্যাতিসম্পন্ন সাংস্কৃতিক জগতৰ বিশিষ্ট কণ্ঠশিল্পী জুবিন গাৰ্গক ড০ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। কাৰ্যসূচী অনুসৰি, ২৪ এপ্ৰিল তথা প্ৰথম দিনা বেলতলা ব'হাগী উৎসৱ সমিতিৰ সভাপতি নাৰায়ণ ডেকাই পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰিব। বেলতলা ব'হাগী উৎসৱ সমিতিৰ সাধাৰণ সম্পাদক সঞ্জয় গোস্বামীয়ে বন্তি প্রজ্বলন, শ্বহীদ তর্পণ কৰিব সমিতিৰ কাৰ্যকৰী সভাপতি বিজয় বড়োৱে। একেদৰে দিনৰ ভাগত অনুষ্ঠিত হ'বলগীয়া সৰু ল'ৰা-ছোৱালীৰ খেল-ধেমালীৰ প্ৰতিযোগিতা উদ্বোধন কৰিব উপ-সভাপতি বিচিত্র বড়োৱে। বিয়লি সদৌ অসম ভিত্তিত হুঁচৰিৰ লগতে পাটমাদৈ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্রতিযোগিতাখন উদ্বোধন কৰিব বেলতলা ব'হাগী উৎসৱ সমিতিৰ মুখ্য উপদেষ্টা ৰাতুল বৰুৱাই।
উল্লেখযোগ্য যে পাটমাদৈ প্রতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ হ'লে অসমৰ বিভিন্ন মঞ্চত বিহুৰাণী, বিহুৱতী, বিহু সম্রাজ্ঞী খিতাপ অর্জন কৰা নাচনী হ'ব লাগিব। পাটমাদৈ ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ প্রতিযোগীয়ে লাভ কৰিব নগদ ২ লাখ টকাৰ লগতে স্মাৰক, মানপত্ৰ। সেইদৰে শ্ৰেষ্ঠ বিহু হুঁচৰি দলে লাভ কৰিব বঁটা আৰু নগদ ১ লাখ টকা। দ্বিতীয় বিহু হুঁচৰি দলে লাভ কৰিব বঁটা আৰু নগদ ৫১ হাজাৰ টকা। শ্রেষ্ঠ ঢোলীয়া আৰু পেঁপুৱাই লাভ কৰিব বঁটা আৰু নগদ ২৫ হাজাৰ টকা। প্ৰথম দিনাৰ সাংস্কৃতিক অনুষ্ঠানত নিশাৰ ভাগত বিশিষ্ট গায়িকা প্রিয়ংকা ভৰালীয়ে আগবঢ়াব গীতৰ শৰাই। ইফালে ২৫ এপ্ৰিলৰ নিশা ৯ বজাত বেলতলা ব'হাগী উৎসৱ সমিতিৰ বিহুতলীত বিশিষ্ট কণ্ঠশিল্পী জুবিন গাৰ্গক ড০ ভূপেন হাজৰিকা বঁটাৰে সন্মানিত কৰা হ'ব। এই বঁটা ২ লাখ টকা নগদ ধনৰ লগতে ড০ ভূপেন হাজৰিকা স্মাৰক, মানপত্ৰ, চেলেঙেৰে সন্মানিত কৰা হ'ব। একেটা অনুষ্ঠানতে নিশালৈ ন-পুৰণি বিশিষ্ট শিল্পী জে পি দাস, জয়ন্ত নাথ, দিলীপ দাস, শান্তা উজীৰ, মালবিকা বৰা, নমিতা ভট্টাচাৰ্য, সন্ধ্যা মেনন, অঞ্জু দেৱী, কুইন দাস, অনিমা চোধুৰীয়ে সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব। লগতে থাকিব সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ কণ্ঠশিল্পী জুবলী বৰুৱাৰ গীতৰ শৰাই। ২৬ এপ্ৰিলৰ সন্ধিয়া বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানত যোৱা দুটা দিনত হৈ যোৱা প্ৰতিযোগিতাৰ বিজয়ী পাদমাদৈ, বিহু হুঁচৰি, ঢোলীয়া-পেঁপুৱাক বঁটা প্ৰদান কৰা হ'ব। নিশালৈ বিশেষ আকর্ষণ ড০ ভূপেন হাজৰিকা বঁটাৰে সন্মানিত বিশিষ্ট কণ্ঠশিল্পী জুবিন গাৰ্গৰ গীতৰ শৰাইৰে বহাগী উৎসৱৰ সামৰণি পৰিব। তিনিও দিনৰ কাৰ্যসূচীতে ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে বেলতলা ব'হাগী উৎসৱ সমিতিৰ সভাপতি নাৰায়ণ ডেকা আৰু সঞ্জয় গোস্বামীয়ে।