Logo
image

পুষ্টিগুণ অটুট ৰাখিবলৈ এইদৰে ছালাড প্ৰস্তুত কৰক

 ৰুটি, ভাত আদিৰ সৈতে ছালাড খোৱাটো বহুতৰে অভ্যাস৷ বহুতে আকৌ ভাত বা ৰুটিৰ পৰিমাণতকৈ ছালাড বেছিকৈ খায়৷ ছালাড বেছিকৈ খোৱাৰ ফলত আহাৰ খোৱাৰ পৰিমাণ স্বাভাৱিকতে হ্ৰাস পায়৷ যাৰ বাবে ওজন নিয়ন্ত্ৰণত থাকে৷ অৱশ্যে খাদ্য বিশেষজ্ঞৰ মতে যিকোনো ধৰণৰ খাদ্যৰ সৈতে ছালাড খোৱা অনুচিত৷ বিশেষকৈ অতিৰিক্ত তেল-মছলাযুক্ত খাদ্যৰ সৈতে ছালাড নোখোৱাই ভাল৷ তদুপৰি ছালাড খোৱাটো সময়ৰ ওপৰতো নিৰ্ভৰ কৰে৷ সাধাৰণতে দুপৰীয়াৰ আহাৰৰ সৈতে ছালাড বেছি উপযোগী৷ দুপৰীয়াৰ আহাৰৰ আধাঘণ্টামান পূৰ্বে ছালাড খালে বেছি উপকাৰ পোৱা যায়৷ পিছে ভালধৰণে ছালাড প্ৰস্তুত নকৰিলে স্বাস্থ্যৰ হিতে বিপৰীত হোৱাৰ আশংকা থাকে৷ সঠিক নিয়ম মানি ছালাড খালেহে স্বাস্থ্যৰ বাবে ভাল ফল লাভ কৰিব পৰা যায়৷

(১) ছালাড প্ৰস্তুত কৰোতে বহুতে মেয়’নিজ আৰু ছিজ ব্যৱহাৰ  কৰে৷ এই দুবিধ উপাদান বেছিকৈ খোৱাটো স্বাস্থ্যৰ বাবে ভাল নহয়৷ সেইবাবে ছালাডত পৰাপক্ষত মেয়’নিজ আৰু ছিজ ব্যৱহাৰ কৰিব নালাগে৷ ইয়াৰ পৰিৱৰ্তে ছালাডৰ সোৱাদ বৃদ্ধিৰ বাবে দৈ মিহলাব পাৰে৷ 


(২) ছালাডত জলকীয়া বা নেমুৰ ৰস মিহলালে, তাৰ পৰিমাণৰ ওপৰত গুৰুত্ব দিব লাগে৷ অতিৰিক্ত জ্বলা বা টেঙা ছালাডত দিলে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে৷ 

(৩) বহুতে সিজাই বা তেলত সামান্য ভাজি লৈ ছালাড প্ৰস্তুত কৰে৷ এই পদ্ধতিয়ে ছালাডৰ সোৱাদ বৃদ্ধি কৰিলেওপুষ্টিগুণ নষ্ট কৰে৷ 

(৪)  ছালাডৰ সৈতে অতিৰিক্ত কাৰ্ব’হাইড্ৰেট যোগ নকৰাই ভাল৷  সোৱাদ বৃদ্ধিৰ বাবে ছালাডত তিল, অথবা কোমোৰাৰ গুটি ভাজি লৈ মিহলাই দিব পাৰে৷ 

(৫) ছালাডত জলফাইৰ তেল পৰিমিত পৰিমাণে ব্যৱহাৰ কৰিব পাৰে৷ এইদৰেনিয়ম মানি ছালাড প্ৰস্তুত কৰিলেহে ইয়াৰ পুষ্টি গুণ অটুট থাকে৷