Logo
image

আজি বাছত উঠি ১২৬ বিধায়কৰ যাত্ৰা কোক্‌ৰাঝাৰলৈ

‘আমাৰ অসম’ৰ কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধি, ১৬ ফেব্ৰুৱাৰীঃ  সোমবাৰে বিটিচিৰ সভাকক্ষত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনলৈ মাজত মাত্ৰ কেইঘণ্টামান বাকী৷ তেনে ক্ষেত্ৰত সমগ্ৰ বড়োলেণ্ড প্ৰাদেশীয় বিধানসভা কক্ষৰ পৰা আৰম্ভ কৰি সমগ্ৰ বিটিচি সচিবালয়ৰ চৌহদত যুদ্ধকালীন প্ৰস্তুতি চলিছে৷ ইতিমধ্যে  সচিবালয় চৌহদত কেইবাটাও পেণ্ডেল সাজি উলিওৱাৰ লগতে সমগ্ৰ চৌহদত নতুন নতুন গছপুলি ৰোপণ কৰা হৈছে৷ নতুনকৈ চূণ-তেল দিয়াৰ কাম এতিয়াও অব্যাহত আছে৷ মন্ত্ৰী বিধায়কসকলৰ লগতে ভিআইপিসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ উপৰিও তেওঁলোকৰ প্ৰৱেশত যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে নতুনকৈ চেকগেট স্থাপন কৰা হৈছে৷ আনহাতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷ ইতিমধ্যে ৰাজ্যপালৰ নিজস্ব প্ৰট’কল তথা নিৰাপত্তা ৰক্ষী, অধ্যক্ষৰ নিজস্ব প্ৰট’কল তথা নিৰাপত্তা ৰক্ষী আৰু মুখ্যমন্ত্ৰীৰ বিশেষ নিৰাপত্তা ৰক্ষী উপস্থিত হোৱাৰ লগতে জিলা আৰক্ষীয়েও নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷ প্ৰাপ্ত তথ্য মতে, সোমবাৰে পুৱা বিধানসভা অধিৱেশন উপলক্ষে বাছত উঠি কোক্‌ৰাঝাৰলৈ আহিব ৰাজ্যৰ ১২৬জন বিধায়ক৷ অসম বিধানসভাৰ অধিৱেশনৰ বাবে বিটিচি পৰিষদীয় চৰকাৰৰ তৰফৰ পৰা বিভিন্ন দল-সংগঠনকো আমন্ত্ৰণ জনোৱা হৈছে৷ তেওঁলোকে বিটিচি সচিবালয়ৰ চৌহদত সাজি উলিওৱা ৰভাৰ তলত বহি এলচিডিৰ স্ক্ৰীণত অধিৱেশনৰ দৃশ্য প্ৰত্যক্ষ কৰিব পাৰিব৷ ইফালে বড়োলেণ্ডৰ ইতিহাসত এটি সোণালী দিন হিচাপে পৰিগণিত হ’বলৈ ওলোৱা ১৭ ফেব্ৰুৱাৰীৰ অসম বিধানসভাৰ বাজেট অধিৱেশনখন যাতে সুকলমে অনুষ্ঠিত হোৱাৰ বাবে আজি পুৱাই কোকৰাঝাৰত উপস্থিত হয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী৷ তেওঁ পুংখানুপুংখভাৱে প্ৰতিটো দিশৰ পৰ্যৱেক্ষণ কৰে৷ উল্লেখ্য অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অন্তিম প্ৰস্তুতি বুজ লৈ সংবাদ মাধ্যমৰ আগত তেওঁ পোনপ্ৰথমবাৰৰ বাবে বড়ো ভূমি কোকৰাঝাৰ দিছপুৰত পৰিণত হ’ব বুলি উল্লেখ কৰি কয় যে ৰাজ্যৰ মুঠ ১২৬ গৰাকী বিধায়ক চাৰিখন বিশেষ বাছত আহিব বিধানসভালৈ৷ ৰাজ্যৰ সকলো মন্ত্ৰী-বিধায়কক থলুৱা খাদ্য ব্যঞ্জনেৰে অভ্যাৰ্থনা কৰা হ’ব বুলি জানিবলৈ দি তেওঁ ৰাজ্যপালৰ বাবে নিৰামিষ আহাৰৰ ব্যৱস্থা থাকিব বুলি সদৰী কৰে৷ তেওঁ সংবাদ মাধ্যমৰ আগত পোন প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ অধিৱেশন বডোলেণ্ডৰ বিধানসভাত অনুষ্ঠিত কৰাক লৈ দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰা বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে৷ অহা কাইলৈ কোকৰাঝাৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশনৰ বাবে বিটিচিৰ সমূহ কাৰ্যবাহী সদস্য পাৰিষদৰ লগতে বিষয়া-কৰ্মচাৰী ব্যস্ত হৈ পৰিছে৷ উল্লেখ্য যে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু স্থানীয় বিধায়ক লৰেঞ্চ ইছলাৰী আৰু বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰধান প্ৰমোদ বড়োই ঘনে ঘনে সকলো ধৰণৰ প্ৰস্তুতিৰ বুজ লৈ থকা দেখা গৈছে৷


কোক্‌ৰাঝাৰত অধ্যক্ষৰ ফটোযুক্ত বেনাৰ

‘আমাৰ অসম’ৰ কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধিঃ  সোমবাৰে অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনক লৈ বড়োলেণ্ড প্ৰাদেশীয় বিধানসভাত উখল মাখল পৰিৱেশ সৃষ্টি হৈছে৷ বিটিআৰৰ কাৰিগাঁৱৰ পৰা আৰম্ভ কৰি সমগ্ৰ কোক্‌ৰাঝাৰ চহৰত এতিয়া ওলমি থকা পৰিলক্ষিত হৈছে শাৰী শাৰী বেনাৰ৷ লক্ষণীয়ভাৱে বেনাৰেই নহয় তাৰ স’তে বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছে বিশাল বিশাল আকাৰৰ হৰ্ডিং৷ অসম বিধানসভাৰ অধিৱেশন উপলক্ষে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ফটোযুক্ত বেনাৰসমূহত ক্ৰমে ইংৰাজী, বড়ো আৰু অসমীয়া ভাষা ব্যৱহাৰ কৰা হৈছে৷ উল্লেখ্য যে ইতিমধ্যে কোকৰাঝাৰ চহৰৰ বডোফা নগৰত অৱস্থিত বড়োলেণ্ড প্ৰাদেশীয় বিধানসভাত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনখনক ঐতিহাসিক বুলি অভিহিত কৰাৰ লগতে এই বেনাৰ-হৰ্ডিঙৰ সমাহাৰক বিভিন্ন মহেল আৰু ৰাইজে ঐতিহাসিক বুলি মন্তব্য কৰিছে৷ এনেকি একাংশই এয়া অসম বিধানসভাৰ বাজেট অধিৱেশন নহয় অভিৱৰ্তন বুলিহে মন্তব্য কৰিছে৷ উল্লেখ্য অসম বিধানসভাৰ অধিৱেশনৰ বাবে কাইলৈৰ বন্ধ থাকিব কোকৰাঝাৰ চহৰৰ বজাৰ সমাৰ যান-বাহন৷