Logo
image

ভাৰত কেতিয়া উন্নত দেশ হ’ব

ফ’ৰ্বছ  আমেৰিকাৰ এনে  এটা বিশ্ববিখ্যাত সংবাদ মাধ্যম প্ৰতিষ্ঠান, যিয়ে বিশ্বব্যাপী ব্যৱসায়, বিনিয়োগ, প্ৰযুক্তি, ঔদ্যোগীকৰণ, নেতৃত্ব, আৰু জীৱনশৈলীৰ ওপৰত   অধ্যয়ন কৰে আৰু এইবোৰৰ ওপৰত অতি সঠিক আৰু গুৰুত্বপূৰ্ণ তথ্য প্ৰস্তুত কৰি বিশ্বক জানিবলৈ দিয়ে৷ প্ৰতিষ্ঠানটোৰ দ্বাৰা প্ৰকাশিত মুখ্য আলোচনী ‘ফ’ৰ্বছ’ বিশ্বপ্ৰসিদ্ধ  আৰু সমাদৃত ৷ এই  আলোচনীৰ  লেখা আৰু তথ্য অতিকে শক্তিশালী আৰু  তথ্য, যুক্তি ¸ সম্পূৰ্ণ বাস্তৱসন্মত৷ বিশ্বৰ আটাইবোৰ দেশে ফ’ৰ্বছে প্ৰকাশ কৰা তথ্যক সমাদৰ কৰে৷ কাৰণ  এই তথ্য সত্যৰ ওপৰত  প্ৰতিষ্ঠিত বুলি গণ্য কৰা হয়৷ বিশেষ বৈশিষ্ট্যপূৰ্ণ এই আলোচনীয়ে বিশ্বৰ বহু সঠিক তথ্য প্ৰকাশ কৰিছে৷ এই মধ্যমটোৰ বাতৰি আৰু বিশ্লেষণ ইমানেই  সঠিক যে  ইয়াৰ প্ৰভাৱ সৰ্বাত্মক হোৱা দেখা যায় আৰু বিশ্বৰ বিভিন্ন দেশত ইয়াৰ প্ৰতিফলন ঘটে৷ প্ৰতিষ্ঠানটোৱে  অৰ্থ, সফলতা, আৰু নেতৃত্বৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে স্বীকৃতি লাভ কৰিছে, যাৰ ফলত  বিশ্বজুৰি পেছাদাৰী আৰু উদ্যোগীসকলৰ বাবে তথ্যৰ এক বিশিষ্ট উৎস হৈ পৰিছে ফ’ৰ্বছ৷  এই ফ’ৰ্বছে অলপতে বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ৰাষ্ট্ৰসমূহৰ এখন তালিকা প্ৰকাশ কৰিছে৷ তালিকাত  আমেৰিকাই প্ৰথম, চীনে দ্বিতীয়, ৰাছিয়াই তৃতীয় স্থান দখল কৰাৰ বিপৰীতে প্ৰথম দহটা স্থানৰ এটাও ভাৰতে দখল কৰিবলৈ সক্ষম হোৱা৷ অৰ্থাৎ ভাৰতৰ বিশ্বৰ আটাতকৈ প্ৰভাৱশালী দেশৰ অন্তৰ্ভূক্ত হ’ব পৰা নাই৷ কিন্তু সামৰিক আৰু প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰতৰ স্থান পঞ্চম বুলি উল্লেখ কৰা হৈছে৷ ঠিক তেনেদৰে ফ’ৰ্বছে প্ৰকাশ কৰা ধনী দেশৰ তালিকাতো নাম নাই ভাৰতৰ৷ যদিও ভাৰত চৰকাৰে ভাৰত  দ্ৰুততম অৰ্থনীতিৰ দেশ  বুলি সময়ে সময়ে কৈ আহিছে, প্ৰকৃতাৰ্থত ইয়াৰ সত্যতা এনেবোৰ আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ দৃষ্টিগোচৰ হোৱা নাই৷ ইয়াৰ উপৰি সময়ে সময়ে বিভিন্ন আন্তৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে ভিন ভিন ক্ষেত্ৰত কৰা জৰীপসমূহতো ভাৰতৰ স্থান একেবাৰে সন্তোষজনক নহয়৷ ইয়াৰ পাছতো ভাৰতবৰ্ষৰ এচাম জনতাই ভাবে ভাৰত বিশ্বগুৰু হ’বলৈ আগবাঢ়িছে৷ কিন্তু কেনেকৈ? উন্নয়নশীল এখন ৰাষ্ট্ৰই বিশ্বৰ সকলো উন্নত ৰাষ্ট্ৰক সকলো ক্ষেত্ৰতে চেৰা পেলাবলৈ কিমান শক্তিশালী ৰূপত থিয় দিব লাগিব সেয়া বিশ্ব গুৰুৰ  সপোন দেখাৰ আগতে সঠিককৈ অনুধাৱন কৰা নিত্যন্তই  প্ৰয়োজনীয়৷  সৌ সিদিনা চীন দেশে ডীপছিক নামেৰে নতুন কৃত্ৰিম বুদ্ধিমত্তাৰ উদ্ভাবন কৰি সমগ্ৰ বিশ্বতে খলকনি তুলিবলৈ সক্ষম হৈছে৷ চীনৰ বিজ্ঞান আৰু  প্ৰযুক্তিবিদ্যাৰ ইমান ক্ষিপ্ৰ বিকাশ ঘটিছে যে বিশ্বৰ দ্বিতীয় বৃহৎ অৰ্থনীতিৰ দেশৰ পৰা উত্তৰণ ঘটি ই বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হ’বলৈ বৰ বেছি দিন নালাগিব৷  আনহাতে  অতি প্ৰভাৱশালী ৰাছিয়াৰ Kaspersky Lab হৈছে বিশ্ববিখ্যাত চাইবাৰ ছিকিউৰিটি কোম্পানী৷ ই আধুনিক প্ৰযুক্তিৰ এৰাব নোৱাৰা অংগ৷ ৰাছিয়া মহাকাশ, প্ৰতিৰক্ষা, নিউক্লিয়াৰ শক্তি, ঔষধ, আৰু ৰব’টিক্সৰ ক্ষেত্ৰত ভাৰততকৈ বহুত উন্নত দেশ৷ ৰাছিয়াক বিশ্বৰ মহাকাশ অভিযানৰ বাটকটীয়া বুলিব পাৰি৷  সংক্ষেপতে, ফ্ৰান্সৰ উন্নয়নৰ মূল কাৰক হ’ল শক্তিশালী অৰ্থনীতি, অতি উন্নত সামৰিক শক্তি আৰু উন্নত  মানৰ জীৱন ধাৰণ প্ৰক্ৰিয়া৷ তাৰ বিপৰীতে ভাৰতবৰ্ষ আজিও মধ্যযুগীয় ধৰ্মক লৈ ব্যস্ত হৈ আছে৷ অত্যাধুনিক, বিশ্বমানৰ বিজ্ঞান প্ৰযুক্তিৰ শিক্ষানুষ্ঠান, গৱেষণাগাৰ আদি প্ৰতিষ্ঠা হোৱাৰ বিপৰীতে প্ৰতিষ্ঠা কৰা হৈছে বিৰাট মন্দিৰ৷  তেনেকৈ জাৰ্মানী প্ৰযুক্তিগতভাৱে বিশ্বৰ অন্যতম  উন্নত দেশ৷ জাৰ্মানসকলৰ এটা অতি ভাল গুণ হৈছে সমাজত ভুল স্বীকাৰ কৰি তাৰ পৰা শিক্ষা লোৱাৰ মানসিকতা ৷ এইক্ষেত্ৰৰ আমাৰ ভাৰত কিছু বিপৰীত৷ ভাৰতত অইনক ভুল ধৰি নিজে ক্ষমতা লোৱাৰ প্ৰৱণতা অধিক৷   সেইদৰে জাপানৰ উন্নতিৰ মূল কাৰণ হ’ল উন্নত প্ৰযুক্তি, শক্তিশালী অৰ্থনীতি, উন্নত শিক্ষা-স্বাস্থ্য, আৰু সুশৃংখল সমাজ ব্যৱস্থা ইত্যাদি৷   স্বাধীনতাৰ পাছত ভাৰতবৰ্ষই বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত যি অগ্ৰগতি লাভ কৰিলে সেয়াই ভাৰতবৰ্ষক বিশ্বৰ বুকুত বহুক্ষেত্ৰতে জিলিকাই ৰাখিবলৈ সক্ষম হৈছে৷ কিন্তু যিমান ক্ষিপ্ৰতাৰে আগুৱাব লাগিছিল সেয়া যেন হৈ নুঠিল৷ কিন্তু গৃহযুদ্ধত থানবান হোৱা চীনে ভাৰতৰ স্বাধীনতাৰ দুবছৰৰ [১৯৪৯] পাছত  স্বাধীনতা লাভ কৰি ইমান খৰটকীয়াকৈ  উন্নয়নৰ দিশত আগবাঢ়ি গ’ল যে বিশ্ব অন্য দেশ বাদেহ,প্ৰায় আঠ বছৰ  চীনৰ বিভিন্ন অঞ্চল দখল কৰা জাপানকো পিছ পেলাবলৈ সক্ষম হল৷

মুঠ  জনসংখ্যাৰ আধাতকৈও বেছি হিতাধিকাৰী  থকা  ভাৰতবৰ্ষ উন্নত আৰু বিশ্বৰ প্ৰভাৱশালী দেশ হ’বলৈ হ’লে  সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আমূল পৰিৱৰ্তন আহিব লাগিব৷ কেৱল ক্ষমতাৰ বাবে শাসকে প্ৰজাক ব্যৱহাৰ কৰা বা ক্ষমতা অটুট ৰাখিবলৈকে প্ৰজাক দেখুৱাই উন্নয়নমূলক কাম কৰিলেই দেশৰ  উন্নতি সম্ভব নহয়৷ যিদিনাৰ পৰা ভাৰতৰ শাসন ক্ষমতা লাভ কৰা ৰাজনৈতিক দলবোৰে দলৰ স্বাৰ্থত কাম নকৰি দেশৰ সামগ্ৰিক স্বাৰ্থৰ বাবে কাম কৰিব সিদিনাৰ পৰা আমাৰ দেশো বিশ্বৰ অন্য দেশৰ দৰে উন্নয়নৰ শিখৰলৈ উঠিব৷