Logo
image

জেলেনস্কিৰ পোছাকক লৈও আপত্তি, অনাহাৰে উভতিল দেশলৈ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১ মাৰ্চঃ  ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কি-ট্ৰাম্প আৰু ভেন্সৰ দ্বিমুখী আক্ৰমণৰ সন্মুখীন হোৱাৰ পূৰ্বেই তেওঁৰ ‘কেজুৱেল’ পোছাকৰ বাবে প্ৰশ্নবানৰ সন্মুখীন হৈছিল মাৰ্কিন সাংবাদিকৰ৷ ছ্যুটৰ পৰিৱৰ্তে এটা ‘ৰাউণ্ড নেক শ্বুৱেট ছাৰ্ট’, ক’লা ‘ষ্টেকছ’ আৰু বুট পৰিধান কৰি অহা জেলেনস্কিক বৈঠক আৰম্ভ হোৱাৰ পূৰ্বেই মাৰ্কিন সাংবাদিক ব্ৰায়ান গ্লেনে প্ৰশ্ন কৰিলে–‘আপুনি কিয় ছ্যুট পৰিধান কৰি অহা নাই? আপোনাৰ ছ্যুট আছেনে?’ তেতিয়া জেলেনস্কিয়ে উত্তৰ দিলে– যুদ্ধ শেষ হ’লে মই কষ্টিউম পৰিধান কৰিম৷ হয়তো আপোনাৰ দৰে, বা আপোনাতকৈ ভাল৷’   


আমেৰিকাৰ সৰ্বোচ্চ কাৰ্যালয়লৈ আহোতে এনে পোছাকে শোভা নকৰে বুলিও সাংবাদিক গ্লেনে তেওঁক কটাক্ষ কৰে৷ আনহাতে জেলেনস্কিৰ গাড়ী হোৱাইট হাউছৰ সন্মুখত উপস্থিত হওঁতে স্বয়ং ট্ৰাম্পেও কটাক্ষ কৰি কৈছিল– ‘ই আৰ অল ড্ৰেছড আপ টুডে৷’ 

ব্যৰ্থ বৈঠকৰ শেষত জেলেনস্কিয়ে যুটীয়া সংবাদমেলত ভাগ নোলোৱাকৈ আৰু হোৱাইট হাউছত কোনো আহাৰ গ্ৰহণ নকৰাকৈ ওলাই আহে৷ তাৰ পৰা জেলেনস্কি পোনে পোনে লণ্ডনত গৈ উপস্থিত হৈছে৷ লণ্ডনত জেলেনস্কি আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰ্মাৰৰ মাজত বৈঠক হোৱাৰ কথা৷ হোৱাইট হাউছৰ এই অভূতপূৰ্ব বিতৰ্কৰ অন্তত জেলেনস্কিয়ে কৈছে, তেওঁ এই ঘটনাৰ বাবে ক্ষমা নিবিচাৰে৷ অৱশ্যে শনিবাৰৰ বৈঠকত সংঘটিত ঘটনালানি উভয় দেশৰ পক্ষে মংগলজনক নহয় বুলি স্বীকাৰ কৰি তেওঁ কৈছে, এতিয়াও দুয়োজন দেশৰ মাজত পুনৰ সু-সম্পৰ্ক স্থাপন সম্ভৱ৷