
শুল্ক আদায় নিদিয়াকৈ বিমানযাত্ৰীয়ে কিমান সোণ আনিব পাৰে
বিমানেৰে চোৰাংকৈ সোণ সৰবৰাহ কৰি শেহতীয়াকৈ কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা বিভাগ অৰ্থাৎ ডাইৰেক্টৰেট অৱ ৰেভিনিউ ইণ্টেলিজেন্সিৰ দ্বাৰা গ্ৰেপ্তাৰ হ’ব লগা হৈছে দাক্ষিণাত্যৰ অভিনেত্ৰী ৰান্যা ৰাও৷ অভিনেত্ৰীগৰাকীৰ পৰা ৰাজহ চোৰাংচোৱাই ১৪.৯ কিলোগ্ৰাম সোণ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ এই বৃহৎ পৰিমাণৰ সোণখিনি ৰান্যাই পিন্ধি থকা পোছাক আৰু শৰীৰৰ বিভিন্ন অংশত ক্ৰেপ বেণ্ডেজেৰে বান্ধি লুকুৱাই আনিছিল৷ ডুবাইৰ পৰা চোৰাংভাৱে অনা ১৭ কোটি ৩০ লাখ টকাতকৈও অধিক মূল্যৰ সোণসহ ৰান্যা বেংগালুৰু বিমান বন্দৰত গ্ৰেপ্তাৰ হয়৷ এই ঘটনাৰ পাছত স্বাভাৱিকতে বিভিন্নজনৰ মনত প্ৰশ্নৰ উদয় হৈছে যে বিদেশী বা ঘৰুৱা বিমানত এজন যাত্ৰীয়ে কিমান পৰিমাণৰ সোণ পিন্ধি যাত্ৰা কৰিব পাৰে?
হালধীয়া মূল্যবান এই ধাতুৰ সৈতে বিমান যাত্ৰা কৰাৰ ক্ষেত্ৰত শুল্ক বিভাগৰ কেতবোৰ নিৰ্দিষ্ট নিয়ম আছে৷ অৱশ্যে নেপাল, ভূটান বা ম্যানমাৰৰ বাহিৰে আন কোনো দেশৰ পৰা ভাৰতলৈ আহিলে কিছু পৰিমাণৰ সোণ বা ৰূপৰ ক্ষেত্ৰত শুল্ক আদায় দিবলগীয়া নহয়৷
শুল্ক দপ্তৰৰ নিয়ম বুলি ক’লে অকল সোণ বা ৰূপৰ অলংকাৰকে বুজোৱা নাই৷ এই নিয়মত পকা সোণৰ টুকুৰাও অন্তৰ্ভুক্ত কৰা হৈছে৷ কেন্দ্ৰীয় শুল্ক দপ্তৰৰ ভাৰতীয় বা বিদেশত বিমান যাত্ৰীক লগত ৫০ হাজাৰ টকা মূল্যৰহে সোণ বা ৰূপৰ অলংকাৰ নিবলৈ অনুমতি দিয়ে৷
তদুপৰি ভাৰতৰ কোনো পুৰুষ নাগৰিক এবছৰতকৈ বেছি সময় বিদেশত থাকিলে ঘৰলৈ ওভোটাৰ সময়ত সৰ্বাধিক ২০ গ্ৰামলৈকে শুল্ক মুক্ত সোণ লৈ অহাত অনুমতি প্ৰদান কৰা হয়৷ কিন্তু এই পৰিমাণৰ সোণৰ মূল্য ৫০ হাজাৰ টকাতকৈ অধিক হ’ব নোৱাৰিব৷ মহিলাৰ ক্ষেত্ৰত ৪০ গ্ৰাম সোণ বিদেশৰ পৰা অনাৰ অনুমতি আছে৷ কিন্তু সোণখিনিৰ মূল্য যদি এক লাখ টকাতকৈ বেছি হয় তেন্তে অতিৰিক্ত মূল্যৰ বিপৰীতে শুল্ক আদায় দিব লাগিব৷
অৱশ্যে বিদেশৰ পৰা ইয়াতকৈ বেছি সোণসহ বিমানেৰে উভতি আহিব নোৱাৰিব বুলি কোনো কথা নাই৷ নিৰ্দিষ্ট কৰি দিয়া সোণৰ পৰিমাণতকৈ যদি কোনো বিমান যাত্ৰীয়ে অতিৰিক্ত সোণ লগত আনে তেন্তে তাৰ বিপৰীতে যাত্ৰীজনে শুল্ক আদায় দিব লাগিব৷ অন্যথা সোণ চোৰাংকৈ সৰবৰাহ কৰাৰ অভিযোগত বিমান যাত্ৰীজন গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত৷ যিটো কানাড়া অভিনেত্ৰী ৰান্যা ৰাওৰ ক্ষেত্ৰত হ’ল৷