হৃদযন্ত্ৰ সুস্থ ৰাখিবলৈ হ’লে কি কৰা উচিত
আমাৰ অসম বিশেষঃ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে শৰীৰ চৰ্চাৰ অভাৱ, স্বাস্থ্যৰ প্ৰতি অৱহেলা, জাংকফুড খোৱাৰ অভ্যাস, ধুমপান আৰু অনিয়ন্ত্ৰিত সুৰাপানকে ধৰি বিভিন্ন কাৰণত আজিকালি কম বয়সীয়া লোকেও হাৰ্টএটেক বা ষ্ট্ৰ’কৰ বলি হ’বলগীয়া হৈছে৷ এনে অৱস্থাত সময় থাকোতে শৰীৰ চৰ্চা কৰাৰ অভ্যাস কৰিবলৈ পৰামৰ্শ আগবঢ়ায় স্বাস্থ্য বিশেষজ্ঞই৷ তদুপৰি কেতবোৰ খাদ্য আছে যিবোৰ গ্ৰহণ কৰিলে হৃদপিণ্ডৰ ক্ষতি হোৱাৰ আশংকা কমে৷ আজিৰ শিতানত তেনে কেইবিধমান খাদ্যৰ বিষয়ে উল্লেখ কৰা হ’ল–
[১] ওটমিলঃ প্ৰতিদিনে ব্ৰেক্ফাষ্টেই হওক বা আন কোনো সময়তেই হওক ওটমিল খোৱাৰ অভ্যাস গঢ়ি তুলিলে শৰীৰত ভিটামিন আৰু মিনাৰেলৰ অভাৱ দূৰ হয়৷ একেদৰে অপ্ৰয়োজনীয় কলেষ্ট’ৰেল বা এল ডি এলৰ মাত্ৰা হ্ৰাস পায়৷ ফলত কাৰ্ডিঅ’ভাছকুলাৰ ডিজিজত আক্ৰান্ত হোৱাৰ আশংকা কমে৷
[২] মাছঃ মাছত প্ৰচুৰ পৰিমাণে ওমেগা থ্ৰী ফেটী এচিদ থাকে৷ এই উপাদান হূদপিণ্ডৰ বাবে অতি উপকাৰী৷ আমেৰিকান হাৰ্ট এছ’চিয়েশ্বনৰ প্ৰতিবেদনত উল্লেখ কৰা মতে সপ্তাহত যদি দুই বা তিনিবাৰ মাছ খাব পৰা যায় তেনেহ’লে শৰীৰত ওমেগা থ্ৰী ফেটী এচিদৰ অভাৱ আঁতৰে৷ ফলত হূদপিণ্ডৰ ক্ষতি হোৱাৰ আশংকা কমে৷
[৩] নহৰুঃ একাধিক গৱেষণাত প্ৰমাণ পোৱা গৈছে যে প্ৰতিদিনে পুৱা যদি একোহ নহৰু খাব পৰা যায় তেন্তে তেজত অপ্ৰয়োজনীয় কলেষ্ট’ৰেলৰ মাত্ৰা বৃদ্ধি পোৱাৰ আশংকা নাথাকে৷ ফলত হৃদপিণ্ডৰ ক্ষতি হোৱাৰ ভয় কমে৷ তদুপৰি নহৰুৱে তেজৰ সৰবৰাহ বৃদ্ধি কৰে৷ ইয়াৰ ফলত হৃদপিণ্ডৰ লগতে মগজুৰ কাৰ্যক্ষমতা অভাৱনীয়ভাৱে বৃদ্ধি পায়৷
[৪] ছয়াবিনঃ হৃদপিণ্ডৰ কৰ্মক্ষমতা বৃদ্ধিৰ বাবে যি পৰিমাণৰ ফাইবাৰ, ভিটামিন আৰু মিনাৰেলৰ প্ৰয়োজন সেয়া ছয়াবিনত পোৱা যায়৷ সেই কাৰণে হৃদপিণ্ড সুস্থ ৰাখিবলৈ নিয়মিত ছয়াবিন বা ছয়ামিল্ক খোৱা উচিত৷
[৫] কেঁচা জলকীয়াঃ শুনিলে আচৰিত যেন লাগিলেও সঁচা যে হৃদপিণ্ড ভালে ৰাখিবলৈ কেঁচা জলকীয়াৰ ভূমিকা অতুলনীয়৷ কেঁচা জলকীয়াত থকা কেপচিছিন নামৰ উপাদানে ৰক্ত সৰবৰাহৰ গতি বঢ়ায়৷ লগতে ‘ব্লাডক্লট’ৰ আশংকা কমায়৷ ফলত হূদপিণ্ডৰ কৰ্মক্ষমতা হ্ৰাস পোৱাৰ আশংকা নাথাকে৷
[৬] আদাঃ আদাইও কলেষ্ট’ৰেলৰ মাত্ৰা কমোৱাৰ লগতে ব্লাডক্লটিঙৰ আশংকা আঁতৰায়৷ সেয়ে হূদপিণ্ড সুস্থ ৰাখিবলৈ আদাক মহৌষধ বুলি কোৱা হয়৷