
কোহলিৰ শতকেৰে টীম ইণ্ডিয়াৰ পাক-বধ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ ফেব্ৰুৱাৰীঃ আঠ বছৰৰ পূৰ্বে ইংলেণ্ডৰ মাটিত ভাৰতক হৰুৱাই চেম্পিয়ন হৈছিল পাকিস্তান৷ তাৰ পাছত যেন প্ৰত্যুত্তৰ দিবলৈ ৰৈ আছিল ভাৰত৷ আজি সেই সুযোগৰ সৎ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত তিলমানো কৃপনালি নকৰিলে ৰোহিতবাহিনীয়ে৷ ২০১৭ বৰ্ষৰ সেই মেচৰ উচিত প্ৰত্যুত্তৰ দিলে ভাৰতে৷ দেওবাৰে ডুবাইত ৰোহিতবাহিনীৰ হাতত কাৰ্যতঃ বধ হ’ল পাকিস্তান৷ চেম্পিয়ন ট্ৰফীত দেওবাৰৰ মেচখন আছিল পাকিস্তানৰ বাবে এক প্ৰকাৰ বাজিমাৎ৷ কিন্তু উক্ত মেচত অনায়াসে হৰুৱাই পাকিস্তানক চেম্পিয়ন ট্ৰফীৰ পৰা প্ৰায় আঁতৰ কৰি পেলালে ভাৰতে৷ ছয় উইকেটত ভাৰতে পৰাস্ত কৰে পাকিস্তানক৷ প্ৰথমে বেট ধৰি ২৪১ ৰান কৰিছিল পাকিস্তানে৷ বিৰাট কোহলিৰ শতকেৰে ৪৫টা বল থকাৰ সময়তে ৬ উইকেটত পাকিস্তানক পৰাস্ত কৰে ভাৰতে৷ এদিনীয়া ক্ৰিকেট মেচখনত ৫১ সংখ্যক চেঞ্চুৰী কৰে কোহলিয়ে৷ পাকিস্তানৰ বিৰুদ্ধে ১১১টা বলত কোহলিৰ শতকে থানবান কৰি দিয়ে পাকিস্তানক৷
ভাৰতৰ সন্মুখত লক্ষ্য আছিল ২৪২ ৰানৰ৷ ভাৰতে ৪২.৩ অভাৰত চাৰিটা উইকেট হেৰুৱাই ২৪৪ ৰান কৰি লক্ষ্য অতিক্ৰম কৰে৷ কোহলিৰ শতকৰ লগতে অৰ্ধশতক অৰ্জন কৰে শ্ৰেয়স আয়াৰে (৫৬)৷ শুভমন গীলে কৰে ৪৬ ৰান৷ ৰোহিত শৰ্মা আউট হয় ২০ ৰানত৷ কুলদীপে আজি পাকিস্তানৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন কৰে৷ খেলখনত কুলদীপে তিনিটা উইকেট লাভ কৰে৷ খেল আৰম্ভ হোৱাৰ পূৰ্বে অগণিত ভাৰতীয়ৰ মনত জাগি উঠে দেশপ্ৰেম৷ একে পৰিৱেশ হয় পাকিস্তানৰ ক্ৰিকেট অনুৰাগীৰ মাজতো৷ ক্ৰিকেট যুদ্ধত প্ৰতিপক্ষক ধৰাশায়ী কৰাৰ স্ব›Ÿত বিভোৰ হৈ পৰে দুই দেশৰ নাগৰিক৷ এনে এখন মেচত ভাৰতৰ সহজ জয়ক লৈ উচাহৰ বন্যা বয় ভাৰতৰ অগণিত ক্ৰিকেট অনুৰাগীৰ মাজত৷