এডভাণ্টেজ আছামৰ পৰা আমি কি আশা কৰোঁ
গুৱাহাটীত মঙলবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে ‘এডভাণ্টেজ আছাম’ শীৰ্ষক সদ্যসমাপ্ত বিশ্ব বিনিয়োগ সন্মিলনৰ দ্বিতীয় সংস্কৰণ৷ এই সন্মিলনখনৰ বাবেই নতুন ৰূপত সজাই তোলা হৈছে গুৱাহাটীক৷ বিগত দিনকেইটাত গুৱাহাটীক এনেভাবে সজাই তোলা হৈছে যে প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ অহা লোকে হয়তো চহৰখন দেশৰ ভিতৰতে অন্যতম পৰিষ্কাৰ আৰু সুন্দৰ চহৰ বুলি ধাৰণা কৰি ল’ব৷ চৰকাৰৰ এনে পদক্ষেপত নিশ্চয় কাৰো আপত্তি নাথাকিব৷ গুৱাহাটীখন সুন্দৰ আৰু পৰিষ্কাৰ হৈ থকাটো বাৰু কোনে নিবিচাৰে? কিন্তু প্ৰশ্নটো হৈছে যে কেৱল কোনো এক বিশেষ অনুষ্ঠান আয়োজনৰ সময়তহে কিয় চহৰখন পৰিষ্কাৰ কৰি ৰখাৰ কথা চিন্তা কৰা হয়? সদায়েই চহৰখন পৰিষ্কাৰ কৰি ৰখাৰ উদ্যোগ ল’ব পৰা নাযায়নে? এতিয়া অহা যাওক বিশ্ব বিনিয়োগ সন্মিলনৰ কথালৈ৷ ২০১৮ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল প্ৰথমখন বিশ্ব বিনিয়োগ সন্মিলন (এডভাণ্টেজ আছাম-১)৷ সেইখন সন্মিলনতো কেইবাখনো দেশৰ প্ৰতিনিধিয়ে ভাগ লৈছিল৷ অসম চৰকাৰৰ ফালৰ পৰা দাবী কৰা হৈছিল যে বিশ্ব বিনিয়োগ সন্মিলনৰ প্ৰথম সংস্কৰণত বহু দেশৰ সৈতে বুজাবুজি চুক্তি সম্পাদন কৰা হৈছিল আৰু সেই অনুসৰি সেই দেশকেইখনে অসমত ধন বিনিয়োগ কৰিব৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত সেয়া বাস্তৱত পৰিণত হোৱা দেখা নগ’ল৷ এইবাৰো বিশ্ব বিনিয়োগ সন্মিলনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাখনো দেশ ভ্ৰমণ কৰি অসমত বিনিয়োগ কৰাৰ বাবে আমন্ত্ৰণ জনাইছিল৷ এইবাৰ বিশ্বৰ প্ৰায় ৬০খন দেশৰ প্ৰতিনিধি আহি গুৱাহাটীত উপস্থিত হৈছে৷ তেওঁলোকৰ উপৰি ভাৰতৰো বহুকেইজন আগশাৰীৰ শিল্পপতিয়ে সন্মিলনখনত ভাগ লৈছে৷ এইবাৰো বিদেশী প্ৰতিনিধিসকলৰ সৈতে বিভিন্ন ক্ষেত্ৰত বহুকেইখন বুজাবুজিৰ চুক্তি সম্পাদন হ’ব বুলি অসম চৰকাৰে জনাইছে৷ অসমত যদি সঁচাকৈয়ে বিনিযোগ কৰিবলৈ বিদেশী ৰাষ্ট্ৰবোৰ আগ্ৰহী হয়, সেয়া নিঃসন্দেহে ৰাজ্যখনৰ বাবে হ’ব উৎসাহৰ বিষয়৷ উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ হোৱাৰ বাবে গুৱাহাটীৰ এক বিশেষ গুৰুত্ব আছে৷ তদুপৰি গুৱাহাটী দেশৰ দ্ৰুত উন্নয়ন হোৱা চহৰবোৰৰ অন্যতম হিচাপে পৰিচিত৷ সেয়েহে দ্বিতীয়বাৰৰ বাবে বিশ্ব বিনিয়োগ সন্মিলন গুৱাহাটীত অনুষ্ঠিত হোৱা বিষয়টোক বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচনা কৰা হৈছে৷ এনে এখন সন্মিলনৰ পৰা গুৱাহাটীৰ লগতে অসম কেনেদৰে লাভৱান হয় সেয়া পৰৱৰ্তী সময়ত জানিব পৰা হ’ব৷ শিল্পপতিসকলক বিনিয়োগৰ উপযুক্ত পৰিৱেশ সৃষ্টি কৰিব পাৰিলে অসমতো উদ্যোগ-বাণিজ্য ক্ষেত্ৰখনত বিনিয়োগৰ সম্ভাৱনাৰ দুৱাৰখন মুকলি হ’ব বুলি আশা কৰা হৈছে৷
অসমবাসীয়ে বিচাৰে ৰাজ্যখনে দেশৰ ভিতৰত লেখত ল’বলগীয়া ৰাজ্য হিচাপে পৰিচিত হওক৷ যদি বিশ্ব বিনিয়োগ সন্মিলনে অসমৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগবোৰলৈ অহা দুঃসময় অন্ত পেলাব পাৰে, তেন্তে সেয়া হ’ব সন্মিলনখনৰ ইতিবাচক দিশ৷ অসমত ইতিমধ্যে লাখৰ ওপৰত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বিভিন্ন কাৰণত মৃত্যুমুখত পৰিছে৷ যদি এই উদ্যোগবোৰ পুনৰ উৎপাদনক্ষম কৰি তুলিব পৰা যায়, তেন্তে তাৰ দ্বাৰা ৰাজ্যখনৰ নিবনুৱা সমস্যা সমাধানত যথেষ্ট সহায়ক হ’ব৷ এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ আৰম্ভ হোৱাৰ পূৰ্বে বিদেশৰ পৰা অহা প্ৰতিনিধিসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ সুবিধা কৰি দিয়া হৈছে৷ কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰণালয়ৰ তথ্য অনুসৰি শেহতীয়াভাৱে কাজিৰঙালৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে৷ অসমৰ পৰ্যটন উদ্যোগৰ বাবে এয়া নিঃসন্দেহে উৎসাহৰ বিষয়৷ পৰ্যটনৰ লগতে অসমৰ চাহ উদ্যোগৰ উন্নয়নত বিশ্ব বিনিয়োগ সন্মিলনে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব পাৰে৷ অসমৰ চাহৰ কেৱল ভাৰততে নহয়, বিদেশতো সুনাম আছে যদিও ৰাজ্যখনৰ চাহ শিল্প শেহতীয়াভাৱে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এইক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰিবলগীয়া বহুখিনি আছে৷ চাহৰ লগতে অসমৰ পৰ্যটন উদ্যোগক আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো অসমত প্ৰচুৰ সম্ভাৱনা আছে৷ তাৰ বাবে অৱশ্যে ৰাজ্যখনৰ [কাজিৰঙাৰ বাহিৰে] আন পৰ্যটনস্থলবোৰৰ আন্তঃগাঁথনি উন্নত হ’ব লাগিব৷ তাৰ ফলত সেই অঞ্চলবোৰৰ নিবনুৱা যুৱক-যুৱতীয়ে সংস্থাপনৰ পথ উলিয়াই ল’ব পাৰিব৷ এটা কথা ক’ব লাগিব যে যদি অসমত ধন বিনিয়োগ কৰিবলৈ বিদেশী ৰাষ্ট˜ সঁচাকৈয়ে আগ্ৰহী, তেন্তে সেই সুযোগ চৰকাৰে হেৰুৱাব নালাগে৷ বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ বাবে নতুন ধৰণে চিন্তা-চৰ্চা চলোৱা উচিত৷ তেতিয়াহে বিশ্ব বিনিয়োগ সন্মিলন সফল হোৱা বুলি ক’ব পৰা যাব৷






