Logo
image

প্ৰচাৰ আৰু অপপ্ৰচাৰৰ ৰাজনীতি

সাংসদ গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰীৰ বাক-বিতণ্ডাই জোকাৰিছে ৰাজ্যৰ ৰাজনীতি৷ গৌৰৱ গগৈৰ বিতৰ্ক সন্দৰ্ভত অসম কেবিনেটত গ্ৰহণ কৰা সিদ্বান্ত অনুসৰি এই প্ৰসংগত গোচৰ ৰুজু কৰিবলৈ কেবিনেটে অনুমোদন জনোৱাৰ কথা কোৱা হৈছে৷ যিহেতু বিষয়টো সন্দৰ্ভত অনুসন্ধান হয়তো হ’ব, সেয়ে এই বিষয়টো প্ৰচাৰ নে অপপ্ৰচাৰ সেয়া কোৱাটো সমীচীন নহ’ব৷ দেশৰ নিৰাপত্তাৰ স্বাৰ্থতো বিষয়টো গুৰুত্বপূৰ্ণ, সেয়ে অনুসন্ধানৰ পাছতহে কথাবোৰ আলোচনালৈ অনাটো ভাল হ’ব৷ অৱশ্যে, ব্যক্তিগত আক্ৰমণ অত্যন্ত দৃষ্টিকটু হৈছে৷ জয়ৰাম ৰমেশৰ মতে, ‘এয়া চৰিত্ৰ হননৰ আটাইতকৈ বেয়া স্বৰূপ’৷ সাধাৰণতে অপপ্ৰচাৰে এজন ব্যক্তিৰ ভাবমূৰ্তি ম্লান কৰিব পাৰে আৰু ৰাজনীতিৰ ইতিহাসত এনে উদাহৰণ অলেখ পোৱা যায়৷ ৰাজনৈতিক অপপ্ৰচাৰত মিথ্যা তথ্য, ব্যক্তিগত আক্ৰমণ আৰু প্ৰচাৰৰ দ্বাৰা প্ৰতিদ্বন্দ্বীক অপদস্থ কৰা হয়৷ তলত কিছুমান উল্লেখযোগ্য উদাহৰণ উল্লেখ কৰা হৈছেঃ (ক) জন আডামছ বনাম থমাছ জেফাৰ্ছন (১৮০০) অপপ্ৰচাৰঃ আডামছৰ সমৰ্থকে কৈছিল যে জেফাৰ্ছন এজন নাস্তিক আৰু ফ্ৰান্স বিপ্লৱৰ দৰে আমেৰিকাতো এতিয়া ৰক্তপাত হ’ব৷ প্ৰত্যুত্তৰত জেফাৰ্ছনৰ সমৰ্থকে আডামছক এজন ৰাজতন্ত্ৰৰ সমৰ্থক বুলি অভিহিত কৰিছিল৷ (খ) আব্ৰাহাম লিংকনক ‘গৰিলা’ বুলি অভিহিত কৰা (১৮৬০) অপপ্ৰচাৰঃ লিংকনক মূৰ্খ আৰু অ-সংস্কৃত বুলি আখ্যা দিয়া হৈছিল৷ লিংকনে যদিও জয়লাভ কৰে, তথাপি তেওঁৰ বিৰুদ্ধে কাৰ্টুন আৰু অপবাদ চলি আছিল৷ (গ) জৰ্জ এইচ ডব্লিউ বুশ্বৰ নিৰ্বাচনী দলটোৱে মাইকেল ডুকাকিছৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছিল কয়দী ৱিলি হৰটনৰ প্ৰসংগ টানি আনি, যি এজন ক’লাবৰণৰ অপৰাধী আছিল আৰু হত্যাকাণ্ড সংঘটিত কৰিছিল জে’লৰ পৰা ওলায়েই৷ এই কেম্পেইনৰ পাছত বৰ্ণ-বৈষম্য জড়িত বিভাজন বাঢ়িছিল আৰু মাইকেলৰ জনপ্ৰিয়তা হ্ৰাস পাইছিল আৰু বুশ্বে জয়লাভ কৰিছিল৷ (ঘ) ‘Pizzagate’ ষড়যন্ত্ৰৰ (২০১৬) অপপ্ৰচাৰঃ হিলাৰী ক্লিণ্টনৰ বিৰুদ্ধে এটা মিথ্যা ষড়যন্ত্ৰ সৃষ্টি কৰা হৈছিল যে তেওঁ পিজ্জাৰ দোকানৰ আঁৰত শিশুৰ ব্যৱসায় চলাই আছিল৷ যদিও অপপ্ৰচাৰ সম্পূৰ্ণভাৱে মিথ্যা আছিল, তথাপি ই ক্লিণ্টনৰ বিৰুদ্ধে এক নেতিবাচক বাতাৱৰণ তৈয়াৰ কৰিবলৈ যথেষ্ট আছিল৷


গৌৰৱ গগৈৰ প্ৰসংগটো যিহেতু এতিয়াও অনুসন্ধানৰত, সেয়ে সেই প্ৰসংগ এই আলোচনালৈ অনা হোৱা নাই, তথাপি ৰাজনৈতিক অপপ্ৰচাৰৰ কু-প্ৰভাৱ সম্পৰ্কে আমি জনা উচিত৷ অপপ্ৰচাৰে ব্যক্তিগত জীৱন, সমাজ আৰু গণতন্ত্ৰত গভীৰ প্ৰভাৱ পেলায়৷ অপপ্ৰচাৰে মানুহৰ মানসিক স্বাস্থ্যও ক্ষতিগ্ৰস্ত কৰে, ৰাজনৈতিক আস্থা কমাই দিয়ে আৰু সমাজত বিভাজন সৃষ্টি কৰে৷ সচেতনতাৰ জড়িয়তে অপপ্ৰচাৰৰ বিৰুদ্ধে জনমত গঢ়ি তোলাৰ প্ৰয়োজন থাকে৷ এতিয়া অসমৰ ৰাজনীতিতো বিভাজন আৰু বেছি বাঢ়িছেহে৷ উন্নয়নমূলক কামকাজত দিবলগীয়া মনোযোগ হয়তো ব্যক্তিগত বাক-বিতণ্ডাত খৰচ হৈছে৷ অপপ্ৰচাৰৰ অভিযানৰ প্ৰসাৰে সমাজৰ মেৰুকৰণত অৰিহণা যোগায়৷ ভুল তথ্য বিয়পি পৰাৰ লগে লগে ব্যক্তিয়ে ইক’-চেম্বাৰলৈ সোমাই যোৱাৰ সম্ভাৱনা বাঢ়ি যায়, য’ত বিৰোধী আৰু সমৰ্থকৰ মাজত শক্ৰুতা বাঢ়ি আহে৷ এই বিভাজনে গঠনমূলক আলোচনাত বাধাৰ সৃষ্টি কৰে আৰু সমাজত বিভাজন আৰু বেছি তীব্ৰতৰ কৰে৷ ৰাজনৈতিক আৰু সামাজিক বিভাজনক আৰু অধিক শিপাই তোলা ৰাজনৈতিক কথা-বতৰাবোৰ শত্ৰুতাপূৰ্ণ হৈ পৰিছে আৰু ই কাৰোবাক সাময়িক মানসিক সুখ দিলেও সভ্য সমাজৰ বাবে ই সম্ভাৱনাৰ সলনি দুৰ্ভাবনাহে কঢ়িয়াই আনে৷ ব্যক্তিগত ক্ষতিৰ বাহিৰেও অপপ্ৰচাৰে ৰাজনৈতিক ব্যৱস্থা আৰু সংবাদ মাধ্যমৰ প্ৰতি জনগণৰ আস্থা কমাই আনে৷ যেতিয়া জনসাধাৰণে বাৰে বাৰে নেতিবাচক আৰু প্ৰায়ে বিভ্ৰান্তিকৰ তথ্যৰ সন্মুখীন হয়, তেতিয়া ই ৰাজনৈতিক ব্যক্তি আৰু প্ৰতিষ্ঠানৰ প্ৰতি সন্দেহৰ ভাব পোষণ কৰিবলৈ ধৰে৷ এই অনাস্থাৰ পৰিৱেশৰ ফলত ৰাজনৈতিক অংশগ্ৰহণ কমি যোৱাটো অস্বাভাৱিক নহয়৷ ৰাজনৈতিক কাজিয়া, বাক-বিতণ্ডা, ব্যক্তিগত আক্ৰমণে জনগণৰ মাজত ক্ষোভ, হতাশা আৰু বিতৃষ্ণা বঢ়াই তোলে, যাৰ ফলত ৰাজনীতিবিদৰ প্ৰতি অনাস্থা বৃদ্ধি পায় আৰু গণতন্ত্ৰৰ প্ৰতিও আস্থা হ্ৰাস পায়৷ সেয়ে গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থতো ৰাজনৈতিক নেতাসকলে ৰাজহুৱা বাক-বিতণ্ডা, (অপ)প্ৰচাৰৰ পৰা আঁতৰি থকা উচিত৷