
ব্ৰিটেইন্ছ গট টেলেণ্টত জিলিকি উঠা অসমৰ কণমানিজনী
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ মাৰ্চঃ এইবাৰ আন্তৰ্জাতিক মঞ্চত উজ্বলি উঠিছে এগৰাকী অসম কন্যা৷ ‘ব্ৰিটেইনছ গট টেলেণ্ট’ শীৰ্ষক ৰিয়েলিটী শ্ব’ত নিজৰ প্ৰতিভাৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে অসমৰ কণমানি নৃত্য শিল্পীগৰাকীয়ে৷ অসমৰ জ্জ্ব বছৰীয়া বিনীতা চেত্ৰীৰ এক্ৰোবেটিক নৃত্যই ‘ব্ৰিটেইনছ গট টেলেণ্ট’ৰ বিচাৰক-দৰ্শকৰ লগতে বিশ্বৰ কোটি কোটি লোকৰ হৃদয় জিনিবলৈ সক্ষম হৈছে৷ সুদূৰ লণ্ডনৰ টেমছ নদীৰ পাৰত ব্ৰিটেইনছ গট টেলেণ্টৰ আইকনিক মঞ্চত বিনীতাৰ অসাধাৰণ নৃত্য শৈলীয়ে দেশ তথা অসমবাসীক গৌৰাৱাম্বিত কৰি তুলিছে৷ ব্ৰিটেইনছ গট টেলেণ্টৰ ইউটিউব চেনেল আৰু ছ’চিয়েল মিডিয়া পেজত বিনীতাৰ নৃত্যৰ ভিডিঅ’ প্ৰচাৰ হোৱাৰ লগে লগে ভাইৰেল হৈ পৰিছে অসমৰ কণমানি শিল্পীগৰাকী৷ উল্লেখ্য, বিনীতা চেত্ৰীৰ ঘৰ হৈছে কাৰ্বি আংলং জিলাৰ বোকাজানত৷ অমৰ বাহাদুৰ চেত্ৰীৰ কন্যা বিনীতাই ইতিমধ্যে ভাৰতৰ কেইবাটাও ৰিয়েলিটী শ্ব’ত নৃত্য প্ৰদৰ্শনেৰে উজ্বলি উঠা দেখা গৈছিল৷ ‘আই অৱ দি টাইগাৰ’ শীৰ্ষক ‘সমসাময়িক নৃত্য’টোত বিনীতাৰ অভূতপূৰ্ব কলা প্ৰদৰ্শনত বিচাৰকৰ আসনত থকা ব্ৰিটেইনৰ দূৰদৰ্শনৰ চিনাকী মুখ চাইমন কোৱেল, জনপ্ৰিয় অভিনেত্ৰী আমাণ্ডা হোল্ডেন, কৰিঅ’গ্ৰাফাৰৰ ব্ৰুণো টনিঅ’লি আৰু হলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী আলেছা ডিক্সনক হতবাক কৰি তুলিছিল৷
নৃত্য প্ৰদৰ্শনৰ অন্তত লগে লগে মঞ্চত আটাইকেইজন বিচাৰকে থিয় হৈ হাত চাপৰি বজাই বিনীতাক প্ৰশংসা কৰাও দেখা গৈছিল৷ বিচাৰক আমাণ্ডা হোল্ডেনে বিনীতাৰ নৃত্যক ‘ভয়ংকৰ কলা’ বুলিও অভিহিত কৰিছিল৷ নৃত্য পৰিৱেশনৰ পূৰ্বে বিনীতাই নিজৰ পৰিচয় দি ভাৰতৰ অসমৰ পৰা অহা বুলিও উল্লেখ কৰিছিল৷ ব্ৰিটেইন গট টেলেণ্ট তেওঁৰ বাবে ‘সপোনৰ মঞ্চ’ বুলি অভিহিত কৰি শ্ব’টোত জয়ী হ’লে এটা গোলাপী ৰঙৰ ৰাজকুমাৰীৰ ঘৰ অৰ্থাৎ পিংক প্ৰিঞ্চেছ হাউছ ক্ৰয় কৰাৰ আশাৰ কথাও ব্যক্ত কৰে৷ আকৰ্ষণীয় নৃত্য শৈলীয়ে বিচাৰকৰ মন মুহিবলৈ সক্ষম হোৱা বিনীতাই ৰিয়েলিটী শ্ব’টোৰ প্ৰথম ৰাউণ্ডৰ পৰা দ্বিতীয় ৰাউণ্ডলৈ বাছনি লাভ কৰিছে৷ অৱশ্যে, বিচাৰক মণ্ডলীয়ে বিনীতাক ‘গোল্ডেন বাজাৰ’ স্বীকৃতি নিদিয়াক লৈ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাও দেখা গৈছে৷ নেটিজেন সকলে বিনীতা চেত্ৰীয়ে বিচাৰকসকলৰ পৰা অধিক স্বীকৃতি লাভ কৰাৰ যোগ্য আছিল বুলিও সমালোচনা কৰিছে৷ উল্লেখ্য, ব্ৰিটেইনছ গট টেলেণ্টৰ পুৰষ্কাৰৰ পৰিমাণ হৈছে ২ লাখ ৫০ হাজাৰ পাউণ্ড৷ কণমানি বিনীতাই বোকাজানৰ এটা সাধাৰণ পৰিয়ালৰ পৰা গৈ লণ্ডনত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ তিনি বছৰ বয়সৰ পৰা নৃত্য প্ৰদৰ্শন কৰি অহা বিনীতাই গুৱাহাটীত পেহীয়েকৰ লগত থাকি নৃত্যৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল৷ বিনীতাৰ দেউতাক অমৰ বাহাদুৰ চেত্ৰী সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ উপ-সভাপতিৰ দায়িত্বত আছে৷ বিনীতাৰ মাতৃয়ে সৰুকৈ বয়লাৰ ফাৰ্ম খুলি পৰিয়াল চলাই আহিছে৷ বিগত বৰ্ষৰ শেষৰ ফালে মুম্বাইত অহা অডিশ্যনত ‘ব্ৰিটেইনছ গট টেলেণ্ট’ লৈ নিৰ্বাচিত হৈছিল বিনীতাই৷