
শিমলু উৎসৱ, লাওখোৱা ৰাঙলী
‘আমাৰ অসম’ৰ ৰূপহীহাটৰ প্ৰতিবেদক, ১৫ ফেব্ৰুৱাৰীঃ প্ৰাণচঞ্চল ফাগুনৰ আগমণত ৰঙা শিমলুৰ দেশত পৰিণত হৈছে লাওখোৱা অভয়াৰণ্য৷ অভয়াৰণ্যখনত শাৰী শাৰীকৈ থকা ৰঙা শিমলুৰ নৈসৰ্গিক পৰিৱেশে হাত বাউলি মাতিছে পৰ্যটক আৰু অনুভৱী অনুৰাগীক৷ প্ৰকৃতিৰ অতুলনীয় বৈচিত্ৰ্যময় পৰিৱেশ বিৰাজ কৰিছে লাওখোৱা অভয়াৰণ্যত– বিশেষকৈ দন্দুৱা বন শিবিৰ এলেকাত৷ অভয়াৰণ্যখনৰ চাৰিওফালে এতিয়া কেৱল ৰঙা ৰঙা আৰু ৰঙা– মাথোঁ শিমলুৰ পয়োভৰ৷
দেওবাৰৰ পৰা ঐতিহাসিক অভয়াৰণ্যখনত অনুষ্ঠিত হ’ব ৰঙা শিমলু উৎসৱ-২০২৫৷ এই উৎসৱ আটকধুনীয়াকৈ উদ্যাপন কৰাৰ বাবে সকলোধৰণৰ প্ৰস্ততি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ অভয়াৰণ্যখনত নিয়োজিত বনকৰ্মী, বিষয়া আৰু লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্য সুৰক্ষা সমিতিয়ে পূৰ্ণগতিত চলাই থকা প্ৰস্তুতিপৰ্বত অন্তিম পৰশ দিয়ে শনিবাৰে৷ লাওখোৱা অভয়াৰণ্যৰ সৰ্বত্ৰ এতিয়া কেৱল উৎসৱমুখৰ পৰিৱেশ– ফাগুনৰ কথা, ফাগুনৰ গান, ফাগুনৰ কবিতা...৷