Logo
image

আপ বিধায়কক বিধানসভাত সোমাবলৈ দিয়া নাই বিজেপিয়ে

নতুন দিল্লী, ২৭ ফেব্ৰুৱাৰীঃ   বিধানসভাৰ পৰা বহিষ্কৃত হোৱাৰ পাছত বৃহস্পতিবাৰে দিল্লী বিধানসভা অধিৱেশনত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল বিৰোধী দলীয় নেত্ৰী তথা আম আদমি পাৰ্টীৰ বিধায়কসকলক৷ ইয়াৰ পাছতে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী নেত্ৰী আতিশীয়ে আম আদমি পাৰ্টীৰ বিধায়ক তথা অন্যান্য নেতাসকলৰ সৈতে প্ৰতিবাদী কাৰ্যসূচীত বহে৷ এই সময়ছোৱাত তেওঁলোকক হাতে হাতে ‘জয় ভীম’ বুলি উল্লেখ কৰা পোষ্টাৰ লৈ বিক্ষোভ প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়৷ উল্লেখ্য যে বৃহস্পতিবাৰে পুৱা বিৰোধী দলনেত্ৰী তথা আপৰ বিধায়িকা আতিশীসহ ‘আপ’ৰ অন্যান্য বিধায়কসকলক বিধানসভা চৌহদত উপস্থিত হোৱাৰ পাছতে কৰ্তব্যৰত অৱস্থাত থকা নিৰাপত্তাৰক্ষীসকলৰ বাধাৰ সন্মুখীন হয়৷ সেই সময়ত আতিশীসহ ‘আপ’ৰ বিধায়কসকলক নিৰাপত্তা বাহিনীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হোৱা দেখা যায়৷ এই সময়ছোৱাত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী নেত্ৰী আতিশীয়ে জানিবলৈ বিচাৰে যে তেওঁলোকক কিয় বিধানসভাত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰা হৈছে৷


ইয়াৰ উত্তৰত নিৰাপত্তাৰক্ষীৰ তৰফৰ পৰা জনোৱা হয় যে বিধান সভাৰ অধ্যক্ষৰ নিৰ্দেশ অনুসৰিয়েই তেওঁলোকক বিধানসভাত প্ৰৱেশত বাধা প্ৰদান কৰা হৈছে৷ ইয়াৰ পাছতে আতিশীয়ে এই সন্দৰ্ভত অধ্যক্ষই দিয়া নিৰ্দেশনাৰ প্ৰতিলিপি দেখুৱাবলৈ কয় যদিও নিৰাপত্তাৰক্ষীসকলে তেওঁলোকক আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰে৷ ফলত সেই সময়ত বিধানসভা চৌহদত উত্তেজনাই বিৰাজ কৰে৷ ইয়াৰ পাছতে আতিশীসহ আম আদমি পাৰ্টীৰ বিধায়ক তথা অন্যান্য নেতাসকলে বিধানসভা চৌহদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি চৰকাৰ তথা গেৰুৱা দলটোৰ ‘স্বেচ্ছাচাৰিতা’ৰ প্ৰতিবাদত বিক্ষোভ প্ৰদৰ্শন কৰা দেখা যায়৷ স্মৰ্তব্য যে দিল্লী বিধানসভাৰ আজি আছিল অধিৱেশনৰ তৃতীয়টো দিন৷ এই অধিৱেশনত আম আদমি পাৰ্টীৰ একমাত্ৰ বিধায়ক আমানতুল্লাহকহে উপস্থিত থকা দেখিবলৈ পোৱা যায়৷ কিয়নো মঙলবাৰে লেফটেনেণ্ট গবৰ্ণৰৰ বক্তব্যত আম আদমি পাৰ্টীৰ বিধায়কসকলে বাধা প্ৰদান কৰা সময়ত বিধায়ক আমানতুল্লাহক উপস্থিত নাছিল৷ যাৰ বাবে সদনৰ পৰা নিলম্বিত হোৱাৰ পৰা তেওঁ ৰেহাই পাই আছিল৷ উক্ত দিনা আতিশীসহ আম আদমি পাৰ্টীৰ বাকী কেইজন বিধায়কে লেফটেনেণ্ট গবৰ্ণৰৰ বক্তব্য প্ৰদানত বাধা প্ৰদান কৰাৰ বাবেই অধ্যক্ষই তিনিদিনৰ বাবে তেওঁলোকক নিলম্বন কৰা বুলি ঘোষণা কৰে৷ যাৰ পৰিপ্ৰেক্ষিতত আতিশীসহ আপৰ বিধায়ককেইজন বিধানসভাত উপস্থিত থকাৰ পৰা বঞ্চিত হ’বলগাত পৰে৷