Logo
image

মহাজোঁটৰ প্ৰাৰ্থী জয়পুৰত বন্দী কিয়? ভেদ ভাঙিলে ৰিপুণ বৰাই

আমাৰ অসম, ১২ এপ্ৰিলঃ ‘এবাৰ সাপে খালে, লেজুলৈকো ভয় থাকে৷ বিজেপি হৰ্ছ ট্ৰেডিঙৰ মাষ্টাৰ৷ বিজেপিয়ে গোৱাত হৰ্ছ ট্ৰেডিং কৰিছে, মধ্য প্ৰদেশত হৰ্ছ ট্ৰেডিং কৰি আমাৰ চৰকাৰ ভাঙিছে, কৰ্ণাটকত কৰিছে, মণিপুৰত কৰিছে৷ ৰাজস্থানতো আমাৰ ১৮জন এম এল এক হৰ্ছ ট্ৰেডিং কৰি বিজেপিয়ে চৰকাৰ ভাঙিব বিচাৰিছিল যদিও সফল নহ’ল৷ সেয়েহে হৰ্ছ ট্ৰেডিঙক লৈ আমি এইবাৰ আগতীয়াকৈ সজাগ হৈছো৷’–এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ৷ অসমত এইবাৰ বিজেপিয়ে চৰকাৰ কৰাৰ কোনো উপায় নাই বুলি মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়–‘হতাশাত ভোগা বিজেপিয়ে যিকোনো পৰ্যায়লৈকে যাব পাৰে৷ কিন্তু হৰ্ছ ট্ৰেডিং কৰি জোৰা টাপলি মাৰি বিজেপিয়ে অসমত চৰকাৰ কৰাটো অসম্ভৱ৷ কিয়নো কোনোবা কংগ্ৰেছ বিধায়কে বিজেপিৰ পৰা টকা-পইচালৈ বিজেপিলৈ গ’লেও ৰাইজে এইবাৰ সুদাই নেৰিব৷ সমষ্টিৰ ৰাইজেই এনে বিধায়কৰ ঘৰ-দুৱাৰ জ্বলাই দিব৷ অৱশ্যে হৰ্ছ ট্ৰেডিঙৰ ভয়ত মহাজোঁটৰ বিধায়কক ৰাজস্থানৰ হোটেলত ৰখাৰ সন্দৰ্ভত মই জ্ঞাত নহয়৷ এই সন্দৰ্ভত মই সংবাদ মাধ্যমৰ পৰাহে শুনিছো৷ মই জনাত নিৰ্বাচনৰ ভাগৰ মাৰিবলৈ তেওঁলোক ফুৰিবলৈহে বাহিৰলৈ গৈছে৷ আমাৰ কংগ্ৰেছৰ বিধায়ক পদৰ প্ৰাৰ্থীসকলক ক’তো বাহিৰলৈ পঠোৱাৰ আমাৰ পৰিকল্পনা নাই৷ প্ৰথম পৰ্যায়ৰ বিধানসভাৰ নিৰ্বাচনত ৩৫+, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৩০+ আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৪৫ খন আসন মহাজোঁটে লাভ কৰাটো নিশ্চিত৷ বিজেপিৰ মিছন ১০০+ এতিয়া পষ্টাৰ, হৰ্ডিঙতহে আছে৷ হিমন্ত বিশ্ব শৰ্মা এতিয়া ৯০+ লৈ নামিছে৷ ৰঞ্জিত দাসেটো ৮০+ লৈ নামি আহিল৷ হয়তো ২ মে’ত চিংগল ডিজিটেললৈ নামিব বিজেপি৷’ ইফালে কংগ্ৰেছৰ ৫ গেৰাণ্টিৰ সন্দৰ্ভত মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কৰা বিৰূপ মন্তব্য সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়–‘হিমন্ত বিশ্ব কি, ক’ত কিয় বিখ্যাত বুলি ক’লে ক’ব পাৰি যে তেওঁ উপলুঙা, বেলেগক তুচ্ছ তাচ্ছল্য কৰাৰ বাবে বিখ্যাত৷ কংগ্ৰেছৰ গেৰাণ্টি মানে দায়িত্ব বহন৷ হিমন্ত বিশ্বই পি এইচ ডি এনেয়েই কৰিলে নেকি যে গেৰাণ্টি শব্দৰ অৰ্থ বুজি নাপায়৷ তেওঁ জানিও নজনাৰ ভাও ধৰে৷’ উল্লেখ্য, মহাজোঁটৰ প্ৰাৰ্থী জয়পুৰত বন্দী কিয়? আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই ভেদ ভঙা বুলিও চৰ্চা হৈছে৷

আমাৰ হৰ্ছ ট্ৰেডিঙৰ প্ৰয়োজন নাইঃ অতুল, কেশৱ

‘চৰকাৰ আমাৰ, হৰ্ছ ট্ৰেডিঙৰ প্ৰয়োজন নাই৷’ একেমুখে ক’লে অতুল বৰা, কেশৱ মন্তই৷ হৰ্ছ ট্ৰেডিঙৰ ভয়ত মহাজোঁটৰ অংশীদাৰ এ আই ইউ ডি এফৰ ১৮ বিধায়কক ৰাজস্থানৰ পঞ্চতাৰকা হোটেলত বন্দী কৰি ৰখা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই কয়– ‘হৰ্ছ ট্ৰেডিঙৰ কথা আহিল কেনেকৈ৷ কংগ্ৰেছ, ইউ ডি এফে যিসকলক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, সেইসকলৰ ওপৰত বিশ্বাস নথকাটো সঁচাকৈ দুৰ্ভাগ্যজনক৷ তেওঁলোক এনেকুৱাই দুৰ্বল ৰাজনীতিক নেকি, নীতিবিহীন ৰাজনীতিত তেওঁলোক বিশ্বাসী নেকি, যাৰ বাবে তেওঁলোকক আকৌ বাহিৰলৈ বেলেগধৰণে পঠিয়াবলগীয়া হৈছে৷ আচলতে নিজৰ বিধায়কৰ ওপৰতে বিশ্বাস নাই মহাজোঁটৰ৷ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত অসম গণ পৰিষদ, ইউ পি পি এলৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত৷ ৰাইজে ইতিমধ্যে ৰায়দান কৰিছে তিনিটা পৰ্যায়ৰ নিৰ্বাচনত৷ এই ৰায়দান আমাৰ পক্ষতে থকা বুলি আমি আত্মবিশ্বাসী৷ ২০১৬ চনৰ পৰা আমাৰ মিত্ৰজোঁটৰ চৰকাৰখনে যি ভাল কাম কৰিছে, সেই ভাল কামৰ ফল নিশ্চয় ভালেই হ’ব৷ এইবাৰ বিধানসভাৰ নিৰ্বাচনত ৰাইজৰ পাৰভঙা উছাহে প্ৰমাণ কৰিলে যে চৰকাৰ আমাৰ৷’ ইফালে, একেই প্ৰসংগত অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই এনেদৰে কয়– ‘বিধানসভাৰ তিনিটা পৰ্যায়ৰ নিৰ্বাচনত ক’তো মহাজোঁটৰ অংশীদাৰসকল একেখন মঞ্চতে উঠিব নোৱাৰিলে৷ তেওঁলোকৰ নিজৰ ওপৰত প্ৰথমতে নিজৰ বিশ্বাস নাই৷ তেওঁলোকৰ সম্ভাব্য প্ৰাৰ্থীসকলৰ ওপৰতো দলৰ বিশ্বাস নাই, সেয়ে আঁতৰাই নিব বিচাৰিছে৷’ ইফালে, হৰ্ছ ট্ৰেডিঙৰ সন্দৰ্ভত বিজেপিৰ টিকটবঞ্চিত বিধায়ক শিলাদিত্য দেৱে কয়– ‘মহাজোঁট নিৰ্বাচনত পৰাজিত হোৱাটো নিশ্চিত৷ হৰাৰ পাছত ইভিএম টেম্পাৰিঙৰ অভিযোগ আনিব বিৰোধীয়ে৷ হৰ্ছ ট্ৰেডিং আজিকালি ইণ্টাৰনেটত হয়৷ বিৰোধীৰ নিজৰ প্ৰাৰ্থীৰ ওপৰত বিশ্বাস নাই৷’