
উক্তি-বক্ৰোক্তি
বিদেশী বুলি চিনাক্ত হোৱাৰ লগে লগে কোনো বিদেশীক বহিস্কাৰ কৰিব নোৱাৰি৷ এয়া এটা দীঘলীয়া প্ৰক্ৰিয়া৷ কোনো বিদেশীৰ হাতত বৈধ নথি-পত্ৰ, বিশেষকৈ পাৰপত্ৰ থাকিলে তেওঁক লগে লগে প্ৰত্যৰ্পণ কৰিব পাৰি৷ কিন্তু যদি বৈধ নথি-পত্ৰ নাথাকে, তেন্তে সংশ্লিষ্ট বিদেশী যিখন দেশৰ– সেই দেশৰ দূতাৱাসৰ সৈতে যোগাযোগ কৰাটো বাধ্যতামূলক৷ গোটেই প্ৰক্ৰিয়াটো জটিল আৰু দীঘলীয়া৷
– উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ শপতনামা
বাইডেন মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়তে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক বিঘ্নিত হৈছিল৷ বাইডেনৰ বাবেই হোৱাইট হাউছৰ সৈতে নতুন দিল্লীৰ সম্পৰ্কৰ বহুখিনি অৱনতি ঘটিছিল৷ আচলতে বাইডেনে ভাৰতক বিশ্বাসঘাতকতা কৰিছিল, সেয়া একেবাৰেই অনূচিত আছিল৷
– আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু মোৰ মাজত এটা বিশেষ মিল আছে৷ সেয়া হৈছে আমি দুয়ো নিজৰ দেশক আনতকৈ বেছি গুৰুত্ব দিও৷ ইউক্ৰেইন-ৰাছিয়াৰ মাজৰ যুদ্ধ সন্দৰ্ভত বহুতে ভাৰতক উদাসীন ভূমিকা গ্ৰহণ কৰা বুলি সমালোচনা কৰিছিল৷ আচলতে সেয়া নহয়৷ আমি দুয়োখন দেশৰ শান্তিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিলোঁ৷ সেই প্ৰক্ৰিয়া অব্যাহত আছে৷
– আমেৰিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
গংগাস্নান কৰি মনত বুজাব নোৱৰা শান্তি পালোঁ৷ মা গংগাই সকলোকে সুন্দৰ স্বাস্থ্য, সুখ আৰু সমৃদ্ধি প্ৰদান কৰক৷ এয়াই মোৰ প্ৰাৰ্থনা৷ মা গংগাই আমাক আগতেও ৰক্ষা কৰিছিল, এতিয়াও ৰক্ষা কৰিছে আৰু আগলৈও ৰক্ষা কৰিব৷
– কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
গৌৰৱ গগৈৰ পত্নীৰ বিতৰ্কটো মিডিয়াতহে চলি আছে, এইটো বিধানসভাৰ বিষয় নহয়৷ মোৰ ফালৰ পৰা এই বিষয়ত ক’বলগীয়া একো নাই৷ ইয়াত কিবা কৰিবলগীয়া থাকিলে চৰকাৰে কৰিব৷ এই বিষয়টো মুখ্যমন্ত্ৰীয়ে টুইটত কৈছে, গৌৰৱ গগৈয়েও ক’ৰবাত কিবা কৈছে৷ বিধানসভাত এই বিষয়টো নাথাকে৷
– বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী
গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ আইএছআইৰ সৈতে সম্পৰ্ক আছে বুলি মুখ্যমন্ত্ৰীয়ে কৰা দাবীৰ তদন্ত হওক৷ কিন্তু একে সময়তে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ডুবাই আৰু ছিংগাপুৰত হোটেল আৰু ৰিয়েল ইষ্টেট ব্যৱসায়ত পুঁজি বিনিয়োগ কৰা বুলি কংগ্ৰেছৰ সহঃতত্ত্বাৱধায়কে উত্থাপন কৰা অভিযোগৰো তদন্ত হওক৷ দুয়োটা অভিযোগৰে চিবিআই তদন্ত হওক৷ তেতিয়া ক’ৰ পানী ক’লৈ যায় ওলাই পৰিব৷
– বিধায়ক অখিল গগৈ