Logo
image

খালী পেটত এইদৰে গৰমপানী খাওক

পুৱা টোপনিৰ পৰা উঠি বহুতে খালী পেটত গৰমপানী খায়৷ স্বাস্থ্য সচেতনসকলৰ ধাৰণা খালী পেটত গৰম পানী খালে উপকাৰ পোৱা যায়৷ কিন্তু গৰমপানীৰ সৈতে যদি অকণমান ঘিউ মিহলাই খাব পাৰে তেন্তে আৰু বেছি উপকাৰ পোৱা যায়৷ গৰমপানীৰ সৈতে ঘিউ মিহলাই খালে কি উপকাৰ হয় জানি থওক–

(১) পুৱাই খালী পেটত গৰমপানীৰ সৈতে ঘিউ মিহলাই খালে চুলিৰ উপকাৰ হয়৷ ঘিউত এণ্টি অক্সিডেণ্ট আৰু ভিটামিন থাকে৷ এই দুয়োবিধ উপাদান চুলি আৰু ছালৰ বাবে উপকাৰী৷ ঘিউ মিহলোৱা গৰমপানী খালে ছাল উজ্জ্বল হয় তথা আদ্ৰৰ্তা বৃদ্ধি পায়৷ তদুপৰি চুলি সৰা সমস্যা নোহোৱা হয়৷ 

(২) নিতৌ খালী পেটত গৰমপানীৰ সৈতে ঘিউ মিহলাই খালে হজম শক্তি বাঢ়ে৷ ঘিউৱে বিভিন্ন ধৰণৰ পেটৰ সমস্যা নিৰাময় কৰাতো সহায় কৰে৷ বিশেষকৈ গেছ, বদহজম, পেটফুলা আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যা কমায়৷ তদুপৰি শৰীৰত জমা হোৱা দূষিত পদাৰ্থ দূৰ হয় ঘিউৰ সৈতে মিহলোৱা গৰমপানী খালে৷ 


(৩) পুৱাইখালী পেটত গৰমপানীৰ সৈতে ঘিউ মিহলাই খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷ এনে অৱস্থাত ভাইৰেল সংক্ৰমণ, ফ্লু, আৰু অন্যান্য ৰোগ প্ৰতিৰোধ হয়৷ 

(৪) ওজন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গৰমপানীৰ সৈতে সামান্য পৰিমাণৰ ঘিউ মিহলাই খালে উপকাৰ পোৱা যায়৷ ঘিউৱে দেহত মেটাবলিজম বৃদ্ধি কৰে৷ ফলত সহজে ওজন নিয়ন্ত্ৰণ হয়৷ তদুপৰি এই পানীয়ই সঘনাই ভোক লগা প্ৰৱণতা নোহোৱা কৰে৷ 

(৫) ঘিউত থকা এণ্টিইনফ্লেমেটৰী উপাদানে গাঁঠিৰ বিষ বা  গাঁঠিফুলা সমস্যা আঁতৰ কৰে৷ হাড় শক্তিশালী কৰাতো সহায় কৰে ঘিউ মিহলোৱা গৰমপানী খোৱাৰ অভ্যাসে৷

(৬) ঘিউত থকা স্বাস্থ্যকৰ ফেটছে হৰমনৰ ভাৰসাম্যতা বজাই ৰখাত সহায় কৰে৷ গতিকে পুৱাই যদি আপোনাৰ খালী পেটত গৰমপানী খোৱাৰ অভ্যাস আছে তেন্তে তাৰ সৈতে সামান্য পৰিমাণৰ ঘিউ মিহলাই খাওক৷