কাৰ কিমান বল
‘Nobody Can Argue With ত্তঙ্গ’– আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতৰ প্ৰধামন্ত্ৰী মোদীৰ সৈতে আজি কিছুদিন পূৰ্বে দেশ দুখনৰ পাৰস্পৰিক শুল্ক বিষয়ত হোৱা আলোচনাৰ কথা মনত পেলাই কোটিপতি ইলন মাস্কৰ স’তে হোৱা ফক্স নিউজ নামৰ এটা টেলিভিছনত শ্বেন হেনিটিৰ সৈতে হোৱা এক বাৰ্তালাপত এইদৰে প্ৰকাশ কৰে৷ এই কথা সৰ্বত্ৰ চৰ্চা হৈছে যে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰে পৰা ট্ৰাম্পৰ আচৰণ পূৰ্বতকৈ কিছু পৃথক হৈছে আৰু ট্ৰাম্পে আমেৰিকাৰ আমূল পৰিৱৰ্তন বিচাৰিছে৷ ড’নাল্ড ট্ৰাম্পে বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত আমেৰিকা আৰু ইয়াৰ অংশীদাৰ দেশসমূহৰ মাজত বৰ্তমানৰ শুল্ক গাঁথনিৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক্ষোভ আৰু আক্ষেপেৰে উল্লেখ কৰে যে আমেৰিকাৰ পৰা আমদানি কৰা কিছুমান বিশেষ সামগ্ৰীৰ ওপৰত ভাৰতে বিশ্বৰ ভিতৰতে সৰ্বোচ্ছ শুল্ক আৰোপ কৰি আহিছে বিগত সময়ছোৱাত৷ যাৰ বাবে সেইবোৰ সামগ্ৰীৰ দাম ভাৰতত অত্যধিক হৈছে আৰু ইয়াৰ ফলত বাণিজ্যিক ক্ষেত্ৰখনত নেতিবাচক প্ৰভাৱ পৰিছে৷ কোটিপতি ইলন মাস্কৰ সৈতে হোৱা উক্ত যৌথ টেলিভিছন সাক্ষাৎকাৰটোত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে স্পষ্ট কৰি দিয়ে যে ভাৰতক ৱাশ্বিংটনৰ পাৰস্পৰিক শুল্কৰ পৰা ৰেহাই দিয়া নহ’ব৷ ফক্স নিউজৰ শ্বেন হেনিটিৰ সৈতে হোৱা সেই বাৰ্তালাপতে ৰাষ্ট্ৰপতি ট্ৰাম্পে স্পষ্টকৈ প্ৰকাশ কৰে যে আমদানিৰ ক্ষেত্ৰত ভাৰতে যিদৰে অধিক কৰ আৰোপ কৰিছে সেই লৈ তেঁও মুঠেও সুখী নহয়৷ ভাৰতে আমেৰিকাৰ পৰা আমদানি কৰা বিশেষকৈ অট’মোবাইল খণ্ডত, য’ত বিদেশী গাড়ীৰ ওপৰত শুল্ক ১০০ শতাংশ পৰ্যন্ত ধাৰ্য কৰা হৈছে৷ যাৰ ফলত আমেৰিকাত নিৰ্মিত গাড়ীৰ দাম ভাৰতত অত্যন্ত বেছি হয়গৈ৷ কেৱল আমেৰিকাৰে নহয় সকলো বিদেশী গাড়ীৰ দাম ভাৰতত সৰ্বাধিক৷ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ কাষত বহি মিষ্টাৰ মাস্কেও এই কথাত ট্ৰাম্পক পূৰ্ণ সমৰ্থন জনোৱা দেখা গৈছে৷ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ক্ষোভ এইখিনতে যে এনে শুল্কৰ বাবে আমেৰিকাৰ কোম্পানীসমূহে ভাৰতত নিজৰ সামগ্ৰী উৎপাদন কাৰখানা স্থাপন নকৰালৈকে ভাৰতত তেওঁলোকৰ দ্বাৰা নিৰ্মিত সামগ্ৰী বিক্ৰী কৰাটো প্ৰায় অসম্ভৱ হৈ পৰে অত্যধিক আমদানি শুল্কৰ বাবে৷ অন্য ফালেদি ভাৰতবৰ্ষৰ বুজন পৰিমাণৰ ৰাজহ নিৰ্ভৰ কৰে শুল্কৰ ওপৰত৷ কৰ-কাটল নাপালে চৰকাৰী আঁচনি প্ৰণয়ন কৰাই টান হৈ পৰিছে ভাৰতৰ বাবে৷ সেয়ে সকলো ক্ষেত্ৰত হয় কৰ বৃদ্ধি কৰা হৈছে নহয় নতুন কৰ আৰোপ কৰা হৈছে৷ কেৱল আমদানি শুল্কই নহয় ভাৰতৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ দুয়োটাই যথেষ্ট বেছি৷ দেশৰ জনসাধাৰণ ওপৰত কৰৰ বোজা ইমান বেছি হৈ আহিবলৈ ধৰিছে যে স্বচ্ছল জীৱন-যাপন কৰা সকলো শ্ৰেণীৰ লোকৰ বাবে সম্ভৱ হৈ থকা নাই৷ ট্ৰাম্পৰ মতে দুয়োখন দেশৰ প্ৰস্তাৱিত পাৰস্পৰিক শুল্ক ব্যৱস্থাৰ অধীনত আমেৰিকাই ভাৰতীয় আমদানিৰ ওপৰত যি স্তৰৰ শুল্ক আৰোপ কৰিব, ভাৰতেও আমেৰিকাৰ সামগ্ৰীৰ ওপৰত তেনেকৈ কৰ আৰোপ কৰা উচিত৷ উল্লেখযোগ্য যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীৰ ৱাশ্বিংটন ভ্ৰমণৰ পিছত দুয়োখন দেশে ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰি ৫০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লগতে ২০২৫ চনৰ দ্বিতীয়াদ্ধৰ্ৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য চুক্তিক লৈ এলানি আলোচনাৰ প্ৰতিশ্ৰুতি দিয়ে৷ মন কৰিবলগীয়া কথা যে ট্ৰাম্পৰ এই ঘোষণাৰ কিছুদিন পিছতে ভাৰত চৰকাৰে আমেৰিকাৰ পৰা আমদানিকৃত সামগ্ৰীৰ শুল্ক সংশোধন কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে বুলি বাতৰিত প্ৰকাশ পাইছে৷ কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে এই বছৰৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্পৰ মাজত হোৱা এক পাৰস্পাৰিক আলোচনাত ভাৰতে আমেৰিকাৰ পৰা খাৰুৱা তেল, গেছ আৰু এফ-৩৫ৰ নামত যুদ্ধ বিমান ক্ৰয় কৰিবলৈ সন্মতি প্ৰকাশ কৰে৷ যিটো সময়ত আমেৰিকাৰ পৰা শ শ অবৈধভাৱে বাস কৰি থকা ভাৰতীয়ক হাত-ভৰিত হাতকেৰেয়া লগাই স্বদেশলৈ বিতাড়ণ কৰা হৈছিল, ঠিক সেই সময়তে এনে পাৰস্পৰিক চুক্তি সম্পন্ন হৈছিল যদিও ভাৰতে বিশেষ ৰেহাই নাপালে৷ আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজ দেশত অবতৰণ কৰাৰ পিছ মুহূৰ্ততে পুনৰ আমেৰিকাই অবৈধ ভাৰতীয়ক বিতাড়ণ কৰি নিজৰ স্থিতিত অটল হৈ শক্তি প্ৰদৰ্শন কৰি থকাৰ কথা প্ৰকাশ কৰে৷ আমেৰিকাই কেৱল অবৈধ ভাৰতীয়কে নহয় এইবাৰ বৈধ ভাৰতীয়কো বিতাড়ণ কৰাৰ যো- জা চলাইছে৷ শেহতীয়াকৈ প্ৰকাশ হোৱা খবৰ অনুসৰি প্ৰথম পৰ্যায়ত এক লাখ ভাৰতীয়ক বিতাড়ণ কৰাৰ কথা চিন্তা কৰিছে আমেৰিকাই৷ যদি সেয়াই সত্য হ’বলৈ হয় তেন্তে আমেৰিকাত থকা প্ৰবাসী ভাৰতীয়ৰ জীৱনলৈ অনেক কষ্ট নামি আহিব৷ এই ক্ষেত্ৰত দুয়োখন দেশৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ ওপৰত বাৰে বাৰে প্ৰশ্ন উঠিব৷ প্ৰশ্ন উঠিব দেশৰ নেতাসকলক লৈ৷ স’ততে ট্ৰাম্পক বন্ধু বুলি অভিহিত কৰা নৰেন্দ্ৰ মোদীৰ কুটনৈতিক বিচক্ষণতাৰ ওপৰতো প্ৰশ্ন উঠিব৷ আচলতে কাৰ কিমান বল সেয়াও প্ৰদৰ্শিত হ’ব৷






