উক্তি-বক্ৰোক্তি
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ জানুৱাৰীত দ্বাৰকাত হোৱা নিৰ্বাচনী সভাত বিজেপি ক্ষমতালৈ আহিলে দিল্লীৰ মহিলাসকলক মাহে ২,৫০০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু প্ৰথম কেবিনেটত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই সেই সিদ্ধান্ত নলৈ দিল্লীৰ মহিলাসকলক প্ৰবঞ্চনা কৰিছে৷
– দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশী
আমি কিছুদিন ধৰি এটা বৃহৎ চক্ৰক নিৰীক্ষণ কৰি আছিলোঁ৷ চক্ৰটোৱে মেডিকেল, ইঞ্জিনীয়াৰিঙৰ প্ৰৱেশ পৰীক্ষা আৰু চিবিএছই পৰীক্ষাৰ আগত শিক্ষাৰ্থীসকলক চেণ্টাৰ সলনি কৰি কিছু নিৰ্দিষ্ট স্কুললৈ লৈ যায়৷ এনে কৰাৰ আঁৰত তেওঁলোকৰ এক অনৈতিক ব্যৱস্থা লুকাই আছে৷ শিক্ষা ব্যৱস্থাত এনে অপকৰ্ম ৰুধিবলৈ আমি দায়বদ্ধ৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
আজি মই ভূপালৰ পৰা দিল্লীলৈ আহিছিলোঁ৷ মই এয়াৰ ইণ্ডিয়াৰ এআই ৪৩৬ বিমানৰ টিকট বুক কৰিছিলোঁ৷ মোক জ্জ্ব চিৰ যিখন আসন দিয়া হ’ল তাত বহিবলৈ গৈ দেখিলোঁ, আসনখন ভগা আৰু লৰক-ফৰক হৈ থকা৷ সেই ভগা আসনখনতে বহি মই দিল্লীলৈ আহিবলগীয়া হ’ল৷ এয়া এয়াৰ ইণ্ডিয়াৰ প্ৰবঞ্চনা৷
– কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান
অসমৰ নেতৃত্ব যেতিয়া অপৰাধ কৰা ব্যক্তিয়ে লয়, তেতিয়া অপৰাধীবোৰৰ সাহস বৃদ্ধি হয়৷ ১২টা মাহৰ পাছত যেতিয়া চৰকাৰ সলনি হ’ব তেতিয়া হিমন্ত বিশ্ব শৰ্মা বিৰোধীৰ আসনত বহিব৷ তেতিয়া বিৰোধী আৰু নেতা-মন্ত্ৰী সকলোকে অধিক নিৰাপত্তা প্ৰদান কৰা হ’ব৷
– যোৰহাটৰ সাংসদ গৌৰৱ গগৈ
ভাৰত-পাকিস্তানৰ যিকোনো ক্ৰিকেট মেচৰ বিষয়ে অধিক চৰ্চা হয়, উন্মাদনা বেছি হয়৷ সেইটো স্বাভাৱিক কথা৷ প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে ভাৰত-পাকিস্তানৰ মেচকলৈ উন্মাদনা হোৱাটো অৰ্থহীন বুলি কৈছে৷ মই কিন্তু তেনেকৈ নাভাবোঁ৷ এই দুই দেশৰ ক্ৰিকেট মেচ সদায়েই চৰ্চা বিষয়, ইতিহাসে তাকেই কয়৷
– টীম ইণ্ডিয়া ক্ৰিকেটাৰ শুভমন গীল
অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলী উচ্ছতৰ মাধ্যমিক পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিল৷ ২০০১ চনত বি বৰুৱা কলেজৰ চাকৰিৰ সাক্ষাৎকাৰৰ সময়ত পি এইচ ডি সম্পূৰ্ণ হোৱা নাছিল৷
– বিধায়ক বিশ্বজিৎ ফুকন






