গোসাঁইগাঁৱত ২০ সংখ্যক আদিবাসী মহা সভাৰ লাই খুঁটা স্থাপন
'আমাৰ অসম'ৰ গোসাঁইগাঁৱৰ প্ৰতিবেদকঃ গোসাঁইগাঁও মহকুমাৰ মাটিয়াজুৰিত অহা ৩, ৪ আৰু ৫ এপ্ৰিলত অনুষ্ঠিত হ'ব ২০ সংখ্যক আদিবাসী মহা সভা। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'বলগা আদিবাসী মহা সভা উপলক্ষ্যে শনিবাৰে লাই খুঁটা স্থাপন কৰা হয়। লাই খুঁটা স্থাপন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য তথা অভ্যৰ্থনা সমিতিৰ সভাপতি উইলছন হাসদাই। একেলগে ছাত্ৰ সংগঠনৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সভাপতি গুডউইন হেমৰণে।
এই উপলক্ষ্যে অনুষ্ঠিত সভাত গোসাঁইগাঁৱৰ বিধায়ক জিৰণ বসুমতাৰী, আছাৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ নেতা কৰ্মীৰ লগতে প্ৰাক্তন নেতা কৰ্মী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। আদিবাসী মহা সভাত জনগোষ্ঠীটোৰ খাদ্যসম্ভাৰ, সাজ-পোছাক, কলা-সংস্কৃতি আদি কৰি সকলো দিশকে সামৰি প্ৰদৰ্শনীৰ ব্যৱস্থা থাকিব। উক্ত সভাত অসমৰ উপৰি বহিঃৰাজ্যৰ অতিথিকে ধৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি অভ্যৰ্থনা সমিতিয়ে প্ৰকাশ কৰে।






