Logo
image

পালকৰ ক্ষোভত ‘গাহৰি-চুক্তি’ বাতিল

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ ফেব্ৰুৱাৰীঃ  ৰাজ্যৰ গাহৰি পালকৰ ক্ষোভ দেখি অৱশেষত থলুৱা বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শমা চৰকাৰে৷ অসমৰ গাহৰিৰ বজাৰত থাইলেণ্ডৰ চি পি কোম্পানীক বিনিয়োগৰ বাবে ৰাজ্য চৰকাৰে ৰঙা দলিচা পাৰি দিয়াৰ হঠকাৰী  সিদ্ধান্তক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া হোৱাত অৱশেষত পশুপালন বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে সদৌ অসম গাহৰি পালক সন্থাৰ নেতৃত্বৰে দিছপুৰত বৈঠক পাতি থলুৱা বিৰোধী পৰিকল্পনা প্ৰত্যাহাৰৰ কথা ঘোষাণ কৰে৷ অসম চৰকাৰৰ এই সিদ্ধান্তৰ কথা সদৰি কৰিছে সদৌ অসম গাহৰি পালক সন্থাই৷ উল্লেখ্য, এডভাণ্টেজ ‘আছাম-২.০ত চুক্তি কৰি ৰাজ্যৰ গাহৰিৰ ব্যৱসায়ত বিনিযোগৰ লক্ষ্যৰে শেহতীয়াকৈ থাইলেণ্ডৰ চি পি কোম্পানীৰ প্ৰতিনিধিয়ে অসম চৰকাৰৰ পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পালৰ সৈতে বৈঠকত মিলিত হৈছিল৷ থাই কোম্পানীটোৱে অসমৰ গাহৰিৰ বজাৰখন দখল কৰিলে থলুৱাৰ হাতৰ পৰা লাভজনক ব্যৱসায়টো নোহোৱা হৈ পৰাৰ আশংকাৰ সন্দৰ্ভত প্ৰথমবাৰলৈ ‘আমাৰ অসম’ কাকতত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছিল৷ এই বাতৰিৰ পাছতেই গাহৰি পালক সন্থাই চৰকাৰৰ পৰিকল্পনাৰ বিৰোধিতা কৰিছিল৷ ইয়াৰ মাজতে জাপান ভ্ৰমণৰত মুখ্যমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্স যোগে চি পি কোম্পানীৰ কতৃৰ্পক্ষৰ সৈতে আলোচনা কৰাৰ বিষয়টো সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰিছিল৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতেই অধিক ক্ষুব্ধ হৈ পৰিছিল গাহৰি পালকসকল৷ এই লৈ সদৌ অসম গাহৰি পালক সন্থাই গুৱাহাটীত এখন সংবাদ মেল সম্বোধন কৰি অসম চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰোধিতাৰ ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ দিনটোত উলংগ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিছিল৷ গাহৰি পালক সন্থাৰ এই হুংকাৰৰ পাছতেই সুৰ সলিন কৰিবলৈ বাধ্য হৈছিল মুখ্যমন্ত্ৰীয়ে৷ ইয়াৰ পাছতেই বিভাগীয় মন্ত্ৰী কৃষ্ণেন্দু পালে গাহৰি পালক সন্থাৰ নেতৃত্বক দিছপুৰলৈ মাতি আনি শনিবাৰে এখন বৈঠকত মিলত হয়৷ এই বৈঠকত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সচিব অভিজিত বৰুৱা, সঞ্চালক অনিল চন্দ্ৰ দেউৰীৰ লগতে সদৌ অসম গাহৰি পালক সন্থাৰ মুখ্য উপদেষ্টা প্ৰণৱ বৰগোহাঞি আৰু সভাপতি ৰতন গগৈ উপস্থিত থাকে৷ উক্ত বৈঠকতে ৰাজ্যৰ গাহৰি ব্যৱসায়ত বিনিযোগত চি পি কোম্পানীক অসম চৰকাৰে অনুমতি নিদিয়ে মন্ত্ৰীয়ে জানিবলৈ দিয়াৰ কথা গাহৰি পালক সন্থাৰ নেতৃত্বই সদৰি কৰিছে৷


এই সন্দৰ্ভত সদৌ অসম গাহৰি পালক সন্থাৰ নেতৃত্বই কয়– আলোচনা কালত মন্ত্ৰী কৃষ্ণেন্দু পালে স্পষ্ট ৰূপে জনাই যে চি পি কোম্পানীক অসমৰ গাহৰিৰ ক্ষেত্ৰখনত প্ৰবেশ কৰোৱাৰ চৰকাৰৰ কোনো পৰিকল্পনা নাই৷ তথা অসমৰ থলুৱা খিলঞ্জীয়া পালক সকলৰ অনিষ্ঠ হ’ব পৰা কোনো কাম হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে কেতিয়াও নকৰে৷ বৰঞ্চ অসমৰ খিলঞ্জীয়া পালক সকলৰ সৰ্বাঙ্গীণ উন্নতিৰ বাবে, গাহৰি পালন ক্ষেত্ৰখনৰ উন্নতিৰ বাবে থলুৱা পালকসকলে বিচৰা ধৰণৰে তেওঁলোকে কাম কৰি যাব৷ লগতে গাহৰি পালক সকলৰ উন্নতিৰ বাবে ইতিপূৰ্বে সন্থাৰ লগত আলোচনা কৰা বিষয়সমূহ অতি কম সময়ৰ ভিতৰতে পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ তিনিদিন পুৰ্বে পালকসকলে আবেদন জনোৱা লোনৰ ৰাজ সাহাৰ্যৰ ধনৰ বাবত প্ত কোটি টকা জৰুৰীভাবে মুকলি কৰি দিয়া লগতে অতি কম দিনত বাকী আবেদনসমূহৰ ধন মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে৷ গাহৰি পালন ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে আমি আলোচনা কালত আগবঢ়োৱা নতুন পৰিকল্পনা, পৰামৰ্শ ও দাবীসমূহ লিপিবদ্ধ কৰি লোৱাৰ লগতে সন্থাক পুনৰ লিখিত ৰূপত প্ৰস্তাৱসমূহ দিবলৈ অনুৰোধ জনায়৷ চৰকাৰীপক্ষৰ কথাত বৰ্তমান আমি আশ্বস্ত হৈ ইতিমধ্যে ঘোষণা কৰা সকলো প্ৰতিবাদী কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো৷ ইফালে গাহৰি পালক সন্থাৰে বৈঠকৰ সন্দৰ্ভত বিভাগীয় মন্ত্ৰী কৃষ্ণেন্দু পালে চি পি কোম্পানীৰ বিনিয়োগৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ সন্দৰ্ভত পোনপটীয়াকৈ কোনে কথা স্পষ্ট নকৰিলেও সামাজিক মাধ্যমত মন্ত্ৰী পালে কয়– দিছপুৰস্থিত মোৰ কাৰ্যালয়ৰ সভাকক্ষত সদৌ অসম গাহৰি পালক সন্থাৰ প্ৰতিনিধিসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হওঁ৷ এই বৈঠকত অসমৰ গাহৰি পালন খণ্ডক শক্তিশালী কৰাৰ লগতে স্থানীয় গাহৰি পালকসকলৰ অভাৱ-অভিযোগ সন্দৰ্ভত গঠনমূলক আলোচনা কৰা হয়৷ থলুৱা গাহৰিৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে পালকসকলৰ ব্যৱসায়িক স্বাৰ্থ ৰক্ষা কৰাৰ বাবে বিজ্ঞান-সন্মত নীতি প্ৰণয়নৰ বাবে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ৷ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে অসমৰ গাহৰি পালকসকলৰ স্বাৰ্থত নিৰন্তৰ কাম কৰি আহিছে আৰু এই খণ্ডৰ বিকাশৰ বাবে আমি বদ্ধপৰিকৰ৷