সু-স্বাস্থ্যৰ বাবে খাওক ছাতুগুৰিৰ চৰ্বত
আমাৰ অসম বিশেষঃ ছাতুগুৰিৰ উপকাৰৰ সীমা নাই৷ নিতৌ ছাতুগুৰিৰ চৰ্বত খালে সু-স্বাস্থ্য অটুট থকাৰ লগতে হজম শক্তি বাঢ়ে আৰু ছাল ভালে থাকে৷ আজিৰ শিতানত ছাতুগুৰিৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰা হ’ল–
[১] কলেষ্টেৰ’ল কমায়ঃ ছাতুত প্ৰচুৰ পৰিমাণে থাকে ফাইবাৰ৷ যাৰ বাবে ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু কলেষ্টেৰ’লৰ পৰিমাণ হ্ৰাস কৰে৷ সেয়ে চিকিৎসকে ছাতুৰ চৰ্বত খোৱাৰ পৰামৰ্শ আগবঢ়ায়৷ ছাতুৱে হৃদৰোগৰ আশংকাও হ্ৰাস কৰে৷
[২] হজম শক্তি বঢ়ায়ঃ ছাতুত থকা ফাইবাৰৰ বাবে হজম শক্তি বৃদ্ধি পায়৷ কোষ্ঠ কাঠিন্য আৰু পেটৰ সমস্যাৰ পৰা সকাহ দিয়ে ছাতুগুৰিয়ে৷
[৩] তেজত শৰ্কৰাৰ মাত্ৰা কমায়ঃ ছাতুত প্ৰচুৰ পৰিমাণে প্ৰ’টিন থাকে৷ ফলত ই তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে৷ সেয়ে চিকিৎসকে মধুমেহত আক্ৰান্ত লোকক ছাতুৰ চৰ্বত খাবলৈ পৰামৰ্শ আগবঢ়ায়৷
[৪] চুলি ভালে থাকেঃ ছাতুত থকা বিভিন্ন ভিটামিন আৰু খনিজ পদাৰ্থৰ বাবে ই ছালৰ উপকাৰ কৰে৷ নিয়মিত ছাতুৰ চৰ্বত খালে ছালৰ উজ্জ্বলতা বাঢ়ে আৰু চুলি ভালে থাকে৷