বিটিআৰত মই বহু নিশা কটাইছোঁ, গগৈ-সোণোৱালো থকা নাছিলঃ মুখ্যমন্ত্ৰী
কোক্ৰাঝাৰৰ পৰা মলয়া ডেকা আমাৰ অসমঃ বিটিআৰত মই বহু নিশা কটাইছোঁ৷ পূৰ্বে কোনো এজন মুখ্যমন্ত্ৰীয়ে বিটিআৰত আঠ নিশা কটোৱা নাই৷ তৰুণ গগৈ বা সৰ্বানন্দ সোণোৱালেও এনেকৈ বিটিআৰত কটোৱা নাছিল৷ এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ ইতিহাস সৃষ্টি কৰি গুৱাহাটীৰ বাহিৰত অৰ্থাৎ কোকৰাঝাৰত অনুষ্ঠিত কৰা বিধানসভাত ভাগ লৈ এই বক্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী শৰ্মাই৷ বিটিআৰৰ বাবে কেইবাটাও অভিলাসী আঁচনি ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷ আজিৰ দিনটো অসমৰ ইতিহাসৰ এক যুগান্তৰকাৰী দিন বুলি মন্তব্য কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়ক অখিল গগৈৰ অভিযোগ খণ্ডন কৰিবলৈ গৈ কয় যে ১৯৮৫ চনৰ পৰা আজিলৈকে বড়ো ভূমিত কোনো এজনো মুখ্যমন্ত্ৰীয়ে নিশা কটোৱা নাছিল৷ ৰাজধানীৰ বাহিৰত পোনপ্ৰথম বাৰৰ বাবে বিধানসভাৰ অধিবেশনখন অনুষ্ঠিত হোৱাটো এক সোণালী অধ্যায় হৈ ৰ’ব৷ যি সময়ত কোকৰাঝাৰত মানুহ আহিবলৈ ভয় কৰিছিল আজি সেই কোকৰাঝাৰত বিধানসভাৰ অধিবেশন অনুষ্ঠিত কৰি এক ইতিহাসৰ সৃষ্টি কৰিলে৷ আজি চাৰি বছৰ আগত এই কথা কোনেও কল্পনাই কৰিব পৰা নাছিল৷ আজি এই অধিবেশনৰ জৰিয়তে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নাম স্মৰণ কৰি আজি বডোফাই নিজৰ পিচপৰা জাতিটোৰ সাহিত্য, সংস্কৃতি, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক অধিকাৰৰ বাবে জাতিটোক আগুৱাই নি আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে৷ দোতমাত থকা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধি ৰাজ্যিক মৰ্যাদাৰে নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰি সাংস্কৃতিক বিভাগক ইয়াৰ দায়িত্ব দিয়া হ'ব বুলি কয়৷ লগতে প্ৰতি বছৰৰ তেওঁৰ জন্মদিনটো অৰ্থাৎ ৩১ ডিচেম্বৰ দিনটোত ৰাজ্য চৰকাৰে তেওঁৰ সমাধিস্থলীত উদযাপন কৰিব বুলি কয়৷ বিটিআৰত বিপিএফ, ইউপিপিএল, বড়ো সাহিত্য সভা, এবছুৰ নেতৃবৃন্দই কৰা অশেষ পৰিশ্ৰম, কষ্টৰ বাবে আজি সাফল্যৰ মুখ দেখিবলৈ পাইছে৷ এদিন বড়ো সকলে পৃথক বড়ো ৰাজ্যৰ দাবী পৰিহাৰ কৰি একমাত্ৰ শান্তিৰ বাবে যেনেদৰে চুক্তি স্বাক্ষৰ কৰিছে তেনেদৰে অনাবড়োসকলেও নিজৰ ৰাজনৈতিক, ভূমিৰ অধিকাৰ ত্যাগ কৰি উন্নয়নৰ স্বাৰ্থত একেলগে সহবাস কৰি আছে৷ ষষ্ঠ অনুসূচীৰ অধীনৰ ডিমাহাচাও, কাৰ্বিআংলঙৰ লগত ষষ্ঠ অনুসুচীৰ অধীনৰ বিটিআৰ নিমিলে৷ আজি অধিবেশনত ৰাজ্যপালৰ ভাষণৰ পাছতে পৰৱৰ্তী কাৰ্যসূচীত বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন সদনৰ মজিয়াত দাখিল কৰে মুখ্যমন্ত্ৰীজনে৷ বড়ো সকলোৰ উন্নয়নৰ কাৰণে ৰাজ্য চৰকাৰে সৰ্বত্ৰ প্ৰকাৰে সহায় কৰিব কিন্তু ইয়াৰ বিপৰীতে বিটিআৰত থকা অনাবড়োসকলৰ ৰাজনৈতিক, সামাজিক দায়িত্ব বিটিআৰৰ নেতৃবৃন্দই ল’ব লাগিব বুলি উল্লেখ কৰে৷ বড়ো-অনাবড়োসকলে একেলগে সমিলমিলেৰে কাম কৰিলেহে এই অঞ্চলটো আটাইতকৈ উন্নয়নশীল বিকশিত অঞ্চল হিচাপে চিহ্নিত হ’ব৷ বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে বিধান সভাৰ মজিয়াত অসমীয়া ভাষাৰ গৰিমাৰ বিষয়ে কোৱাটো এটা উল্লেখনীয় দিশ বুলি উল্লেখ কৰে৷ আনপিনে বিগত দুটা বছৰত পথ উন্নয়নৰ কাৰণে এহেজাৰ কোটি টকা দিয়াৰ কথা উল্লেখ কৰি আজি বিধানসভাৰ মজিয়াত বিটিআৰৰ পথ উন্নয়নৰ কাৰণে পাঁচশ কোটি টকা, কাৰ্বিআংলঙৰ কাৰণে দুশকোটি আৰু ডিমাহাচাওৰ কাৰণে এশ কোটি টকা দিয়াৰ কথা ঘোষণা কৰে৷ আজি বড়োভূমিত এই বিধানসভাখন অনুষ্ঠিত কৰি নৱপ্ৰজন্মক উপহাৰ দিয়া বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷ আনপিনে সাংবাদিকৰ আগত আজি সদনত ষষ্ঠ অনুসূচীৰ অধীনৰ এলেকা সমূহ শক্তিশালী কৰাৰ বিষয়ে এক আলোচনা আগবঢ়োৱা হয়৷ এই আলোচনাত শাসকীয় আৰু বিৰোধী সকলোৱে ষষ্ঠ অনুসূচী উন্নয়ন আৰু শক্তিশালী কৰাৰ বাবে ইতিবাচক মন্তব্য তথা পৰামৰ্শ আগবঢ়োৱাটো অতি শুভলক্ষণ বুলি মন্তব্য কৰে৷ ৰাজ্য চৰকাৰে এই পৰামৰ্শ সমূহ আন্তৰিকতাৰে গ্ৰহণ কৰে৷ আজি সদনৰ মজিয়াত ২০২৭ চনত ওডালগুৰিত এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ আৰু গেলেংফু ‘মাইণ্ড পিচফুল’ চিটি হিচাপে ছিৰাং জিলাৰ দাদগিৰি অঞ্চলক এক উন্নত প্ৰশাসনিক ব্যৱস্থাৰে পৰ্যটন থলী হিচাবে ৰূপান্তৰিত কৰা, বিটিআৰৰ সৰ্বাংগীণ উন্নয়নৰ কাৰণে তথা পথ উন্নয়নৰ কাৰণে পাঁচশ কোটি টকা অনুমোদন, কাৰ্বি পাহাৰৰ আঢ়ৈশ কোটি টকা আৰু ডিমাহাচাও জিলাত পথ নিৰ্মাণৰ কাৰণে এশ কোটি টকা অনুমোদন দিয়াৰ কথা সদনৰ মজিয়াত ঘোষণা কৰে৷ আজি দিনটো এক ঐতিহাসিকদিন বুলি উল্লেখ কৰি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মই এটা পিচপৰা, নিপিড়িত, নিষ্পেষিত জাতি সত্ত্বা এটাক বিশ্বৰ বুকুত এক সবল আৰু শক্তিশালী জাতি হিচাবে থিয় কৰাবলৈ আত্মনিয়ন্ত্ৰণ আৰু স্বঅধিকাৰৰ আন্দোলন বড়োভূমিত আন্দোলন কৰিছিল৷ এই আন্দোলনত অসমক দুভাক কৰি পৃথক ৰাজ্য গঠন কৰাৰো দাবী উত্থাপিত হৈছিল৷ এই দাবীৰ সমৰ্থনত বড়োভূমিত বিশাল সংগ্ৰামৰ আৰম্ভণি হৈছিল আৰু পৰিঘটনা ঘটনাৰ মাজতে বড়োভূমিত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত হত্যা হিংসা আৰু সন্ত্ৰাসৰ দাবানল জ্বলিছিল৷ প্ৰধানমন্ত্ৰী মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰচেষ্টাত এৱছু, বড়ো সাহিত্যসভা, বড়ো ৰাজনৈতিক নেতা সকলোৰ প্ৰচেষ্টাত আজি বড়োভূমি শান্তি আৰু সমন্বয়ৰ ভূমিলৈ ৰূপান্তৰিত হৈছে৷ অসমৰ অখণ্ডতা আৰু সমন্বয়ৰ প্ৰতীক অসম বিধানসভা আজি কোকৰাঝাৰৰ বিটিচিৰ বিধানপৰিষদত অনুষ্ঠিত হৈছে৷ যি কোকৰাঝাৰৰ পৰা অসম বিভাজনৰ আন্দোলনৰ আৰম্ভ হৈছিল সেই কোকৰাঝাৰতে আজি একতাৰ প্ৰতীক অসম বিধানসভা অনুষ্ঠিত হৈছে আৰু অসম বিধান সভায়ো আজি অধিবেশনত কিদৰে বিটিচিক অধিক শক্তিশালী কৰিব পাৰি তাৰ বিষয়ে আলোচনা হৈছে৷ পুনৰ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মক স্মৰন কৰি অসমবাসীৰ ৰাইজৰ হৈ শ্ৰদ্ধাঞ্জলি আৰু কৃতজ্ঞতা জনাই তেওঁৰ আদৰ্শেৰে বড়ো জাতিক সকলো দিশৰ পৰা আগুৱাই লৈ যোৱাৰ সংকল্প সামগ্ৰিকভাৱে গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে৷ আজিৰ এই অধিবেশনখন আটাইতকৈ উচ্চতাৰ সফলতাৰ বিন্দু বুলি অভিহিত কৰে৷
সুকলমে অনুষ্ঠিত হ’ল অধিৱেশন, উখল-মাখল কোক্ৰাঝাৰ
অৱশেষত স্বাধীন ভাৰতৰ ইতিহাসৰ বুকুত সাক্ষী হৈ ৰ’ল বড়োভূমি৷ কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিবেশন অনুষ্ঠিত কৰি এক যুগান্তকাৰী কাম কৰিলে ৰাজ্য চৰকাৰে৷ উল্লেখযোগ্য যে অসম বিধানসভাৰ বাজেট অধিবেশনক লৈ দিছপুৰ দিছপুৰ হৈ পৰা বিটিচি সচিবালয় প্ৰাংগনত আজি পুৱা উখল-মাখল পৰিবেশ বিৰাজ কৰে৷ আজি ১১ বজাত গুৱাহাটীৰ পৰা বাছেৰে আহি উপস্থিত হয়৷ তাৰ পিছত তেওঁলোকক বড়ো জনগোষ্ঠীয় সংস্কৃতি পৰিচয় বহন কৰা আৰ’নাইৰে বিটিচি পৰিষদীয় চৰকাৰে আদৰণি জনায়৷ তাৰ লগে লগে বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য, বিহুনৃত্য, ঝুমুৰ নৃত্য, ৰাজবংশী নৃত্য, নেপালী নৃত্যকে ধৰি বিভিন্ন জনগোষ্ঠীয় নৃত্য গীতৰ মাজেৰে তেওঁলোকক উষ্ম আদৰণি জনোৱা হয়৷ ইফালে ঠিক ১২ বজাৰ লগে লগে বিধানসভাৰ কাৰ্যকাল আৰম্ভ কৰা হয় যদিও ইয়াৰ পূৰ্বে বড়োলেণ্ড প্ৰাদেশীয় বিধানসভাৰ সন্মুখত ৰাষ্ট্ৰীয় পতাকাৰ তলত ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যক গাৰ্ড অফ অনাৰ আগবঢ়ায় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বিটিচি বিধানসভাৰ অধ্যক্ষ কাতিৰাম বড়োই৷ ইয়াৰ পিছতেই ৰাষ্ট্ৰীয় সংগীতেৰে অসম বিধানসভাৰ বাজেট অধিবেশন, ২০২৫ খনৰ শুভাৰম্ভ কৰা হয় ইতিমধ্যে ১২৬ জন বিধায়ক বহিব পৰাকৈ সুসজ্জিত কৰি তোলা বিটিচি বিধানসভাত৷ ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিবেশনখন তেওঁৰ ভাষণৰ পিছতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ডেৰ ঘণ্টাৰ বাবে সদনৰ বিৰতিৰ ঘোষণা কৰে৷ উল্লেখ্য, ২৮ মিনিট সময় ভাষণ আগবঢ়োৱা ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্যই তেওঁৰ ভাষণত বিটিচিৰ বিষয়ে কোনো কথা উল্লেখ কৰা নাই৷ এই লৈ বিধায়ক অখিল গগৈয়ে বিটিআৰৰ বিষয়ে কি আঁচনি গ্ৰহণ কৰা হৈছে সেয়া ব্যাখ্যা কৰিবলৈ চিঞৰ বাখৰ কৰে যদিও অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে তেওঁক বহি থাকিবলৈ বাধ্য কৰায়৷ কিন্তু বিধায়ক গগৈয়ে ৰাজ্যপালৰ ভাষণৰ অন্তিম সময়তো বিটিআৰৰ বিষয় উত্থাপন কৰি সহস্ৰাধিকৰ ত্যাগৰ কি হ’ব, বিটিআৰ৷ চুক্তিৰ দফা কেতিয়া ৰূপায়ণ কৰা হ’ব বুলি অকলে চিঞৰি পৰিৱেশ উত্তপ্ত কৰে যদিও ৰাজ্যপালে তেখেতৰ ভাষণ সামৰে৷ আনহাতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধায়কজনক বহুৱায় আৰু সদন ডেৰঘণ্টাৰ বাবে বিৰতি ঘোষণা কৰে৷ ডেৰ ঘণ্টাৰ বিৰতিৰ মাজতে বিধায়কসকলে এক ফটোচেছন অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ পিছত সদনৰ কাৰ্য ক্ৰমনিকা পুনৰ আৰম্ভ কৰা হয়৷ দ্বিতীয় পৰ্যায়ৰ কাৰ্যক্ৰমনিকা আৰম্ভ কৰিয়েই প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙ, ৰতন টাটাৰ লগতে মৃত্যু বৰণ কৰা বিভিন্ন বিশিষ্ট ব্যক্তি সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এক মিনিট মৌন প্ৰাৰ্থনা জনায়৷ দ্বিতীয় পৰ্যায়ৰ বাজেট অধিবেশনত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ উদ্যোগ শিতানত ‘অসমৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলসমূহৰ আৰ্থ সামাজিক আৰু সামগ্ৰিক উন্নয়ন’ শীৰ্ষক বিষয়ে আলোচনা কৰা হয়৷ উক্ত আলোচনাত বিপিএফ দলৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে বিটিচি লৈ পোনপটীয়াকৈ ধন মোকোলাই দিয়া, বিটিচিক ইকন’মিক জোন হিচাপে গঢ়ি তোলা, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য আৰু উপ-মুখ্য কাৰ্যবাহী সদস্যক কেবিনেটৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে ফকিৰাগ্ৰাম মহাবিদ্যালয়ত বিজ্ঞান শাখা আৰম্ভ কৰাৰ দাবী উত্থাপন কৰে৷ আনহাতে বিধায়ক অখিল গগৈয়ে বিটিআৰ চুক্তিৰ দফা সমূহ পূৰণ কৰিবলৈ দৃঢ় আহ৩ান জনায়৷ তেওঁ লগতে বিধায়ক গগৈয়ে বিধানসভাৰ মজিয়া উত্তাল কৰি তোলা কাৰ্যক তীব্ৰ সমালোচনা কৰি কয় যে অখিল গগৈৰ বক্তব্যৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়ক গগৈৰ বক্তব্যৰ পৰাই কাইলৈৰ পৰা বড়ো ভূমিত পুনৰ আন্দোলনৰ সৃষ্টি হ’ব পাৰে, আমি ইয়াত প্ৰতীকী ৰূপ লৈহে ইয়ালৈ আহিছোঁ৷ গতিকে বিতৰ্ক আনিব নালাগে অখিল গগৈক দিছপুৰত দীঘলীয়া ভাষণ আগবঢ়াবলৈ আহ৩ান জনায়৷ মুখ্যমন্ত্ৰী শৰ্মাই বড়োভূমিত এতিয়া কেৱল শান্তি স্থাপন হোৱা নাই ইয়াত উন্নয়নৰ গতি ত্বৰান্বিত হৈছে৷ তেওঁ ইয়াৰ বাবে বহুতো কষ্ট কৰিবলগীয়া হৈছে বুলি মন্তব্য কৰি আমাৰ মূল লক্ষ্য বিটিআৰক উন্নয়নৰ প্ৰতীকী আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হিচাপে গঢ়ি তোলা৷ এইক্ষেত্ৰত এই বিধানসভাৰ বাজেট অধিবেশন খনে এক বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি তেওঁ দাবী কৰে৷






