Logo
image

বহিঃৰাজ্যৰ পৰা ঘৰলৈ অহা পথত নিখোজ অসমৰ সেনা জোৱান

'আমাৰ অসম'ৰ কামপুৰৰ প্ৰতিবেদকঃ নগাঁও জিলাৰ কঠিয়াতলী আৰক্ষী চকীৰ অন্তৰ্গত নামবৰ লালুং গাঁৱৰ এজন সেনা জোৱান বহিঃৰাজ্যৰ পৰা ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰাৰ পাছৰে পৰা নিখোজ হয়। প্ৰাপ্ত খবৰ অনুসৰি, গাওঁখনৰ অজিত মুদৈ নামৰ CRPF 192 বেটেলিয়ানত কৰ্মৰত জোৱানজনে যোৱা ১৫ ফেব্ৰুৱাৰী তাৰিখে মহাৰাষ্ট্ৰৰ নাগপুৰ ৰে'ল ষ্টেচনৰ পৰা ৰে'লত উঠি ঘৰলৈ বুলি যাত্ৰা কৰে।


পাছত জোৱানজনৰ সৈতে পত্নীৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে আৰু নিৰ্দিষ্ট দিনত তেওঁ গৈ ঘৰত উপস্থিত নোহোৱাত আত্মীয়ৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। জোৱানজন নিখোজ হোৱা সন্দৰ্ভত ইতিমধ্যে কঠিয়াতলী আৰক্ষী চকীত তেওঁৰ পত্নীয়ে অৱগত কৰি অনুসন্ধানৰ ক্ষেত্ৰত সহায় কৰিবলৈ আৰক্ষীক অনুৰোধ জনাইছে। কোনো সদাশয় লোকে নিৰুদ্দিষ্ট ব্যক্তিগৰাকীক প্ৰত্যক্ষ কৰিলে কাষৰ আৰক্ষী চকী নাইবা ৮৮২২৩০১৫৫৮ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ আত্মীয়ই অনুৰোধ জনাইছে।