Logo
image

বানপানী, জলবায়ু পৰিৱৰ্তনৰ ওপৰত গোলকগঞ্জত বাটৰ নাট

'আমাৰ অসম'ৰ আগমনিৰ প্ৰতিবেদকঃ ধুবুৰী জিলাৰ গোলকগঞ্জ ৰাজহ চক্ৰ এলেকাত সোমবাৰৰ পৰা বানপানী আৰু জলবায়ু পৰিৱৰ্তনৰ বিষটোৰ ওপৰত সজাগতা অনাৰ উদ্দেশ্যে সুৰক্ষিত অসমৰ বাবে বাটৰ নাট শীর্ষক এক কার্য্যসূচী আৰম্ভ কৰা হয়। গোলকগঞ্জ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত, ধুবুৰী জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু অসম ৰাজ্যিক ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত ১৮ ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া সজাগতামূলক এই বাটৰ নাট মূলতঃ জিলাখনৰ বানপানী প্ৰৱণ অঞ্চলবোৰত অনুষ্ঠিত কৰা হ'ব।


উল্লেখ্য যে এই বাটৰ নাটৰ শুভাৰম্ভৰ সৈতে সংগতি ৰাখি সোমবাৰে গোলকগঞ্জ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত এক বিশেষ কার্যসূচীও অনুষ্ঠিত হয়। উক্ত কার্যসূচীতেই বাটৰ নাটৰ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰি শুভ উদ্বোধন কৰে গোলকগঞ্জ সম জিলাৰ সম জিলা আয়ুক্ত জগদীশ ব্ৰহ্মই। উক্ত কাৰ্যসূচীত উপস্থিত থাকে গোলকগঞ্জ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জাহ্নৱী সোনোৱাল, গোলকগঞ্জৰ খণ্ড উন্নয়ন বিষয়া ৰতন সাহা, গোলকগঞ্জ পৌৰসভাৰ সভানেত্ৰী সাবেত্ৰী ৰায়, ধুবুৰী জিলাৰ দুর্যোগ ব্যৱস্থাপনা প্ৰকল্প বিষয়া মফাজ্জেল সৰকাৰ, সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰী, আপদা মিত্ৰাৰ স্বেচ্ছাসেৱককে ধৰি এই বাটৰ নাট প্ৰস্তুত কৰা জিলাখনৰ শিল্পীসকল।