ক্ৰিকেটত ৰাজনীতি
খেলক ৰাজনীতিৰ পৰা আঁতৰাই ৰখাৰ পক্ষত বহুতেই যুক্তি দৰ্শায়৷ কিন্তু এয়া সম্ভৱ হৈছেনে? যদি এছিয়া মহাদেশৰ সবাতোকৈ জনপ্ৰিয় খেল ক্ৰিকেটৰ প্ৰসংগ উত্থাপন কৰা হয়, তেন্তে বাৰম্বাৰ ৰাজনীতি ক্ৰিকেটৰ সৈতে জড়িত হৈ পৰা দেখা যায়৷ এছিয়াৰ ক্ৰিকেটৰ দুই বৃহৎ শক্তি ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলক লৈ দুয়োখন দেশৰ ক্ৰিকেটপ্ৰেমীৰ উন্মাদনা তাৰেই প্ৰমাণ৷ বুধবাৰৰ পৰা আৰম্ভ হ’বলগীয়া চেম্পিয়নছ ট্ৰফীক কেন্দ্ৰ কৰি দীৰ্ঘদিন ধৰি চলি থকা অনি(য়তাৰ বিষয়ে দুনাই কোৱাৰ প্ৰয়োজন নাই৷ ভাৰত আৰু পাকিস্তানৰ প্ৰতিদ্বন্দ্বিতাত যি উন্মাদনদেখা যায়, সি ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজৰ এছেজ শৃংখলাকো চেৰ পেলাই যায়৷ শেহতীয়াভাৱে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্ভাব্য প্ৰতিদ্বন্দ্বিতাক লৈও চলিছে ব্যাপক চৰ্চা৷ কাৰণ একেটাই– বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি৷ দেওবাৰে দুই চিৰন্তন প্ৰতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তানৰ মাজত হ’বলগীয়া খেলখনৰ পূৰ্বে বৃহস্পতিবাৰে প্ৰতিদ্বন্দ্বিতা হ’ব ভাৰত আৰু বাংলাদেশৰ মাজত৷ এই খেলখনক লৈও ক্ৰিকেটপ্ৰেমীৰ মাজত উন্মাদনা কোনোগুণে কম নহয়৷ বিশ্বকাপৰ পাছতে ক্ৰিকেট বিশ্বৰ সৰ্ববৃহৎ প্ৰতিযোগিতাখন হৈছে চেম্পিয়নছ ট্ৰফী, য’ত এদিনীয়া ৰেংকিঙৰ শীৰ্ষৰ আঠখন দেশে প্ৰতিদ্বন্দ্বিতা কৰে৷ বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে আঠ বছৰৰ পাছত টুৰ্নামেণ্টখন পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে৷ প্ৰথমে চেম্পিয়নছ ট্ৰফীত খেলিবলৈ ভাৰতীয় দল পাকিস্তানলৈ যোৱা-নোযোৱাক লৈ সৃষ্টি হৈছিল অনিশ্চয়তাৰ৷ পাছত ভাৰতৰ দাবী মানি লৈ দলটোৰ খেলকেইখন ডুবাইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়৷ কিন্তু তাৰ পাছতো বিতৰ্কৰ অন্ত পৰা নাছিল৷ টুৰ্নামেণ্টখনত ব্যৱহাৰ কৰিবলগীয়া জাৰ্ছীত ‘পাকিস্তান’ শব্দটো লিখা থকাক লৈ আপত্তি দৰ্শাইছিল ভাৰতে৷ পাছত অৱশ্যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ হস্তক্ষেপত সেই বিতৰ্ক শাম কাটিছিল৷
কিন্তু টুৰ্নামেণ্টখনলৈ দুটা দিন থকা অৱস্থাত আন এক বিতৰ্কই তোলপাৰ লগাইছে৷ পাকিস্তানৰ তিনিখন চহৰ লাহোৰ, কৰাচী আৰু ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফীৰ খেল৷ লাহোৰ আৰু কৰাচীৰ ষ্টেডিয়ামৰ দুখন ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ পাছতে তাক লৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ড ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে৷ দৰাচলতে লাহোৰ আৰু কৰাচীৰ ষ্টেডিয়ামত লগোৱা হৈছিল টুৰ্নামেণ্টখনত ভাগ ল’বলগীয়া দেশকেইখনৰ ৰাষ্ট্ৰীয় পতাকা৷ কিন্তু আশ্চৰ্যজনকভাৱে তাত নাছিল ভাৰতৰ পতাকা৷ এই বিষয়টো সন্দৰ্ভত পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ যুক্তি আছিল যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ নিয়ম অনুসৰি এখন খেলৰ সময়ত ষ্টেডিয়ামত উদ্যোক্তা পাকিস্তান ক্ৰিকেট ব’ৰ্ড, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিল আৰু প্ৰতিদ্বন্দ্বী দেশ দুখনৰ পতাকা থাকিব লাগে৷ কিন্তু ছ’চিয়েল মিডিয়াত যি ভিডিঅ’ ভাইৰেল হৈ পৰিছিল, তাৰ সৈতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মন্তব্যৰ মিল নাই৷ ভিডিঅ’ত দেখা গৈছিল ভাৰতক বাদ দি আন সাতখন দেশৰেই পতাকা৷ প্ৰকৃত নিয়ম হৈছে যি স্থানতেই খেল অনুষ্ঠিত হয়, তাত অংশগ্ৰহণকাৰী আটাইকেইখন দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ পতাকা থাকিব লাগে৷ ভাৰতত অনুষ্ঠিত ২০২৩ চনৰ ৫০ অভাৰৰ বিশ্বকাপৰ সময়তো খেল অনুষ্ঠিত আটাইকেইখন ষ্টেডিয়ামতে দেখা গৈছিল অংশগ্ৰহণকাৰী আটাইকেইখন দেশৰ ৰাষ্ট্ৰীয় পতাকা৷ কিন্তু ভাৰতে পাকিস্তানত নেখেলাৰ বাবে ষ্টেডিয়ামত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা নথকাৰ কোনো যুক্তি থাকিব নোৱাৰে৷ ক্ৰিকেট আৰু ৰাজনীতিৰ এই বিতৰ্ক হয়তো অনাগত দিনত চলিয়েই থাকিব৷ কিন্তু ক্ৰিকেটপ্ৰেমীয়ে বিচাৰে উপভোগ্য খেল চাবলৈ৷ আৰু এনেধৰণৰ টুৰ্নামেণ্ট বুলিয়েই সদায় দেখা যায় ভাৰত আৰু পাকিস্তানৰ মাজৰ প্ৰতিদ্বন্দ্বিতাক লৈ সীমাহীন উত্তেজনা৷ এইবাৰো তাৰ ব্যতিক্ৰম নহ’ব৷ ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীৰ পাছত ভাৰতৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত পাকিস্তানৰ ৰেকৰ্ড যদিও নিৰাশাজনক, চেম্পিয়নছ ট্ৰফীত অৱশ্যে পাকিস্তানৰ পক্ষত ফলাফল ৩ঃ২৷ ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত পাকিস্তানৰ হাতত পৰাস্ত হৈছিল ভাৰত৷ এইবাৰ ৰোহিত শৰ্মাৰ দলটোৱে সেই পৰাজয়ৰ পোতক তুলিব পাৰিবনে? ৰোহিত শৰ্মাৰ লগতে বিৰাট কোহলিৰ কেৰিয়াৰৰ অন্তিমখন আই চি চি টুৰ্নামেণ্ট হ’ব পাৰে এইবাৰৰ চেম্পিয়নছ ট্ৰফী৷ সেয়েহে এই দুজন তাৰকা ক্ৰিকেটাৰৰ প্ৰদৰ্শনৰ ওপৰতো দৃষ্টি থাকিব ক্ৰিকেটপ্ৰেমীৰ৷






