Logo
image

ভেকচিন লোৱাৰ পাছতো ক’ৰনাত আক্ৰান্ত আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি

আমাৰ অসম, ৮ এপ্ৰিলঃ ভেকচিনৰ দুয়োটা ড’জ লোৱাৰ পিছতো ক’ৰনাত আক্ৰান্ত হৈছে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি এলবাৰ্ট ফাৰ্ণাণ্ডেজ৷ ৰাষ্ট্ৰপতিজনে নিজেই এই কথা ৰাজহুৱা কৰিছে৷ তেওঁ নিজৰ টুইটাৰ হেণ্ডেলত উল্লেখ কৰা মতে কৰ’না ভাইৰাচৰ দুয়োটা ড’জ লোৱাৰ পাছতো জ্বৰ আৰু মূৰৰ বিষত আক্ৰান্ত হয় তেওঁ৷ এনে অৱস্থাত স্বাস্থ্য পৰীক্ষা কৰাত তেওঁৰ  দেহত ক’ৰনাৰ অৱস্থিতি ধৰা পৰে৷ সম্প্ৰতি আইছলেচনত আছে ৰাষ্ট্ৰপতিজন৷ উল্লেখ্য যে ৰাষ্ট্ৰপতি ফাৰ্ণাণ্ডেজে ৰাছিয়াই প্ৰস্তুত কৰা স্পুটনিক-প্ত ভেকচিন গ্ৰহণ কৰিছিল৷ যোৱা ১১ ফেব্ৰুৱাৰীত তেওঁ ভেকচিনৰ দ্বিতীয়টো ড’জ লয়৷ ইয়াৰ পাছতো ৰাষ্ট্ৰপতিজন ক’ৰনাত আক্ৰান্ত হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷