মোদীৰ আমেৰিকা ভ্ৰমণ
ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে আমেৰিকা ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে৷ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈ ট্ৰাম্পে ‘আমেৰিকা প্ৰথম’ নীতি সন্দৰ্ভত যি আগ্ৰাসী মনোভাব পোষণ কৰিছে, সেই লৈ সমগ্ৰ বিশ্বৰ লগতে ভাৰতো ত্ৰস্তমান হৈ আছে৷ ভাৰতীয় শ্বেয়াৰ বজাৰত যি খহনীয়া হৈছে আৰু ডলাৰৰ তুলনাত টকা যিদৰে দুৰ্বল হৈ পৰিছে, সিয়েই ভাৰতীয় অৰ্থনীতিত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নীতিৰ প্ৰভাৱ বহন কৰিছে৷ তদুপৰি হাতকেৰেয়া লগাই আৰু ভৰিত শিকলিৰে বান্ধি দলে দলে অনুপ্ৰৱেশকাৰীক ভাৰতলৈ প্ৰেৰণ কৰি ড’নাল্ড ট্ৰাম্পে ইতিমধ্যে এটা কথা প্ৰমাণ কৰি দিলে যে দেশতকৈ বন্ধুত্ব ডাঙৰ নহয়৷ তদুপৰি ভাৰতীয় প্ৰধানমন্ত্ৰীজনে আমেৰিকাত পদাৰ্পণ কৰাৰ ঠিক আগমুহূৰ্তত আৰু দুয়োজন ৰাষ্ট˜নেতাৰ যুটীয়া সংবাদ মেলত শু{¨ সম্বন্ধীয় প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ যিদৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিজনে একপ্ৰকাৰ ভাবুকি প্ৰদান কৰিলে, তাৰ পৰা এটা কথা অনুমান হয় যে অনাগত দিনত ভাৰতৰ পথ সুচল নহ’ব৷
ট্ৰাম্পৰ এনে আগ্ৰাসী নীতিৰ ফলত বিশ্বজুৰি বাণিজ্যিক যুদ্ধৰ সূচনাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে৷ চীনে ইতিমধ্যে ট্ৰাম্পৰ শুক্ল বৃদ্ধিৰ প্ৰত্যুত্তৰত নিজেও শুক্ল বৃদ্ধিৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰিছে৷ যদিহে ট্ৰাম্পে এইক্ষেত্ৰত অধিক আগুৱাই যায়, তেনেহ’লে ইয়াৰ দ্বাৰা জাপান, ইউৰোপীয় দেশসমূহ আৰু ভাৰতত নিশ্চিতভাৱে বিৰূপ প্ৰভাৱ পৰিব৷
তদুপৰি, এইবাৰ ট্ৰাম্প প্ৰশাসনে তেওঁলোকৰ এফ-৩৫ যুদ্ধ বিমান ক্ৰয় কৰিবৰ বাবে ভাৰতৰ ওপৰত একপ্ৰকাৰ হেঁচা প্ৰয়োগ কৰিছে৷ ইতিপূৰ্বে আমেৰিকাই তেওঁলোকৰ যুদ্ধ বিমান এফ-১৬ ভাৰতক বিক্ৰী কৰিব বিচাৰিছিল যদিও ভাৰতে সেইবাৰ এফ-১৬১ বিপৰীতে ফ্ৰান্সৰ পৰা ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ কিন্তু ভাৰতে এই সন্দৰ্ভত কি সিদ্ধান্ত গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব৷
দুয়োজন ৰাষ্ট্ৰনেতাৰ দ্বিপাক্ষিক বৈঠকৰ অন্তত জাৰি কৰা যুটীয়া বিবৃতিৰ পৰা উমান পাব পাৰি যে, বিশ্বৰ দুয়োখন শক্তিধৰ ৰাষ্ট্ৰই সন্মিলিতভাৱে আগুৱাই যাবলৈ ইচ্ছুক৷ প্ৰকাশ পোৱা তথ্য অনুসৰি, দুয়োখন দেশেই ‘মিছন ৫০০’ৰ যোগেদি ২০৩০১ ভিতৰত দুয়োখন দেশৰ বাণিজ্য ৫০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্ৰহণৰ সমান্তৰালভাৱে মুক্ত বাণিজ্য চুক্তি সম্পাদনৰ ক্ষেত্ৰতো প্ৰাথমিক আলোচনা অনুষ্ঠিত কৰিবলৈও উভয় দেশ সন্মত হৈছে৷ তদুপৰি দুয়োখন দেশেই COMPACT (Catalyzing Ohportunities for Military Partnership, Accelerated Commerce & Technology for the 21st Century) শীৰ্ষক নতুন নীতিৰ অধীনত বহুকেইটা গুৰুত্বপূৰ্ণ খণ্ডৰ ক্ষেত্ৰত সহযোগিতাৰে আগবাঢ়িবলৈ সন্মত হৈছে৷ একদৰে, ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ এজন গুৰুত্বপূৰ্ণ মাষ্টাৰমাইণ্ড তাহাউৰ ৰাণাক বিচাৰৰ বাবে ভাৰতলৈ প্ৰত্যৰ্পণ কৰিবলৈ সক্ষম হোৱাটো প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা ভ্ৰমণৰ এটা উল্লেখনীয় সফলতা বুলি উল্লেখ কৰিব লাগিব৷
প্ৰধানমন্ত্ৰী মোদীৰ এই আমেৰিকা ভ্ৰমণৰ ইতিবাচক আৰু নেতিবাচক বাৰ্তাসমূহ ভাৰতে অতি সূক্ষ্মভাৱে পৰ্যালোচনা কৰা প্ৰয়োজন৷ যদিও ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকা আৰু ভাৰতৰ মাজৰ কৌশলগত অংশীদাৰিত্ব বৰ্তাই ৰখাৰ সপক্ষে মত পোষণ কৰিছে, তথাপি দুয়োখন দেশৰ মাজৰ অৰ্থনৈতিক, বাণিজ্যিক, প্ৰব্ৰজন সম্বন্ধীয় ইছ্য়ুবোৰেই ভৱিষ্যৎ দিনৰ সু-সম্পৰ্কৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব৷ এই ইছ্য়ুবোৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা ভ্ৰমণে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মনত বিশেষ ৰেখাপাত কৰিছে বুলি এতিয়াই ভবাৰ কোনো থল নাই৷ গতিকে, যিহেতু ভাৰতে আমেৰিকাৰ নতুন প্ৰশাসনৰ লগত সহযোগিতাৰে আগবাঢ়িব লাগিব, তেনেস্থলত যাতে জাতীয় স্বাৰ্থত কোনো আঘাত নপৰে বা ভাৰতৰ আন্তৰ্জাতিক সম্প্ৰদায়ৰ মাজত থকা শক্তিশালী স্থিতি দুৰ্বল হৈ নপৰে, সেই ক্ষেত্ৰত সদায় সচেষ্ট হৈ থাকিব লাগিব৷






