উক্তি-বক্ৰোক্তি
পুটিনে আমাৰ দেশ আক্ৰমণ কৰিলে৷ বহু অংশ দখল কৰিও ল’লে৷ ২০১৪ চনৰ পৰা এয়া চলি আছে৷ কেৱল বাইডেনৰ কথা কোৱা নাই, ওবামাও আছিল৷ তাৰ পাছত ট্ৰাম্প আছিল, বাইডেনো আছিল৷ এতিয়া পুনৰ ট্ৰাম্প আহিছে৷ কিন্তু তেতিয়াৰ পৰা এতিয়ালৈকে কোনেও পুটিনক বাধা নিদিলে৷
– ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কি
আগতে চাৰিবাৰ ৰামটাঙোন খালোঁ৷ কিন্তু বিজেপিক উৎখাতৰ বাবে এইবাৰ আকৌ আহিছোঁ মিত্ৰতাৰ সভাত৷
–- শিৱসাগৰৰ বিধায়ক অখিল গগৈ
ছোৱালী ডাঙৰ হৈছে৷ ঘৰত মই শ্বৰ্টছ পিন্ধি থাকোঁ৷ ইপিনে তেওঁ ৰাজনীতি কৰে৷ সেয়ে ঘৰলৈ মানুহ আহি থাকে৷ বাধ্য হৈ মই তেওঁৰ অফিচত থাকোঁ৷ গোপনীয়তা ৰক্ষা কৰাৰ বাবেই মই গোবিন্দৰ পৰা আঁতৰি থাকোঁ৷
– অভিনেতা গোবিন্দৰ পত্নী সুনীতা আহুজা
প্ৰশ্নটো কৰিবলৈ বৰ ভাল৷ কিন্তু টুইন টাৱাৰ চাবৰ বাবে আমি কেইজন সাংবাদিক গৈছোঁ, বা কেইজন মানুহ গৈছোঁ? আমি ধৰি লৈছোঁ যে অসমত টুইন টাৱাৰটো নহ’বগৈ৷ কিন্তু আঠশ কোটি টকা খৰচ কৰি যে টুইন টাৱাৰ নিৰ্মাণ হৈ আছে সেইটো কোনেও চাবলৈ যোৱা নাই৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
আপোনাৰ দেশ ডাঙৰ সমস্যাৰ মাজত আছে৷ তথাপি আপুনি ডাঙৰ ডাঙৰ কথা কৈছে৷ আপুনি এইখন যুদ্ধত জিকিব নোৱাৰিব৷ আমাৰ সাহায্য নোপোৱা হ’লে আপোনাৰ দেশ দুসপ্তাহো টিকি নাথাকিলহেঁতেন৷ এতিয়াও আপুনি হাৰিব৷
– আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
সোণাপুৰৰ ৰিজ’ৰ্টত বিৰোধীৰ সৰ্বদলীয় বৈঠক আহ৩ান কৰিছে বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁয়ে৷ ড॰ হীৰেন গোহাঁই ডাঙৰীয়াই য’লৈকে মাতিব আমি যাম৷
– প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা
সংবেদনশীল মানুহে সুন্দৰ পৰিৱেশ ভাল পায়৷ আমি মহাকুম্ভমেলাত পৰিষ্কাৰ পৰিৱেশ দিছোঁ৷ সেয়া ভক্তই ভাল পাইছে৷ তেওঁলোকে ভগৱানক বিচাৰি পাইছে৷ কিছুমান শগুণে তাত শদেহ বিচাৰি পাইছে আৰু কিছুমান গাহৰিয়ে লেতেৰা বিচাৰি পাইছে৷
– উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ






