এডভাণ্টেজ আছাম ২.০ৰ সফলতা
২১ আৰু ২২ ফেব্ৰুৱাৰীত এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ সফলতাৰে অনুষ্ঠিত হৈ যায়৷ অত্যন্ত জাকজমকতাৰে অনুষ্ঠিত এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি যথেষ্ঠসংখ্যক কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীকে ধৰি দেশ-বিদেশৰ বহুতো প্ৰখ্যাত উদ্যোগপতি আৰু প্ৰায় ৬০খন দেশৰ প্ৰতিনিধি উপস্থিত থাকে৷ অসমৰ ঔদ্যোগিক খণ্ডৰ ইতিহাসৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে পৰিগণিত এই বাণিজ্যিক সন্মিলনৰ জড়িয়তে অসমে প্ৰায় ৫ লাখ কোটিৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিছে৷ ৰিলায়েঞ্চ গ্ৰুপ, আদানি গ্ৰুপ, বেদান্ত গ্ৰুপে চুক্তিপত্ৰৰ জড়িয়তে অসমৰ বিভিন্ন ক্ষেত্ৰত ৫০ হাজাৰ কোটি টকাকৈ বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ উপৰি দেশৰ আন বহুকেইটা শীৰ্ষ বাণিজ্যিক প্ৰতিষ্ঠানে বহু হাজাৰ কোটি টকা ৰাজ্যখনত বিনিয়োগ কৰাৰ তথ্য প্ৰকাশ পাইছে৷ এয়া নিশ্চিতভাৱে অসমৰ দৰে ৰাজ্য এখনৰ বাবে আশাব্যঞ্জক বতৰা৷ কোনো সন্দেহ নাই যে, প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ অসম বিনিয়োগকাৰীৰ বাবে এখন পছন্দৰ বিনিয়োগৰ থলী হ’ব পাৰে৷ আইন-শৃংখলা পূৰ্বতকৈ যথেষ্ঠ উন্নত হোৱাৰ ফলত এনে বিনিয়োগকাৰীসকলে অসমত নিজৰ বাণিজ্যিক কাম-কাজ আগবঢ়াই নিয়াতো কোনো সমস্যা নাই৷
যদিহে এডভাণ্টেজ আছামত লাভ কৰা এনে বৃহৎ পৰিমাণৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি অসম চৰকাৰে সফলতাৰে কাৰ্যকৰী কৰিবলৈ সক্ষম হয়, তেনেহ’লে অসমৰ উদ্যোগ খণ্ডত আমূল পৰিৱৰ্তনৰ সূচনা কৰি ৰাজ্যখনৰ অৰ্থনীতি যথেষ্ঠ শক্তিশালী কৰি তুলিব৷ তদুপৰি ব্যাপক নিবনুৱা সমস্যাৰে জৰ্জৰ ৰাজ্যখনৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ কৰ্মসংস্থাপনৰো বাট মুকলি হ’ব৷ ইয়াৰ পূৰ্বেও অসমত ২০১৮ চনত প্ৰথমবাৰৰ বাবে এনে বাণিজ্যিক সন্মিলন অনুষ্ঠিত হৈছিল, য’ত তেতিয়াও চৰকাৰৰ ফালৰ পৰা বৃহৎ বিনিয়োগ অসমলৈ অহাৰ সম্ভাৱনাৰ বিষয়ে প্ৰকাশ কৰিছিল৷ কিন্তু পৰিৱৰ্তী সময়ত এনে সম্ভাৱনাৰ সবল আৰু সফল কাৰ্যকৰীকৰণ দেখিবলৈ পোৱা নাছিলোঁ৷ ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ লগত চৰকাৰে কেৱল চুক্তিপত্ৰত স্বাক্ষৰ কৰিলেই সকলো আপোনা-আপুনি হৈ নুঠে৷ চৰকাৰে এতিয়া সেই চুক্তিপত্ৰসমূহ কাৰ্যকৰীকৰণত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগিব৷ কিয়নো ব্যক্তিগত প্ৰতিষ্ঠানসমূহে য’তেই অধিক মুনাফা দেখিব, তাতেই তেওঁলোকে অধিক বিনিয়োগ কৰিব৷ গতিকে অসম চৰকাৰে এই চুক্তিসমূহ কাৰ্যকৰী কৰিবলৈ যাওঁতে বিনিয়োগ অনুকূল নীতি প্ৰস্তুত কৰিব লাগিব, যাতে বিনিয়োগকাৰীসকলে প্ৰকৃতাৰ্থত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহে৷ কিন্তু বিনিয়োগ অনুকূল পৰিৱেশ সৃষ্টি কৰিবলৈ যাওঁতে ৰাজ্যখনৰ স্বাৰ্থ যাতে বিঘ্নিত নহয়, ৰাজ্যখনৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ-বাণিজ্যৰ প্ৰতিষ্ঠানসমূহৰ ভৱিষ্যতৰ প্ৰতি যাতে ভাবুকি আহি নপৰে, আৰু বিভিন্ন ষ্টাৰ্টআপৰ জড়িয়তে নতুনকৈ বাণিজ্যৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিব বিচৰা উদ্যমী যুৱক-যুৱতীসকল যাতে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈ নাযায়, তাৰ প্ৰতি চৰকাৰে চকু ৰাখিব লাগিব আৰু কৌশলগতভাৱে তেওঁলোকক সমৃদ্ধ কৰি তোলাৰ প্ৰয়াস কৰিব লাগিব৷ এই দুয়োটা বিষয়ৰ ওপৰত ভিত্তি কৰিয়েই এই বিনিয়োগ সন্মিলনৰ দীৰ্ঘম্যাদী সফলতা নিৰ্ভৰ কৰিব৷
তদুপৰি, বৰ্তমানৰ যি গোলকীয় অৰ্থনৈতিক পৰিৱেশ, সেয়াও বিনিয়োগকাৰীৰ বাবে অনুকূল নহয়৷ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কেঁকোৰা চেপাত আমেৰিকালৈ সামগ্ৰী ৰপ্তানি কৰা প্ৰতিষ্ঠানসমূহে ত্ৰাহি-মধুসূদন সুঁৱৰিছে৷ এনে অৱস্থাত সঁচাকৈয়ে এডভাণ্টেজ আছামৰ সন্মিলিনত চুক্তি স্বাক্ষৰিত প্ৰতিষ্ঠানসমূহে তাৎক্ষণিকভাৱেই নিজৰ বিনিয়োগ আৰম্ভ কৰিবলৈ আগবাঢ়ি আহিবনে? সেয়া নিশ্চয় এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন৷ তদুপৰি, দেশৰ যি অৰ্থনৈতিক পৰিৱেশ, যিদৰে দেশৰ সৰ্ববৃহৎ উপভোক্তা শ্ৰেণী হিচাপে পৰিচিত মধ্যবিত্ত শ্ৰেণীটোৰ ক্ৰয় ক্ষমতা ক্ৰমাগতভাৱে হ্ৰাস পাবলৈ ধৰিছে, যিদৰে দেশৰ এক বৃহৎসংখ্যক লোক হিতাধিকাৰী আঁচনিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰি থাকিব লগা হৈছে, তেনে ক্ষেত্ৰত উদ্যোগ-প্ৰতিষ্ঠানসমূহ কিমানদূৰ বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিব, সেয়া সময়েহে ক’ব৷ কিয়নো কেৱল মুনাফা লাভৰ চিন্তাতে মত্ত এনে ব্যক্তিগত প্ৰতিষ্ঠানসমূহে বিনিয়োগৰ পূৰ্বে নিশ্চয়কৈ এনে বিষয়সমূহ পৰ্যালোচনা কৰিহে আগবাঢ়িব৷ কিন্তু এটা কথা মানিব লাগিব যে, এডভাণ্টেজ আছাম ২.০ নিৰাশাৰ মাজত আশাৰ ৰেঙণি, পশ্চাদমুখিতাৰ বিপৰীতে অগ্ৰগামিতাৰ পদক্ষেপ৷ হয়তো বিনিয়োগ আশা কৰা মতে নহ’ব পাৰে, হয়তো বিনিয়োগৰ কাৰ্যকৰীকৰণ ভবাতকৈ পলম হ’ব পাৰে, কিন্তু বিকশিত অসমৰ এটা শক্তিশালী আৰম্ভণি হোৱা বুলি ক’ব পাৰি৷ এনে পদক্ষেপে ৰাজ্যখনৰ যুৱক-যুৱতীৰ মানসিকতাৰ পৰিৱৰ্তন সাধন কৰিব, তেওঁলোকক অধিক প্ৰতিযোগিতামুখী কৰি তুলিব, যাতে বিশ্বৰ বাণিজ্যৰ পৰিৱেশতন্ত্ৰত নিজকে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাব পাৰে৷ সেই দিশৰ পৰা এডভাণ্টেজ আছাম সফল হোৱা বুলি ক’ব পাৰি৷ কিয়নো এনে পদক্ষেপৰ ভিতৰতেই শক্তিশালী অসমৰ ভৱিষ্যৎ নিহিত আছে৷






