Logo
image

ভুলবশতঃ আনৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ হ’লে কি কৰিব?

আজি-কালি নগদ লেনদেনতকৈ অনলাইন লেনদেনৰ প্ৰচলন সৰ্বাধিক হোৱা পৰিলক্ষিত হৈছে৷ অনলাইন লেনদেনৰ মাধ্যমেৰে বজাৰ-সমাৰ, ফুৰা-চকা, ৰেস্তোৰাঁৰ বিল, বিমানৰ টিকট ক্ৰয়, বিদ্যুৎ বিল, ম’বাইল ৰিচাৰ্জ আদি সকলোবোৰ কৰা হয়৷ ইয়াৰ বাবে ব্যৱহাৰ কৰা হয় ইউ পি আই৷ কিন্তু কেতিয়াবা এই লেনদেন কৰোঁতে আমি ভুলবশতঃ আনৰ একাউণ্টলৈ ধন পঠিয়াই পাওঁ৷ এনেকুৱা হ’লে সেই ধন আৰু কেতিয়াও ওভোতাই নাপাওঁ বা ধনখিনি হেৰুৱালো বুলি আমি এৰি দিওঁ৷ কিন্তু জানি থোৱা ভাল যে ভুলবশতঃ আনৰ একাউণ্টলৈ ধন ট্ৰেন্সফাৰ হ’লেও সেই ধন ওভোতাই পোৱাৰ পথ আছে৷ ইয়াৰ বাবে মাথোঁ কেইটামান উপায় অৱলম্বন কৰিব লাগিব৷ তদুপৰি অনলাইন লেনদেনত ভুলবশতঃ আনৰ একাউণ্টলৈ ধন ট্ৰেন্সফাৰ হ’লে সেয়া ওভোতাই পোৱাৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই দিয়া গাইডলাইন আছে–

(১) আৰ বি আই বা ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গাইডলাইন অনুসৰি ইউ পি আই, ইণ্টাৰনেট বেংকিঙৰ মাধ্যমেৰে যদি ভুলবশতঃ আনৰ একাউণ্টলৈ ধন ট্ৰেন্সফাৰ হয় তেতিয়া অভিযোগ জনালে ৪৮ ঘণ্টাৰ ভিতৰত বেংকে সেই ধন পুনৰ উদ্ধাৰ কৰি আপোনাৰ একাউণ্টলৈ ঘূৰাই দিবলৈ বাধ্য৷

(২) ইয়াৰ বাবে অবিলম্বে টোল ফ্ৰী নম্বৰ ১৮০০১২০১৭৪০ত ফোন কৰি অভিযোগ দাখিল কৰিব লাগিব৷


(৩) কাষ্ট’মাৰ কেয়াৰত ফোন কৰি আপোনাৰ একাউণ্ট নম্বৰ আৰু কোন সময়ত পেমেণ্ট কৰিছিল তাৰ যাৱতীয় তথ্য জনাওক৷

(৪) যদি আপুনি দিয়া তথ্য সঠিক হয়, তেন্তে ৪৮ ঘণ্টাৰ ভিতৰত আপোনাৰ ধন আপোনাৰ একাউণ্টলৈ উভতি আহিব৷

(৫) ইয়াৰ উপৰি আপুনি বেংকৰ সৈতে যোগাযোগ কৰি ইয়াৰ বাবে থকা নিৰ্দিষ্ট প্ৰ-পত্ৰ পূৰণ কৰি বেংকক আপোনাৰ অভিযোগ জনাব পাৰে৷

(৬) লেনদেনৰ তাৰিখ, সময়, ধনৰ পৰিমাণ আদি প্ৰ-পত্ৰত উল্লেখ কৰিব লাগিব৷

(৭) যদি বেংকে কোনো কাৰণ বা কোনো অজুহাত দেখুৱাই আপোনাক সহায় কৰিবলৈ অস্বীকাৰ কৰে, তেন্তে ৰিজাভ বেংক অৱ ইণ্ডিয়াৰ গাইডলাইনত উল্লেখ কৰা নিৰ্দিষ্ট ই-মেইল ঠিকনাত অভিযোগ নামা দাখিল কৰিব পাৰিব৷