এনেবোৰ ফলে যৌৱন ধৰি ৰখাত সহায় কৰে
আমাৰ অসম বিশেষঃ প্ৰকৃতিৰ নিয়মানুসৰি মানুহৰ বয়স বাঢ়ে৷ লাহে লাহে বয়সৰ চাপ পৰে শৰীৰত৷ কিন্তু মানুহে সকলো সময়তেই তৰুণ হৈ থাকিবলৈ বিচাৰে৷ জীৱনটোক তৰুণ কৰি ৰখাটো জানো সম্ভৱ? যৌৱনক মানৱ জীৱনৰ সোণালী সময় বুলি কোৱা হয়৷ এই সোণালী সময়ক উপভোগ কৰিবলৈ হ’লে মানি চলিব লাগিব কিছু পৰামৰ্শ৷ অলপ চেষ্টা কৰিলেই শৰীৰক ৰাখিব পাৰিব অনিন্দ্য সুন্দৰ আৰু আকৰ্ষণীয় ৰূপত৷ ইয়াৰোপৰি, নিয়মিত ব্যায়াম, মেডিটেশ্বনৰ সমান্তৰালকৈ খাদ্যাভ্যাস যদি সঠিককৈ ৰাখে তেনেহ’লে আপোনাৰ বয়স বাঢ়িলেও সুন্দৰকৈ থাকিব পাৰিব৷ ইয়াৰ বাবে খাদ্যৰ তালিকাত ৰাখক তলত উল্লেখ কৰা চাৰিবিধ খাদ্য–
দৈঃ নিয়মিত দৈ খাওক৷ দৈত থকা বেক্টেৰিয়া শৰীৰৰ বাবে খুব উপকাৰী৷ দৈয়ে বয়সজনিত কাৰণত হোৱা ৰোগ প্ৰতিৰোধ কৰে৷
কমলাঃ কমলা খোৱাটো শৰীৰৰ বাবে অত্যন্ত উপকাৰী৷ কাৰণ কমলাত ভিটামিন ‘চি’ থাকে৷ কমলাই ছাল সতেজ কৰি ৰাখে৷
অলিভ অইলঃ অলিভ অইলে ৰোগৰ পৰা যিমানদূৰ সম্ভৱ সিমান শৰীৰক মুক্ত কৰি ৰাখে৷ ছালক দিয়ে অন্য এক উজ্জ্বলতা৷ যিয়ে আপোনাৰ বয়স বাৰুকৈয়ে কমাই দিয়ে৷
ষ্ট্ৰ’বেৰীঃ ষ্ট্ৰ’বেৰীয়ে হওক বা ব্লেকবেৰীয়ে হওক দুয়োবিধেই শৰীৰৰ বাবে অত্যন্ত দৰকাৰী৷ বিশেষকৈ কলা জামু শৰীৰৰ বাবে বিশেষ উপকাৰী৷ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ থাকে৷ এই জাতীয় ফলে ছালক সদায় সতেজ কৰি ৰাখে৷