Logo
image

গৰিমাৰ অধঃপতন

ইতিহাসত এনে কিছুমান মুহূৰ্ত আহে যেতিয়া কোনো ৰাষ্ট্ৰই নিজৰ ভৰিৰ তলৰ ক্ষমতাৰ টেক্টনিক প্লেটবোৰত কম্পন অনুভৱ কৰে৷ ঠিক এনে মুহূৰ্ততেই সেই দেশসমূহে নিজকে ক্ষয় হ’বলৈ আৰু বিধবস্ত হৈ পৰিবলৈ সাজু বুলি ঘোষণা কৰে৷ ২৮ ফেব্ৰুৱাৰী তাৰিখটোও আছিল ইতিহাসৰ এনে এটা দিন য’ত আমেৰিকাই নিজৰ সকলো দুৰ্বলতা সমগ্ৰ বিশ্ববাসীৰ আগত অত্যন্ত নগ্ন ৰূপত দাঙি ধৰিলে৷ সেই দিনটোত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্‌লাডিমিৰ জেলেনস্কিৰ মাজত হোৱাইট হাউছৰ দি অ’ভেল কাৰ্যালয়ত সংবাদ মাধ্যমৰ সন্মুখতে হোৱা বাক-বিতণ্ডাই সমগ্ৰ বিশ্বকে হতচকিত কৰি তুলিলে৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পাছৰে বিভিন্ন দমনমূলক আৰু অহংকাৰত মদমত্ত কৰ্ম-কাণ্ডৰে সংবাদ শিৰোনাম দখল কৰি থকা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকা ভ্ৰমণৰত বিদেশী ৰাষ্ট্ৰপতি এজনৰ লগত যি ব্যৱহাৰ কৰিলে, সেয়া কেৱল অশোভনীয়ই নহয়, আত্ম-অহংকাৰৰ চূড়ান্ত বহিঃপ্ৰকাশো আছিল৷ তদুপৰি এই ব্যৱহাৰৰ দ্বাৰা আমেৰিকাৰ ৰাষ্ট্ৰপতিজনে সকলো কূটনৈতিক গৰিমা আৰু শিষ্টাচাৰকো ভৰিৰে মোহাৰি পেলালে৷

২০২২ চনত ৰাছিয়াই অনৈতিকভাৱে ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছৰে পৰা আমেৰিকাই ভুক্তভোগী ৰাষ্ট্ৰখনক যিদৰে বহু বিলিয়ন অৰ্থ-সাহায্য প্ৰদান কৰি সহায় আগবঢ়াই আহিছিল, ড’নাল্ড ট্ৰাম্পে পূৰ্বৰে পৰাই ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছিল৷ সেই সময়ত ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত জয়ী হ’লে এই যুদ্ধ সমাপ্ত কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ ইয়াৰে অংশস্বৰূপে ৰাষ্ট্ৰপতি ট্ৰাম্পে  ১২ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফ’নিক বাৰ্তালাপৰ মাধ্যমেদি যুদ্ধবাজ দুয়োখন দেশৰ মাজত শান্তি প্ৰতিষ্ঠাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে, যি প্ৰক্ৰিয়াত ইউক্ৰেইনক অংশীদাৰ কৰা হোৱা নাছিল৷ আমেৰিকাৰ এই পদক্ষেপে ইউক্ৰেইনৰ লগতে ইউৰোপৰ অন্যন্যা ৰাষ্ট্ৰসমূহকো অসন্তুষ্ট কৰি তুলিছিল৷ তেতিয়াৰে পৰা ইউক্ৰেইনৰ ৰাষ্ট˜পতি জেলেনস্কি আৰু আমেৰিকাৰ ইউৰোপীয় সহযোগীসকলে দুয়োখন ৰাষ্ট্ৰৰ মাজত যিকোনো চুক্তি স্বাক্ষৰিত হোৱাৰ বাবে দীৰ্ঘম্যাদী সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আগত দাবী উত্থাপন কৰি আহিছিল, যাতে ভৱিষ্যতে কোনো পক্ষই চুক্তি ভংগ কৰিলে ইয়াৰ পৰিণতি ভোগ কৰাটো নিশ্চিত কৰিব পৰা যায়৷ 

ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু জেলেনস্কিৰ মাজৰ এই অভূতপূৰ্ব ঘটনাই আমেৰিকাৰ দমনমূলক নীতিক পুনৰবাৰ প্ৰতীয়মান কৰিলে৷ আমেৰিকাই চিৰপ্ৰতিদ্বন্দ্বী ৰাছিয়াৰ পক্ষ লৈ যিদৰে পৰম্পৰাগত বন্ধু ৰাষ্ট্ৰসমূহক অসন্তুষ্ট কৰি তুলিছে, ই অনাগত দিনত নতুন গোলকীয় শৃংখল সৃষ্টিৰ ইংগিত বহন কৰিছে৷ এয়াই সম্ভৱতঃ নতুন আমেৰিকাৰ নতুন কূটনৈতিক নীতি৷ দুয়োজন ৰাষ্ট্ৰনেতাৰ মাজত হোৱা এই বিতৰ্কই আটাইতকৈ বেছি লাভৱান কৰিব সম্প্ৰসাৰণবাদী ৰাছিয়াক৷ আমেৰিকাই যিদৰে ৰাছিয়াৰ সন্মুখত শিৰ নত কৰিছে, ই ৰাছিয়াক এনে সম্প্ৰসাৰণবাদী নীতি গ্ৰহণ কৰাত অধিক উৎসাহ যোগাব৷ এয়া নিশ্চিত গোলকীয় শান্তিৰ বাবে শুভ লক্ষণ নহয়৷

ড’নাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছৰে পৰা যিদৰে বিভিন্ন ৰাষ্ট˜ৰ ৰাষ্ট˜নেতাৰ প্ৰতি অসৌজন্যমূলক আচৰণ কৰিছে, সেয়াই অনাগত দিনসমূহত আমেৰিকাৰ বন্ধু ৰাষ্ট্ৰৰ সংখ্যা হ্ৰাস কৰি তুলিব৷ ৰাষ্ট্ৰীয় স্বাৰ্থ সিদ্ধিৰ নামত ট্ৰাম্পে যিদৰে নিজৰেই সহযোগী ৰাষ্ট্ৰসমূহৰ লগত দৰ-দামত লিপ্ত হৈছে, সেয়াই এটা কথা স্পষ্ট কৰি দিছে যে, ট্ৰাম্প যুগত আমেৰিকাৰ লগত সম্পৰ্কৰ অৰ্থ হ’ল ক্ৰেতা-বিক্ৰেতাৰ সম্পৰ্ক আৰু এই সম্পৰ্কত যিকোনো ৰাষ্ট্ৰৰে সুৰক্ষা, সন্মান আৰু গৰিমা তেনেই গৌণ৷ এয়াই হয়তো ‘মেক আমেৰিকা গ্ৰেট এগেইন’ৰ কূটনৈতিক নীতিৰ নতুন পৰিভাষা৷