Logo
image

চাহ-কফি নহয় ! ৰোগমুক্ত হোৱাৰ বাবে ‘ডিটক্স ৱাটাৰ’ খাওক

এফালে বায়ুমণ্ডলত প্ৰদূষণ আৰু আনফালে ভেজাল খাদ্য সামগ্ৰী৷ ৰাস্তাই-ঘাটে যাতায়াত কৰোতে সাধাৰণতে অধিক বাহিৰৰ খাদ্য খোৱা হয়৷ এই বিলাক খাদ্যৰ নামত আমি যেন বিহহে খাইছোঁ৷ সেই বিহ বা টক্সিন যেতিয়া বাহিৰৰ খাদ্য সামগ্ৰীৰ যোগেদি শৰীৰৰ বিভিন্ন অংগলৈ সঞ্চাৰিত হয় তেতিয়া বিভিন্ন ৰোগে গা কৰি উঠে৷ সাধাৰণ ৰোগৰ লগতে জটিল ৰোগ হোৱাৰো আশংকা বাঢ়ি যায়৷ গতিকে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থসমূহ বাহিৰ কৰি দিয়াটো  অতি জৰুৰি আৰু এই ক্ষেত্ৰত সহায় কৰিব পাৰে প্ৰাকৃতিক উপাদানে৷ ফল-মূল, শাক-পাচলি যিমানেই বেছি খোৱা যায় সিমানেই শৰীৰ সুস্থ-সৱল হৈ থাকে৷ লগতে খাব লাগে পৰ্যাপ্ত পৰিমাণে পানী৷ এইক্ষেত্ৰত অধিক সুফল পোৱা যায় ‘ডিটক্স ৱাটাৰ’ৰ দ্বাৰা৷ চাহ-কফিতকৈ ডিটক্স ৱাটাৰে শৰীৰ ৰোগ মুক্ত হোৱাত বিশেষভাৱে সহায় কৰে৷


(১) ‘ডিটক্স ৱাটাৰ’ নামটো বাহিৰা হ’লেও এইবিধ পানীয় সহজে থলুৱাভাৱে তৈয়াৰ কৰিব পাৰি৷ পুৱাই উঠি একাপ গৰম পানী লওক৷ সেই পানীত এচামুচ হালধি, গোল নেমুৰ ৰস আৰু কিছু পৰিমাণে জালুকৰগুৰি– এই তিনিবিধ সামগ্ৰী মিশ্ৰণ কৰি যি পানীয় তৈয়াৰ হয় সেয়া চাহ হিচাপে সেৱন কৰিব পাৰি৷ যাৰ ফলত আপোনাৰ শৰীৰ সতেজ হৈ উঠিব৷ 

(২) প্ৰকৃততে হালধি হ’ল জীৱাণুনাশক৷ আনহাতে, নেমুত থাকে প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট৷ এই দুয়োবিধৰ যুগলবন্দিত ৰেডিকেল দূৰ হয়৷ লগতে জালুকে চৰ্দি, কাহ আদিৰ জীৱাণু দূৰতে বিদূৰ কৰি ৰাখে৷ সকলো মিলি এই বিধ পানীয়ই শৰীৰটোক ৰোগমুক্ত হোৱাত সহায় কৰে৷