আশাবাদী-নিৰাশাবাদী-বাস্তৱবাদী এডভাণ্টেজ আছাম ২.০
আশাবাদ আৰু নিৰাশাবাদৰ মাজত বাছি ল’ব লগা হ’লে আশাবাদকেই বাছি ল’বলৈ সৰহসংখ্যকে উপদেশ দিব৷ কিন্তু আশাবাদী বা নিৰাশাবাদী হোৱাতকৈ বাস্তৱবাদী হ’লেহে প্ৰকৃত সমস্যাৰ স’তে মুখামুখি হৈ তাক সমাধান কৰাৰ বাট বিচাৰি উলিওৱাৰ সম্ভাৱনা বেছি৷ আশাবাদীসকল আশাৰ আৱেগৰ ঢৌত উটি যোৱাৰ আৰু নিৰাশাবাদীসকল নিৰাশাৰ অতল গহ্বৰত হেৰাই যোৱাৰ সম্ভাৱনা থাকে, কিন্তু বাস্তৱবাদীসকলহে সহজে ভাগি নপৰে৷ আধা ভৰ্তি আধা খালী গিলাছটোৰ বিখ্যাত উদাহৰণটো সকলোৱে জানে৷ আশাবাদীসকলে আধা ভৰি থকা গিলাছটো দেখে, নিৰাশাবাদীসকলে আধা খালী হৈ থকা গিলাছটো দেখে৷ কিন্তু বাস্তৱত গিলাছটো আধা ভৰি আছে আৰু আধা খালী হৈ আছে৷ ভৱিষ্যতে গিলাছটো সম্পূৰ্ণ ভৰি পৰিব পাৰে, বা সম্পূৰ্ণ খালী হৈ পৰিব পাৰে৷ আমি বৰ্তমানটোত গিলাছটো আৰু অধিক পানীৰে পূৰ্ণ কৰোঁ নে গিলাছটো বগৰাই তাক সম্পূৰ্ণ খালী কৰি পেলাওঁ তাৰ ওপৰত ভৱিষ্যৎ নিৰ্ভৰ কৰিব৷ ভৱিষ্যৎ আমাৰ বৰ্তমান কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব৷ কোনো ঈশ্বৰে, কোনো বিধাতাই, কোনো ভৱিতব্যই ভৱিষ্যতটো নিৰ্ধাৰিত কৰি ৰখা নাই৷ ভৱিষ্যতটো পূৰ্বনিৰ্ধাৰিত নহয়৷ অসমৰ ভৱিষ্যৎ কেনেকুৱা হ’ব সেয়া অসমবাসীৰ সামূহিক কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব৷ আৰু বিশেষকৈ সাধাৰণ মানুহতকৈ ক্ষমতা আৰু সম্পদশালীসকলৰ কৰ্মৰ ওপৰত অধিক পৰিমাণে নিৰ্ভৰ কৰিব৷
ৰাজ্যখনে উলহ-মালহেৰে এডভাণ্টেজ আছাম ২.০ উদ্যাপন কৰিলে৷ এইবাৰ ২,৫০,০০০ কোটি টকাৰ বুজাবুজি চুক্তি হ’ল আৰু ৪,৯১,০০০ কোটি টকাৰ বিনিয়োগ চুক্তি হ’ল বুলি বাতৰি প্ৰকাশ হৈছে৷ ইমানখিনি বিনিয়োগ ৰাজ্যখনৰ বাবে আশাৰ বতৰা৷ আশাবাদীসকলৰ হিয়া উলাহে নধৰা হ’ব পাৰে৷ কিন্তু দেখিলেহে লেখিম বুলি কথা এষাৰ আছে, ই হ’ল বাস্তৱবাদীসকলৰ মনোভাব৷ এই প্ৰসংগতে ২০১৮ চনত অনুষ্ঠিত এডভাণ্টেজ আছাম ১.০ৰ প্ৰাপ্তিৰ বিষয়েও আলোচনা হৈছে৷ এডভাণ্টেজ আছাম ১.০-এ নিজৰ উদ্দেশ্য পূৰণ কৰাত সফলতা লাভ কৰিছিল নেকি সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে৷ এডভাণ্টেজ আছাম ১.০ও অতি জাকজমকতাৰে, আভিজাত্যৰে অনুষ্ঠিত হৈছিল৷ ২০১৮ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত এডভাণ্টেজ অসমতো ১,০০,০০০ কোটি টকাৰ ২০০খন বুজাবুজি চুক্তি স্বাক্ষৰ হৈছিল৷ বিধানসভাত চৰকাৰে দাখিল কৰা তথ্য অনুসৰি, এন আৰ এল, অ’ এন জি চি, আৰু অইলৰ ১৬২১.৬৪ কোটি টকাৰ জ্জটা প্ৰকল্প আৰু ব্যক্তিগত খণ্ডৰ ই পি এল লিমিটেডৰ এটা আজিলৈকে ৩৯.৮৫ কোটি টকাৰ প্ৰকল্প কাৰ্যকৰী হৈছে৷ কিন্তু ব্যক্তিগত খণ্ডত বিনিয়োগ নহ’লেই বুলিব পাৰি আৰু ৰাজহুৱা খণ্ডৰ বিনিয়োগৰ বাবে প্ৰচুৰ টকা খৰচ কৰি বিনিয়োগ উৎসৱ পতাৰ প্ৰয়োজন ক’ত?
অসমত এটা বিনিয়োগৰ উপযোগী পৰিৱেশ গঢ়ি উঠা নাছিল, এতিয়াও উঠা নাই৷ এডভাণ্টেজ আছামৰ দুদিনীয়া উৎসাহ-উদ্দীপনাৰ পাছত প্ৰশাসনকে ধৰি সমগ্ৰ পৰিৱেশটো পুনৰ আধুনিক বিনিয়োগকাৰীৰ বাবে অ-সূচল হৈ পৰিছিল৷ বিনিয়োগকাৰীৰ বাবে মহাৰাষ্ট্ৰ, গুজৰাট বা তামিলনাডু অসমতকৈ অধিক সূচল ঠাই৷ আনকি বিনিয়োগকাৰীৰ বাবে সমগ্ৰ পৃথিৱীখন বিনিয়োগৰ বাবে মুকলি হৈ আছে৷ য’তে লাভ অৰ্জনৰ সম্ভাৱনা অধিক হ’ব, বিনিয়োগকাৰী তালৈকে যাব৷ বিনিয়োগকাৰীৰ বাবে একে ঠাইতে সমস্ত সমস্যা সমাধান কৰি দিয়াৰ বাবে যি ‘ছিংগ্ল উইণ্ড’’ ব্যৱস্থা গঢ়ি তুলি বিনিয়োগকাৰীক প্ৰশাসনৰ ৰঙা ফিটাৰ মেৰপাকৰ পৰা ৰক্ষা কৰি সুকলমে আৰু ক্ষিপ্ৰতাৰে নিজৰ কাম কৰিব পাৰিব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল, তেনে ক্ষিপ্ৰ ছিংগ্ল উইণ্ড’ ব্যৱস্থা প্ৰকৃততে গঢ় লৈ উঠিলনে? বিনিয়োগকাৰীয়ে এতিয়া বিনিয়োগৰ বাবে প্ৰয়োজনীয় অনুমতি লাভ কৰিবলৈ ঘূৰ্মুটিয়াই ফুৰিব নিবিচাৰে৷ বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ বাবে প্ৰয়োজনীয় নীতি প্ৰস্তুত কৰা আৰু সেইবোৰৰ ৰূপায়ণ দুটা সুকীয়া বিষয়৷ গতিতে সভা শেষ হোৱাৰ পাছত সভাস্থলী নিজম পৰাৰ দৰে অসমৰ বিশেষকৈ ব্যক্তিগত খণ্ডৰ বিনিয়োগ দুদিনীয়া উৎসৱৰ শেষত তাপ মাৰিছিল৷ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰেৰে উজিনলৈ যোৱা পথটো নগাঁৱৰ পূবৰ অংশ যোৱা কেইবাদশক ধৰি নিৰ্মীয়মান অৱস্থাত থকাটোৱে অসমক বিনিয়োগৰ বাবে এখন অ-সূচল ঠাইত পৰিণত কৰাত অৰিহণা যোগাই থকা নাইনে? প্ৰয়োজনীয় আন্তঃগাঁথনি, পৰ্যাপ্ত বিজুলী সৰবৰাহ আদিৰ অবিহনে বিনিয়োগৰ বাবে সূচল ব্যৱস্থা গঢ়ি নুঠে৷
ভাৰতত ২০২৪ চনত যোৱা ১২ বছৰৰ ভিতৰত আটাইতকৈ কম বিদেশী বিনিয়োগ হৈছে৷ কেৱল ২০২৫ চনৰ প্ৰথম দুটা মাহতে বিদেশী বিনিয়োগকাৰীয়ে ভাৰতৰ ষ্টক এক্সেঞ্জৰ পৰা ৰ লাখ কোটিতকৈও অধিক মূলধন উলিয়াই নিছে৷ এই ধন প্ৰধানকৈ চীনৰ ষ্ট্ৰক এক্সেঞ্জত বিনিয়োগ হৈছে৷ ভাৰতৰ দেশীয় ব্যক্তিগত খণ্ডৰ বিনিয়োগো হ্ৰাস পাইছে৷ সমগ্ৰ ভাৰততে বিনিয়োগৰ বাতাৱৰণ বৰ এটা উৎসাহজনক নহয়৷ কেন্দ্ৰীয় চৰকাৰৰো ‘কেপেক্স’ অৰ্থাৎ মূলধনী ব্যয় হ্ৰাস পাইছে৷ এনে পৰিস্থিতিত ভাৰতত অসমতকৈ সূচল অনেক ঠাই থকাৰ পাছতো অসমলৈ বিনিয়োগকাৰীক আকৰ্ষণ কৰি অনাটো সহজ নহ’ব৷ এডভাণ্টেজ আছামৰ সময়ত স্বাক্ষৰিত বুজাবুজি চুক্তি অনুসৰি বিনিয়োগ কৰিবলৈ কোনো বিনিয়োগকাৰী আইনগতভাৱে বাধ্য নহয়৷ গতিকে চুক্তি স্বাক্ষৰতকৈ আৰু চুক্তি ৰূপায়ণৰ ওপৰতহে এডভাণ্টেজ আছামৰ সফলতা নিৰ্ভৰ কৰিব৷
মূলতঃ দেশী বা বিদেশী ব্যক্তিগত খণ্ডৰ বিনিয়োগকাৰীকহে এডভাণ্টেজ আছাম পাতি আকৰ্ষণ কৰাৰ দৰকাৰ হয়৷ প্ৰকৃততে লাভৰ সম্ভাৱনা থাকিলে ব্যক্তিগত পুঁজি নিজে নিজে আকৰ্ষিত হয়৷ অসম চৰকাৰ বা ভাৰত চৰকাৰৰ বিনিয়োগ বা ৰাজহুৱা খণ্ডৰ বিনিয়োগকাৰীক ‘আকৰ্ষণ’ কৰাৰ বাবে নিশ্চয় এডভাণ্টেজ আছাম পতাৰ প্ৰয়োজন নাই৷ অনাগত দিনত দেশী বা বিদেশী ব্যক্তিগত খণ্ডৰ কিমান পুঁজি অসমত বিনিয়োগ হয় তাৰ ওপৰতে এডভাণ্টোজ আছাম কিমান সফল হ’ল তাৰ খতিয়ান নিৰ্ভৰ কৰিব৷






