Logo
image

উক্তি-বক্ৰোক্তি

এফ-৩৫ যুদ্ধবিমান ফ্ৰীজ কিনাৰ দৰে কিনিব নোৱাৰি৷ সকলো দিশ চালিজাৰি চাইহে সিদ্ধান্ত হ’ব লাগিব৷ ইয়াৰ লগতে বৃহৎ ব্যয়ৰ কথাও আছে৷ কিয়নো একোখন এফ-৩৫ বিমানৰ মূল্য ৮০ নিযুত ডলাৰ৷ তদুপৰি আমেৰিকাই এতিয়ালৈকে আমাক আনুষ্ঠানিকভাৱে এফ-৩৫ বিক্ৰী কৰিব বুলি জনোৱা নাই৷ 

–ভাৰতীয় বিমান বাহিনীৰ মুৰব্বী এ পি সিং

মই জাৰ্ছী পিন্ধি সাজু হৈ আছোঁ৷ সভাপতিয়ে হুইছেল মাৰিলেই মই খেলপথাৰত নামি পৰিম৷ আজি নিৰ্বাচন হ’লেও মই সাজু৷ 

–অগপৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা

কিৱি দলে এইটো পাহৰি যাব লাগিব যে সমুখত টীম ইণ্ডিয়া আছে৷ এইটোও পাহৰি যাব লাগিব যে তোমালোক ভাৰততকৈ দুৰ্বল৷ সকলো পাহৰি মেচত অৱতীৰ্ণ হ’লেহে টীম ইণ্ডিয়াক চম্ভালিব পাৰিবা৷ 

–পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেইব আখতাৰ

আমাৰ বাবে এই বছৰটো ছেমিফাইনেলসদৃশ৷ ফাইনেললৈ সকলোকে সাজু কৰিবলৈ আমি বৈঠক আহ৩ান কৰিছোঁ৷ আসনৰ সংখ্যা ২০২৬ত বাঢ়িব বুলি আমি আত্মবিশ্বাসী৷

–অগপৰ সভাপতি অতুল বৰা

মই দিনে পাঁচ হাজাৰৰ পৰা সাত হাজাৰটা খোজ কাঢ়ো৷ শাৰীৰিক সক্ষমতাৰ ৰুটিন মানি চলোঁ৷ দৈনিক জীমলৈ যাওঁ, সাতোঁৰো, চেনি আৰু চেনিযুক্ত খাদ্য নাখাওঁ৷ সেয়ে ৬৩ বছৰ বয়সত মোৰ স্বাস্থ্য সুন্দৰ হৈ আছে৷ 

–ৰিলায়েন্স গ্ৰুপৰ অন্যতম স্বত্ত্বাধিকাৰী নীতা আম্বানি

মতৰ অমিল হ’লেও অগপৰ সৈতে কেতিয়াও আমাৰ মনৰ অমিল নহয়৷ বিজেপিত আকালি দলৰ পৰা শিৱসেনালৈ, অগপৰ পৰা ইউপিপিএললৈ সদায় মিত্ৰ দলক লগত লৈ চলাৰ ইতিহাস আছে৷

–প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া

‘আণ্ডাজ অপনা অপনা’ ছবিখন কৰোঁতে ৰবীনা আৰু কৰিশ্মাৰ মাজত নিতৌ খুঁট-খাট লাগি আছিল৷ যদিহে এগৰাকী আহি পায়, ইগৰাকী ছেটৰ পৰা আঁতৰি যায়৷ ছবিখন মই সম্পূৰ্ণ কৰিব নোৱাৰিম বুলিয়েই আশংকা কৰিছিলোঁ৷ শেষত কোনোমতে ছবিখন শেষ হ’ল৷ 

–বলীউডৰ অভিনেতা আমিৰ খান

খেলিবলৈ আৰম্ভ কৰাৰ প্ৰথম কেইটা বছৰত আৰ্থিক কষ্টত পৰিছিলোঁ৷ বিদেশত খেলিবলৈ যোৱাৰ বাবে মোৰ পিতৃ-মাতৃ আৰু তেওঁলোকৰ বন্ধুবৰ্গই ধন যোগাৰ কৰি দিছিল৷ অৱশ্যে, সেই কষ্ট মোক অনুভৱ কৰিবলৈ দিয়া নাছিল৷ এতিয়া আৰ্থিকভাৱে মই স্বাৱলম্বী হৈছোঁ৷

–দবাৰ বিশ্ব চেম্পিয়ন ডি গুকেশ

কংগ্ৰেছত থাকি বিজেপিৰ হৈ কাম কৰিব নোৱাৰিব৷ মুকলিকৈ গৈ বিজেপিৰ হৈ কাম কৰাই শ্ৰেয় বুলি আমি বিবেচনা কৰোঁ৷ দলক সংশোধন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ দেশৰ বিভিন্ন ৰাজ্যৰ পৰা মই তেনে অভিযোগ শুনিবলৈ পাওঁ৷ সৰ্বাধিক অভিযোগ আহিছে গুজৰাটৰ পৰা৷

–লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী