
গৰম আহিল এচিৰ খৰচ বচাওঁক
কোঠালী সৰু হ’লে অত্যধিক গৰমত এক টন ক্ষমতাযুক্ত এচিয়েই যথেষ্ট৷ কিন্তু বহুতৰে প্ৰশ্ন হয় একটন এচি এটা এঘণ্টা চলালে বিদ্য়ুৎ কিমান খৰচ হ’ব৷ এই ক্ষেত্ৰত জানি থোৱা ভাল যে এক টন এচিৰ বিদু্যতৰ খৰচ নিৰ্ভৰ কৰে কোঠালীটোৰ উপাদানৰ ওপৰত৷
কোঠালীটোৰ তাপমাত্ৰা যিমানেই বেছি হ’ব, সিমানেই খৰচ হ’ব বিদ্য়ুৎ৷
কোঠালীৰ আয়তনৰ ওপৰতো এচিৰ বাবে হোৱা বিদ্যুতৰ খৰচ নিৰ্ভৰ কৰে৷
একেৰাহে দীৰ্ঘসময় এচি চলালে বিদ্যুতৰ খৰচ বেছি হয়৷
দেখা যায় যে এটা এক টন এচি এঘণ্টা ধৰি চলাই থাকিলে ৮০০১ পৰা ১২০০ ৱাট পৰ্যন্ত বিদ্যুৎ শক্তি খৰচ হয়৷ অৰ্থাৎ প্ৰতি ঘণ্টাত এক টন এচি এটাৰ বাবে এক ইউনিটৰ পৰা ৰ.প্ত ইউনিটলৈকে বিদ্যুৎ খৰচ হ’ব পাৰে৷
কোনোবাই যদি এক টনৰ ফাইভষ্টাৰ এচি এটা দিনত জ্জ্ব ঘণ্টা চলায়, তেন্তে এচিৰ বাবে তেওঁৰ মাহত প্ৰায় ১৮০ ইউনিট বিদ্যুৎ খৰচ হ’ব পাৰে৷
বিদ্যুৎ খৰচ কেনেদৰে কমাব–
(১) এচিটোত নিজাকৈ তাপমাত্ৰা ছেটিং কৰি লওক৷ ২৪ ডিগ্ৰী ছেলচিয়াছ তাপমাত্ৰা ছেটিং কৰি ল’ব পাৰিলে ভাল৷
(২) ঘৰত নথকা অৱস্থাত এচিটো বন্ধ কৰি ৰাখক৷
(৩) এচিৰ সৈতে মাজে মাজে ফেন ব্যৱহাৰ কৰক৷ এনেকুৱা কৰিলে কোঠালীটোৰ তাপমাত্ৰা কমে৷ ফলত বিদ্যুতৰ খৰচ ৰাহি হয়৷
(৪) নিয়মীয়াকৈ এচিটোৰ চাৰ্ভিছিং কৰিবলৈ নাপাহৰিব৷
(৫) স্প্লিট এচিয়ে উইণ্ডো এচিতকৈ বিদ্যুৎ কম খৰচ কৰে৷
(৬) নন্ ইনভাৰ্টাৰ কম্প্ৰেচাৰ এচিৰ সলনি ইনভাৰ্টাৰ এচি ব্যৱহাৰ কৰক৷
(৭) এচি ব্যৱহাৰৰ কাৰণে সঠিক জোখৰ কোঠালী ব্যৱহাৰ কৰক৷
এচিৰ ফিল্টাৰ নিয়মীয়াকৈ পৰিষ্কাৰ কৰক৷
এচিৰ চাৰিওপিনে যাতে পৰ্যাপ্ত বায়ু প্ৰৱাহ হয় সেয়া নিশ্চিত কৰক৷