বিদ্বেষ আৰু বৈষম্যৰ জয়ত স্তম্ভিত বিশ্ব
সমগ্ৰ বিশ্ববাসীক আকৌ এবাৰ হতচকিত কৰি জাত্যভিমানী ড’নাল্ড ট্ৰাম্প বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী দেশখনৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হ’ল৷ প্ৰতিষ্ঠানবিৰোধী মতাদৰ্শক চূৰ্ণ-বিচূৰ্ণ কৰি সম্পূৰ্ণ অৰাজনৈতিক ধনকুবেৰজনৰ বিজয়ে এটা কথাই আকৌ স্পষ্ট ৰূপত প্ৰমাণ কৰি দেখুৱালে যে সাধাৰণ নাগৰিকৰ স্বপ্ন ভংগ কৰি কোনো নেতা বা দলে গণতান্ত্ৰিক শাসন ব্যৱস্থা এটাত টিকি থাকিব নোৱাৰে৷ শ্ৰমিকবিদ্বেষী আৰু বৈষম্যৰ নীতি লোৱা ৰিপাব্লিকান নেতা জৰ্জ বুশ্বৰ শাসনক প্ৰত্যাহ্বান জনাই পৰিৱৰ্তনৰ বাৰ্তাবাহক হৈ শাসনলৈ আহিছিল ডেম’ক্ৰেটিক নেতা অ’বামা৷ শান্তিৰ নোবেল বঁটা বিজয়ী কৃষ্ণাংগ নেতাজনে আফগানিস্তান, লিবিয়া, ইৰাক, ছিৰিয়া আদি দেশত ৰক্ত বোৱাই যি ক্ষমতাৰ প্ৰতিযোগিতাত নামিছিল, তাৰ অপ্ৰত্যাশিত ফল দেশবাসীয়ে বাৰুকৈয়ে ভুগিবলগীয়া হৈছিল৷ ক্ষমতাৰ যুদ্ধ আৰু দুৰ্নীতিয়ে আমেৰিকাৰ আভ্যন্তৰীণ ব্যৱস্থা তচনচ কৰিবলৈ আৰম্ভ কৰিছিল৷ স্বপ্নভংগ হৈছিল বহু সাধাৰণ নাগৰিকৰ৷ দেশখনৰ কৰ্মক্ষেত্ৰত ভৰি পৰিছিল আন দেশৰ বহু নাগৰিক৷ আমদানিকৃত নাগৰিকৰ দ্বাৰা দেশৰ অৰ্থনীতি আৰু প্ৰযুক্তি টনকিয়াল কৰাত ব্যস্ত থকা আমেৰিকাৰেই নাগৰিকসকল শংকিত হৈছিল দেশখনত নিজৰ ভৱিষ্যতক লৈ৷ সেয়েহে জাত্যভিমানী, বৰ্ণবিদ্বেষী, মুছলমানবিদ্বেষী আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ৰাজনীতিৰ ‘অ-আ’, ‘ক-খ’ৰ জ্ঞান নথকা ধনকুবেৰ ড’নাল্ড ট্ৰাম্পক প্ৰথমবাৰৰ বাবে আমেৰিকাবাসীয়ে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰিছিল৷ আমেৰিকাবাসীয়ে সেই একেই কাম পুনৰ কৰিলে৷ ড’নাল্ড ট্ৰাম্পক দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিলে৷ বহুতেই মত প্ৰকাশ কৰিলে যে ট্ৰাম্পৰ শাসনে আমেৰিকাত দানৱীয় অৱদমনৰ আৰম্ভণি ঘটাব৷ প্ৰখ্যাত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ কৰ্মী আমাল ক্লুনীয়ে কিছু বছৰৰ আগতে টেক্সাছৰ এখন আলোচনা-চক্ৰত ভাষণ দি সকিয়াই দিছিল যে মাৰ্কিন যুক্তৰাজ্যৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কেতবোৰ প্ৰস্তাৱ বাস্তৱত ৰূপায়িত হ’লে দেশখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজস্ব নৈতিক স্থিতি হেৰুৱাব৷ কিন্তু অতি গুৰুত্বপূৰ্ণ বিষয়টো হ’ল– বৰ্তমান বিশ্বত চলি থকা ক্ষমতাৰ যুঁজখনত ট্ৰাম্পৰ ভূমিকা কেনে হয়৷
সাম্প্ৰতিক সময়ত বিশ্বৰ ইখন দেশে সিখন দেশৰ ওপৰত কৰা আক্ৰমণসমূহে মানৱ অধিকাৰক চিতাত তুলাৰ লগতে বিশ্ব অৰ্থনীতিতো বিশেষ প্ৰভাৱ পেলাইছে৷ কেইবছৰমান পূৰ্বে আফগানিস্তানৰ গৃহভূমিত আমেৰিকাৰ অনাকাংক্ষিত হস্তক্ষেপে যিদৰে ভয়াৱহতাৰ সৃষ্টি কৰিছিল, ছিৰিয়াৰ ক্ষেত্ৰত ৰাছিয়া আৰু চীনৰ হস্তক্ষেপে পৰিস্থিতিক যিদৰে অধিক বিষময় কৰি তুলিছিল, সেইদৰে বিগত প্ৰায় দুবছৰ ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধয়ো মানৱতা, পৰিৱেশ আৰু অৰ্থনীতিক শেষ কৰি পেলাইছে৷ এনে পৰিস্থিতিত ৰাষ্ট্ৰসংঘৰ পুতৌলগা ভূমিকাই জীৱকুললৈ আৰু শংকা কঢ়িয়াই আনিছে৷ কেইবছৰমান পূৰ্বে ছিৰিয়াৰ আইছিছ অধ্যুষিত ইকলিব প্ৰদেশৰ খান শ্বেইখুন চহৰত বিষাক্ত ৰাসায়নিক ছাৰিন গেছৰ আক্ৰমণ সংঘটিত হোৱাৰ ফলত তাত শতাধিক লোকৰ মৃত্যু হোৱাৰ বাদেও বিশ্বৰ ৰাজনীতি তথা অৰ্থনীতি অস্থিৰ হৈ পৰিছিল৷ যুদ্ধক্ষেত্ৰত নিষিদ্ধ ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰি নিজ দেশৰে অসামৰিক লোকক হত্যা কৰা ছিৰিয়াক আমেৰিকাই যি প্ৰত্যাক্ৰমণ কৰিছিল, সেই প্ৰত্যাক্ৰমণৰ সমৰ্থন জনোৱাৰ বিপৰীতে ছিৰিয়াৰ পক্ষত থিয় দিছিল বিশ্বৰ দুই মহাশক্তি ৰাছিয়া আৰু চীন৷ এটা কথা নিশ্চিত আছিল যে নিজৰ অহমিকা, স্বাভিমান আৰু ক্ষমতাপিপাসু মানসিকতাৰ বাবেই সেই সময়ত চীন আৰু ৰাছিয়াই ছিৰিয়াৰ পক্ষ দিছিল৷ বিগত প্ৰায় তিনি বছৰ ধৰি অহমিকা আৰু ক্ষমতাৰ বাবে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত যি অমানৱীয় আক্ৰমণ চলাই আছে, তাকে দেখি স্তম্ভিত বিশ্বৰ জনতা৷ ৰাছিয়াৰ কাৰ্যকলাপক বিশ্বৰ অধিকাংশ দেশে বিৰোধিতা কৰিলেও তাৰ প্ৰতি ভ্ৰূক্ষেপ নাই ৰাছিয়াৰ৷ ৰাষ্ট˜সংঘৰ ভূমিকা সঁচাকৈয়ে পুতৌলগা৷ এনে এক স্পৰ্শকাতৰ সময়ত পৰিস্থিতি আৰু ভয়াৱহ কৰি তুলিছিল গুৰু-গোসাঁই নমনা উত্তৰ কোৰিয়াৰ বদমেজাজী ৰাষ্ট্ৰপ্ৰধান কিম জং উনৰ কিছুমান কাৰ্যকলাপে৷ ৰাষ্ট্ৰসংঘ বা বিশ্বৰ সচেতন মহলৰ সকীয়নিক অংগুষ্ঠ দেখুৱাই ইটোৰ পাছত সিটোকৈ উত্তৰ কোৰিয়াই যি পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণৰ কাৰ্যপ্ৰণালী লৈছিল, সিয়ে অনাগত দিনত বিশ্বৰ পৰিস্থিতি অতিশয় ভয়াৱহ কৰি তুলিব পাৰে৷ এই সময়ত ৰাষ্ট্ৰসংঘৰ ভূমিকা উল্লেক্ষণীয় হ’ব লাগিছিল যদিও বিশ্ববাসীয়ে তেনে একো পদক্ষেপ দেখিবলৈ পোৱা নাই৷ সঁচা অৰ্থত বৰ্তমানৰ প্ৰেক্ষাপটত ৰাষ্ট্ৰসংঘক ভ্ৰূক্ষেপ কৰিবলৈ কাৰো আহৰি নাই৷ এটা কথা অপ্ৰিয় হ’লেও সত্য যে বৰ্তমান বিশ্বৰ এনে পৰিস্থিতিৰ বাবে মূলতে আমেৰিকাই দায়ী৷ আমেৰিকাৰ পৰোক্ষ উদগনিত গা কৰি উঠা সন্ত্ৰাসবাদ এতিয়া এটা বৃহৎ উদ্যোগত পৰিণত হৈছে৷ সন্ত্ৰাসবাদ নিৰ্মূলকৰণে বহু দেশৰে অৰ্থনীতিত মোক্ষম আঘাত হানিব৷ সেয়েহে সন্ত্ৰাসবাদ নিৰ্মূলকৰণত প্ৰতিজ্ঞাবদ্ধ হ’লেও বিশ্বৰ বহুকেইখন আগশাৰীৰ দেশে পৰোক্ষভাৱে ইয়াক উদগনিহে যোগাই আহিছে৷ উন্নয়নৰ বাবে লোৱা গোলকীয়কৰণৰ সংজ্ঞাক ধোঁৱাচাঙত তুলি বৰ্তমান বিশ্বৰ প্ৰায়বোৰ আগশাৰীৰ দেশেই কেৱল নিজ নিজ স্বাৰ্থ সিদ্ধিৰ যুঁজ-বাগৰত লাগি পৰিছে৷ তেলকেন্দ্ৰিক ৰাজনীতি, কূটনীতি আৰু আগ্ৰাসনৰ বাবেই মধ্যপ্ৰাচ্যৰ সাধাৰণ নাগৰিকে কটাবলগীয়া হৈছে দুৰ্বিষহ জীৱন৷ এনে পৰিস্থিতি আৰু আগ্ৰাসন যদি বাহাল থাকে, বিশ্বৰ সমগ্ৰ জীৱকুল কিন্তু ধবংস হ’বলৈ বেছি দিন নাই৷ গতিকে এনে পৰিস্থিতিত ট্ৰাম্পৰ ভূমিকা অতি উল্লেক্ষণীয় হ’ব৷ ট্ৰাম্প প্ৰশাসনে যুদ্ধবিৰোধী নীতিৰে যুদ্ধ দমন কৰে নে বিগত সময়বোৰৰ দৰে যুদ্ধক এক উদ্যোগ হিচাপে গঢ়ি তোলে, সি হ’ব বিশ্ববাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ৷






