Logo
image

শুৱালকুছিত ৰাজ্যৰ সৈতে ৰিলায়েঞ্চৰ বৃহৎ বস্ত্ৰ প্ৰকল্প

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু বংশৰৰ প্ৰতিবেদক, ২৬ ফেব্ৰুৱাৰীঃ  ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানিয়ে শুৱালকুছিৰ বস্ত্ৰ উদ্যোগত বিনিয়োগ কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে৷ এডভাণ্টেজ আছাম-২.০১ উদ্বোধনী অনুষ্ঠানত আম্বানিয়ে এই কথা সদৰী কৰি কয় যে ৰিলায়েন্স ফাউণ্ডেশ্বনে অসমৰ বাঁহশিল্পৰ লগতে শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ সৈতে কাম কৰাৰ আগ্ৰহী৷ ৰাজ্য চৰকাৰৰ সহযোগিতাত ৰিলায়েন্সে কাম কৰিব৷ স্বদেশ ষ্টলৰ জৰিয়তে শুৱালকুছিৰ সামগ্ৰী প্ৰম’ট কৰা হ’ব৷ কিন্তু মুকেশ আম্বানিৰ এই ঘোষণাক লৈ শুৱালকুছিত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া৷ ইতিমধ্যে শুৱালকুছিৰ শিল্পটোত ব্যৱহাৰ হোৱা কেঁচা মালৰ সামগ্ৰীৰ দাম উচ্চ হোৱাৰ লগতে নকল বস্ত্ৰকে ধৰি বিভিন্ন সমস্যাৰে উদ্যোগটো ভাৰাক্ৰান্ত হৈ আছে৷ ইতিমধ্যে উদ্যোগটো মৃতপ্ৰায় হৈ পৰিছে ইয়াৰ মাজতে ৰাজ্যৰ অন্য প্ৰান্তত বস্ত্ৰ উৎপাদন কৰি শুৱালকুছিৰ নামত ব্ৰেণ্ড কৰাৰ অভিযোগ উঠিছে৷ দুষ্ট চক্ৰটোৱে শুৱালকুছিলৈ যাতে কেঁচা মাল আহিব নোৱাৰে ইয়াৰ বাবে মুগা সূতাৰ বজাৰখন দখল কৰি ছিণ্ডিকেট চলোৱাৰো অভিযোগ উঠিছে৷ ইয়াৰ ফলত পূৰ্বৰ ১৭,০০০টকীয়া মুগা সূতাৰ দাম কেজিত ৪০ হাজাৰ টকা পৰ্যন্ত হৈছেগৈ৷ পৰিণতিত শুৱালকুছিত থলুৱা পাট-মুগাৰ উৎপাদকসকলৰ ইমান দামত সূতা ক্ৰয় কৰি বস্ত্ৰ প্ৰস্তুত কৰি বিক্ৰী কৰাটো কষ্টসাধ্য হৈ পৰিছে৷ এনে প্ৰেক্ষাপটত ৰাজ্য চৰকাৰৰ সহযোগত ৰিলায়েন্সে শুৱালকুছিৰ পাত-মুগাৰ শিল্পত সোমাব বুলি কৰা ঘোষণাই বস্ত্ৰ উদ্যোগটোৰ সৈতে জড়িতসকলৰ মাজত পুনৰ সন্দেহৰ সৃষ্টি কৰিছে৷ সেয়েহে বস্ত্ৰ শিল্পত বিনিয়োগ কৰা কথাই শুৱালকুছি শিপিনী তথা দল সংগঠনৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ৰিংকু দাসে অৱশ্যে ঘোষণা আদৰণি জনাই কয় যে,  উন্নয়নৰ বাবে বিনিয়োগ লাগিবই৷ অসমৰ উন্নয়নৰ বাবে বিনিয়োগ হবই লাগিব৷ কিন্তু ইতিমধ্যে অস্ফিত্বৰ সংকটত ভোগা শুৱালকুছি ঐতিহ্য বস্ত্ৰ শিল্পক ৰিলায়েন্সৰ বিনিয়োগে কেনেদৰে উদ্ধাৰ কৰিব বুলি মন্তব্য কৰাৰ লগতে তেওঁ কয় যে বিগত সময়ত শুৱালকুছিৰ শিল্পটোত ব্যৱহাৰ হোৱা কেঁচা সামগ্ৰীৰ উচ্চ দাম, নকল বস্ত্ৰকে ধৰি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে৷ তাৰ মাজতে আহিছে শুৱালকুছিৰ শিল্পটোত ৰিলায়েন্সৰ বিনিয়োগৰ খবৰ৷ কিন্তু এই শিল্পটোৰ ওপৰত বিনিয়োগৰ নামত যেন বেহা নহওক, শিপিনী সকলৰ অস্তিত্ব বিনিয়োগৰ নামত যেন বিনাশ নহয় তাৰ বাবে চোকা দৃষ্টি ৰাখিবলৈ শুৱালকুছিবাসী আৰু চৰকাৰক আহ্বান জনাই ছাত্ৰ নেতা গৰাকীয়ে ৷ আনহাতে, শুৱালকুছিৰ একাংশ সচেতন শিপিনীও, ৰিলায়েন্সে বিনিয়োগৰ ক্ষেত্ৰত আদৰণি জনাই যদিও কিছু কিছু ক্ষেত্ৰত শংকিত হোৱা বুলিও মন্তব্য কৰে৷ 


শুৱালকুছিত ১৯ দেশৰ প্ৰতিনিধি

‘আমাৰ অসম’ৰ বংশৰৰ প্ৰতিবেদকঃ  অসমৰ চৰকাৰ উদ্যোগত গুৱাহাটীত আৰম্ভ হোৱা এডভাণ্টেজ আসাম ২.০ উপলক্ষে বিভিন্ন দেশৰ প্ৰতিনিধি সকল অসমত উপস্থিত হৈছে৷ ইয়াৰে ১৯খন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে আজি দিনৰ ১১ বজাত শুৱালকুছি ইনষ্টিটিউটত অফ ফেশ্বন টেকন’লজি চমুকৈ ‘ছিফট’ প্ৰতিষ্ঠানত উপস্থিত হৈ শুৱালকুছিৰ পাট মুগাৰ শিল্প পৰিদৰ্শন কৰি বিদেশী ৰাষ্ট্ৰক প্ৰতিনিধি সকলে অভিভুতত হৈ পৰে৷ ইয়াৰে কেইবা গৰাকী প্ৰতিনিধিয়ে বস্ত্ৰ শিল্প পৰিদৰ্শন কৰাই নহয় শুৱালকুছিৰ ঐতিহ্য বস্ত্ৰ শিল্পৰ তাঁতশালত শিপিনী ৰূপত তাঁতশাল বহি শিপিনীৰ লগত মতবিনিময় কৰি বিমল আনন্দ প্ৰকাশ কৰে৷ ইয়াৰ পিছতে শুৱালকুছি ফেশ্বন টেকন’লজিৰ অস্থায়ী বস্ত্ৰ বিপণিৰ পৰা প্ৰতিনিধি দলটোৱে ক্ৰয় কৰে পাট-মুগাৰ আৰু এড়ি কাপোৰ৷  বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি সকলে শুৱালকুছিৰ শিপিনীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা কাপোৰ সমূহ দেখি আশ্চৰ্য প্ৰকাশ কৰে৷ প্ৰতিনিধি দলটোৰ কেইবা গৰাকী সদস্যই নাৰিকলৰে থলুৱা ভাৱে তৈয়াৰী এটি হাত লেম্ব আৰু কাঠেৰে নিৰ্মিত কামাখ্যা মন্দিৰ প্ৰতীকপটো ক্ৰয় কৰে৷ ইয়াৰ আগেয়ে ১৯ ৰাষ্ট্ৰৰ প্ৰতিধিনি সদস্যৰ দলটোক বিহুৰ নৃত্য, গামোচাৰে আদৰণি জনোৱা হয়৷ লগতে প্ৰতিনিধি দলটোক অসম গ্ৰামীন জীৱিকা অভিযানৰ তৰফৰ পৰা আগবঢ়োৱা অসমীয়া থলুৱা জলপান কোমল চাউল, চিৰা, আঠা লগা দৈ , গুৰ,  কলপাতত দিয়া পিঠা, তিলৰ লাড়ু, নাৰিকলৰ লাৰু, তিলপিঠা, নাৰিকল পিঠা, চুজিৰ লাড়ু, মিঠাই আদিৰে আপ্যায়ন কৰা হয় প্ৰতিনিধি দলটোক ৷ দলটোৱে থলুৱা বগৰীৰ সোৱাদ লোৱাৰ লগতে বিহু নৃত্যত নাচি আনন্দ প্ৰকাশ কৰে৷ আনহাতে,  বিদেশী প্ৰতিনিধি সদস্যৰ সন্মুখত শুৱালকুছি আৰু ইয়াৰ বস্ত্ৰ শিল্পৰ বিষয়ে এটি চমু আভাস দিয়ে ‘‘চিফট’’ৰ অধ্যক্ষা নিৰাঞ্জলী কাকতিয়ে৷ কামৰূপ জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত আয়ুক্ত কমল বৰুৱা, হাজো চক্ৰ বিষয়া আফ্ৰিন হুছেইন,  শুৱালকুছি খণ্ড উন্নয়ন বিষয়া মিনাক্ষী মহন্ত, বস্ত্ৰ শিল্প বিভাগৰ হেণ্ডলুম বিষয়া বিপুল দাস প্ৰমুখ্যে কেইবা গৰাকী বিষয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷