Logo
image

কাইলৈ উপলদ্ধ হ’ব গুৱাহাটীৰ ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ IPL মেচৰ টিকট

'আমাৰ অসম'ৰ গুৱাহাটীৰ সংবাদঃ গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ক্ৰিকেট ষ্টেডিয়ামত অহা ৩০ মাৰ্চত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ দ্বিতীয়খন আই পি এল মেচৰ টিকট ১ মাৰ্চৰ পৰা আনুষ্ঠানিকভাৱে অনুৰাগীৰ বাবে অনলাইনত মুকলি কৰা হ’ব৷ ৰাজস্থান ৰয়েলছ দলৰ অফিচিয়েল টিকেটিং পাৰ্টনাৰ বুক মাই শ্ব’ত অনুৰাগীয়ে মেচখনৰ টিকট ক্ৰয় কৰিব পাৰিব৷ উল্লেখ্য যে অহা ২৬ মাৰ্চত গুৱাহাটীত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ আই পি এল প্ৰথম মেচখনৰ টিকট ইতিমধ্যে বুক মাই শ্ব’ত মুকলি কৰা হৈছে৷ উভয় মেচৰে অনলাইন টিকট কেৱল বুক মাই শ্ব’ আৰু ৰাজস্থান ৰয়েলছৰ ৱেবছাইটত উপলব্ধ হ’ব৷ অনুৰাগীসকলে ১৬০০ টকাৰ পৰা আৰম্ভ কৰি নিজৰ প্ৰচণ্ড অনুসৰি ৱেবছাইটত টিকট ক্ৰয় কৰিব পাৰিব৷ এক মাৰ্চৰ পুৱা ১০ বজাত ছুপাৰ ৰয়েলছ এলিট সদস্যসকলে প্ৰথমে পৃথক উইণ্ডোত আৰ আৰ বনাম চি এছ কে মেচখনৰ দুটাকৈ টিকট এ চি এ ক্ৰিকেট ষ্টেডিয়ামৰ যিকোনো ষ্টেণ্ডৰে ক্ৰয় কৰাৰ সুযোগ লাভ কৰিব৷ ৩০ মিনিট পাছত অৰ্থাৎ ১০.৩০ বজাত ছুপাৰ ৰয়েলছ অনুৰাগীৰ বাবে টিকট ক্ৰয়ৰ সুযোগ আহিব৷


ইফালে, দুপৰীয়া ১২ বজাৰ লগে লগে সেইসকল ব্যক্তিয়ে টিকট ক্ৰয়ৰ সুযোগ পাব যিসকলে ইতিমধ্যে চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচখনৰ টিকট আগতীয়াকৈ পঞ্জীয়ন কৰি থৈছে৷ আনহাতে, আবেলি ৪ বজাৰ পৰা সকলোৰে বাবে ৩০ মাৰ্চৰ মেচখনৰ টিকট অনলাইনত মুকলি কৰি দিয়া হ’ব৷ ৰাজস্থান ৰয়েলছে আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ঘৰুৱা মেচৰ আৰম্ভণি গুৱাহাটীৰ পৰাই কৰিব৷ আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে অহা ২৬ মাৰ্চত গুৱাহাটীত প্ৰথমখন ঘৰুৱা মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হোৱাৰ বিপৰীতে ৩০ মাৰ্চত ছিজনৰ দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে এ চি এ ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব৷ গুৱাহাটীৰ দুয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷ অৱশ্যে আৰ আৰ দলে ইয়াৰপূৰ্বে হায়দৰাবাদত ছানৰাইজাৰ্ছৰ বিৰুদ্ধে অহা ২৩ মাৰ্চত প্ৰথমখন মেচ খেলি নতুন ছিজনত অভিযান আৰম্ভ কৰিব৷