
নিতৌ গড়ে ৯০.২০ কোটি টকা ঋণ লৈছে চৰকাৰে
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ মাৰ্চঃ বিত্তমন্ত্ৰী অজন্তা নেওগে সোমবাৰে অসম বিধানসভাত উত্থাপন কৰা বাজেটক তীব্ৰ সমালোচনা কৰিছে বিৰোধী শিবিৰে৷ এইবাৰৰ বাজেট লোকৰ পিঠাৰে বিহু পতা বাজেট বুলি বিধায়ক অখিল গগৈয়ে অভিযোগ কৰাৰ বিপৰীতে ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিজৰ চাৰিবছৰীয়া কাৰ্যকালত ১,৪,২০২.৩১ কোটি টকা ঋণ লোৱা বুলি দাবী কৰে কংগ্ৰেছ দলে৷ আজিৰ বাজেটক সমালোচনা কৰি বিধায়ক অখিল গগৈয়ে কয়– নিৰ্বাচনৰ কাৰণে মানুহক কিনিবলৈ, মানুহৰ মন জয় কৰিবলৈ এইখন বাজেট বনোৱা হৈছে৷ হিমন্ত বিশ্ব শৰ্মাই এখনো ভাল বাজেট নিদিলে৷ বাজেটৰ ধন ক’ৰ পৰা আহিব? ১০০ টকাৰ ভিতৰত কেন্দ্ৰীয় কৰৰ অংশৰ পৰা ২৮.৬৩ টকা, কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ পৰা ১৫.৯৩ টকা, বিত্ত আয়োগৰ অনুদানৰ পৰা ২.৮৮ টকা, কেন্দ্ৰীয় চৰকাৰৰ পৰা ২০ পইচা, ৰাজ্য চৰকাৰৰ নিজস্ব উপাৰ্জনৰ পৰা ২৯.০৮ টকা আৰু ঋণৰ পৰা ২৩.২৮ টকা আহিব বুলি বাজেটত কোৱা হৈছে৷ গোটেই বাজেটখনৰ ১০০ টকাৰ ভিতৰত ৭০.৯১ টকা আহিব ঋণ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা৷ বাকী ২৯.০৮ টকা ৰাজ্য চৰকাৰৰ পৰা আহিব৷ এইখন বাজেট লোকৰ পিঠাৰে বিহু পতা বাজেট৷ নিজৰ টকাৰে চৰকাৰে দৰমহা আৰু পেন্সন দিবলৈও সক্ষম নহয়৷ অসমত জিএছডিপিৰ বৃদ্ধিৰ হাৰ কমিছে৷ ২০১৫-১৬ বৰ্ষত জি এছ ডি পিৰ বৃদ্ধিৰ হাৰ আছিল ১৭ শতাংশ৷ ২০২১-২২ বৰ্ষত ২১ শতাংশলৈ বৃদ্ধি পালে৷ ২৩-২৪ বৰ্ষত ১১ শতাংশলৈ বৃদ্ধি পালে আৰু ২০২৪-২৫ বৰ্ষত ১৩ শতাংশলৈ হ্ৰাস পালে জি এছ ডি পিৰ বৃদ্ধিৰ হাৰ৷ এয়া অসমৰ অৰ্থনীতিৰ প্ৰকৃত অৱস্থা৷ অসমৰ অৰ্থনীতিৰ ভয়াৱহ অৱস্থা আহি পৰিছে৷ ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে এইখন বাজেটত ব্যক্তিগত হিতাধিকাৰী আঁচনি ঘোষণা কৰাৰ বাহিৰে একো নাই৷ অসমৰ মানুহক টুপী পিন্ধাবলৈ কৃত্ৰিম উপগ্ৰহৰ কথা হৈছে৷ সপোন দেখুৱাইছে৷ অথচ অসমৰ গ্ৰামাঞ্চলৰ ৮৪ শতাংশ আৰু চহৰাঞ্চলৰ ৬৫ শতাংশ মানুহক ৰেচন দিয়ে চৰকাৰে৷
দৈনিক গড়ে ঋণৰ পৰিমাণ ৯০.২০ কোটিঃ কংগ্ৰেছ
আজিৰ বাজেটত এটা তথ্য দেখি আমি আচৰিত হৈছোঁ৷ ঋণ লৈ ধন দান, ঋণ দান, আঁচনি সমূহক লৈ মনত অলপ সংশয় হৈছে/ আজি অসম চৰকাৰে প্ৰকাশ কৰি উলিওৱা Economic Survey of Assamত উল্লেখ কৰিছে যে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পৰা যোৱা ৪টা বিত্তীয় বৰ্ষত ক্ৰমে ঋণ গ্ৰহণ কৰিলে–২০২১-২২ বৰ্ষত ১৭,১৪৮.৪১ কোটি, ২০২২-২৩ বৰ্ষত ৩০,৫১০.৮০ কোটি, ২০২৩-২৪ বৰ্ষত ৪৬,৯৯৪.০৫ কোটি, ২০২৪-২৫ বৰ্ষত ৩১,৫৪৯.০৫ কোটি [এতিয়াও সম্পূৰ্ণ বিত্তীয় বৰ্ষৰ তথ্য দাঙি ধৰা নাই৷ আৰু কেই হাজাৰমান কোটিৰ যোগ হোৱাৰ সম্ভাৱনা আছে] অৰ্থাৎ ড॰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰিত্বৰ কালৰ বিগত ৪টা বৰ্ষত অসম চৰকাৰে বিভিন্ন উৎসৰ পৰা ঋণ গ্ৰহণ কৰিলে মুঠ ১, ৪, ২০২.৩১ কোটি টকা৷ যদি ড॰ শৰ্মাৰ কাৰ্যকাল দিন হিচাবে হিচাপ কৰো তেন্তে আজিৰ দিনটোৰ লৈকে তেখেতৰ মুখ্যমন্ত্ৰিত্বৰ কাৰ্য কাল হৈছেগৈ ১৩৯৯ দিন৷ তেখেতে মুখ্যমন্ত্ৰিত্বৰ শপত গ্ৰহণ কৰিছিল ১০ মে’ ২০২১ চনত আৰু আজি হৈছে ১০ মাৰ্চ ২০২৫ চন৷ অৰ্থাৎ প্ৰায় ৩ বছৰ ১০ মাহ দিন৷ এই তথ্যৰ আধাৰতে যদি ৰ,চ্ছ,২০২.৩১ কোটি টকাৰ ঋণক ১৩৯৯ দিনে ৰে হৰণ কৰো তেন্তে যোৱা চ্ছ্ৰ বছৰত দৈনিক অসম চৰকাৰে ঋণ গ্ৰহণ কৰিছে ৯০.২০ কোটিকৈ৷ ইও একপ্ৰকাৰৰ চমক সৃষ্টিকাৰী ৰেকৰ্ড৷ এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰৰ৷
হিতাধিকাৰী বাজেট আখ্যা অসম জাতীয় পৰিষদৰ
বিত্তমন্ত্ৰী অজন্তা নেওগে আজি অসম বিধান সভাত দাখিল কৰা ২০২৫-চ্ছ বিত্ত বৰ্ষৰ বাৰ্ষিক বাজেটক হিতাধিকাৰী বাজেট আখ্যায়িত কৰিছে অসম জাতীয় পৰিষদে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়– এয়া ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ বাবে কেনেকৈ ভোট আদায় কৰিব পাৰি, সেই লক্ষ্যৰে বিত্ত মন্ত্ৰীয়ে এই বাজেট প্ৰস্তুত কৰিছে - যাৰ সৈতে প্ৰকৃতপক্ষে জনকল্যাণৰ কোনো সম্পৰ্ক নাই৷ চৰকাৰৰ প্ৰাথমিক দায়িত্ব আৰু কৰ্তব্য হৈছে জনকল্যাণৰ অগ্ৰাধিকাৰ দিয়া৷ কিন্তু অজন্তা নেওগৰ এইবাৰৰ বাজেটত সেই বিষয়টোত কোনো গুৰুত্বই দিয়া হোৱা নাই৷ তাৰ সলনি বিজেপি দলৰ বাবে ভোট সৃষ্টিকৰ্ম প্ৰাধান্য দিয়া হৈছে৷ এয়া দুৰ্ভাগ্যজনক৷ অসম হৈছে কৃষি অৰ্থনীতি নিৰ্ভৰ এখন ৰাজ্য৷ আমাৰ ইয়াত ৮০ শতাংশ লোকৰ জীৱন জীৱিকা কৃষি কৰ্মৰ ওপৰত চলে৷ অথচ এফালে সাৰ, কীট নাশক, বীজ আদিৰ অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত মূল্য বৃদ্ধি আৰু আনহাতে পৰ্যাপ্ত পানীৰ অভাৱত কৃষকসকলৰ অৱস্থা দিনে দিনে পানীত হাঁহ নচৰাৰ দৰে হৈছে৷ এনে পৰিস্থিতিত চৰকাৰে ৰাজ্যত জলসিঞ্চনৰ উপযুক্ত ব্যৱস্থা কৰাৰ লগতে সাৰ, বীজ, কীট নাশক আদি পৰ্যাপ্ত পৰিমাণে যোগানৰ ব্যৱস্থা বাজেটত ধাৰ্য্য কৰিব লাগিছিল৷ বিজেপি চৰকাৰে তেওঁলোকৰ দুয়োটা কাৰ্য্যকালত জলসিঞ্চন বিভাগটোক চূড়ান্তভাৱে উপেক্ষা কৰাটো ৰাজ্যখনৰ ভৱিষ্যতৰ বাবে ক্ষতিকৰ৷ যি সময়ত ৰাজ্যৰ ৯৮ শতাংশ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা নাই, তেনে সময়ত কৃষি অৰ্থনীতিৰ ৰাজ্য অসমৰ অৰ্থনৈতিক বিকাশ সাধন কৰাটো কঠিন৷ বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান বিজেপি দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল৷ বিগত প্ৰায় জ্ঝ বছৰে বিজেপি চৰকাৰে বান-খহনীয়া প্ৰতিৰোধৰ কোনো ধৰণৰ উদ্যোগ গ্ৰহণ কৰা দেখা নগ’ল৷ ৰাইজৰ আশা আছিল যে বিজেপি মিত্ৰজোঁট চৰকাৰে হয়তো শেষ বাজেটত কিবা এটা কৰিব৷ কিন্তু বান-খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ প্ৰসংগই এই বাজেটত উল্লেখ নাই৷ ৰাজ্যৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী, দৰৱ, নিৰ্মাণ সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্য বৃদ্ধি প্ৰতিৰোধৰ কোনো ৰূপৰেখা বাজেটত উল্লেখ কৰা নহ’ল৷ আশা কৰ্মী, অংগনৱাড়ী কৰ্মী, স্বাস্থ্য বিভাগৰ কেজুৱেল তথা অন্যান্য কৰ্মচাৰী, শিক্ষক-শিক্ষামিত্ৰক কাৰো দাবী পূৰণৰ ৰূপৰেখা বাজেটত উল্লেখ নহ’ ল৷ কেৱল অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ৩৭.২ লাখলৈ বৃদ্ধি তথা অন্যান্য হিতাধিকাৰী আঁচনিৰ অন্তৰ্গত হিতাধিকাৰীৰ সংখ্যা আৰু পৰিমাণ বৃদ্ধিৰ বাহিৰে আন কোনো উল্লেখযোগ্য দিশ বাজেটত আছে বুলি কব নোৱাৰি৷ চৰকাৰৰ ৰাজনৈতিক বাজেটে জনগণৰ প্ৰকৃত কল্যাণ সাধণ নকৰে৷
ঋণৰ ওপৰত নিৰ্ভৰশীল নিৰ্বাচনমুখী বাজেটঃ আপ
২০২৫-২৬ ৰ বাবে বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰা বাজেটখনে অসমৰ জনগণক নিজৰ মৌলিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত কোনো সঠিক পথৰ সন্ধান দিব নোৱাৰিলে৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে নাই কোনো সবল পদক্ষেপ, নিবনুৱা সমস্যা সমাধানৰ বাবে কোনো সুদুৰপ্ৰসাৰী আঁচনিৰ উল্লেখ নাই, কৃষকৰ সমস্যা সমাধানৰ বাবে কোনো বিস্তৃত পৰিকল্পনা নাই৷ মুঠতে আজিৰ বাজেটখন হিতাধিকাৰী সৃষ্টি কৰা তথা নিৰ্বাচনমুখী এখন গতানুগতিক বাজেটহে৷ এই অভিযোগ আম আদমি পাৰ্টীৰ৷ আজিৰ বাজেটক লৈ আপ, অসমৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয়– বাজেটত ধাৰ্য্য কৰা ৰ লাখ ৫৫ হাজাৰ ৮৯৫ কৌটি টকাৰ উৎস কি? চৰকাৰে বাৰম্বাৰ কৈ আহিছে যে উন্নয়নৰ নামতহে ঋণ লৈছে৷ যদিও তথ্যই কয় যে চৰকাৰে মূলধনী ব্যয়তকৈ ৰাজ ব্যয়তহে অত্যধিক গুৰুত্ব আৰোপ কৰিছে৷ চৰকাৰখনে উৎপাদনশীল কাম ব্যয় বৃদ্ধি কৰাৰ পৰিৱৰ্তে হিতাধিকাৰী সৃষ্টি আৰু ব্যয়ত অধিক গুৰুত্ব প্ৰদান কৰিছে৷ যি ৰাজ্যখনৰ অৰ্থনৈতিক ভৱিষ্যতৰ বাবে শুভ লক্ষণ নহয়৷ আজিৰ বাজেটে অসমৰ আৰ্থিক সংকটৰ পৰা উদ্ধাৰ কৰিব পৰাকৈ গ্ৰহণ কৰা কোনো দিক্দৰ্শী বাজেট নহয়৷ ই সম্পূৰ্ণৰূপে বাস্তৱবিমুখ, ঋণ নিৰ্ভৰশীল আৰু সাধাৰণ মানুহক মূল্যবৃদ্ধি, মুদ্ৰাস্ফীতি, ক্ৰম ক্ষমতা হ্ৰাস আদিৰ পৰা একেবাৰে সকাহ দিব নোৱাৰা বাজেট৷ আজিৰ বাজেট সমস্যাৰে জৰ্জড়িত জনসাধাৰণৰ বাবে নিৰাশজনক আৰু দূৰদৃষ্টিহীন বাজেট৷
‘থলুৱা মানুহৰ ভূমি অধিকাৰৰ পৰিপন্থী’
‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ অসম বিধানসভাত সোমবাৰে দাখিল কৰা বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে৷ এই সম্পৰ্কে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ অন্যতম আহ৩ায়ক প্ৰণৱ দলে আৰু সুব্ৰত তালুকদাৰে সোমবাৰে সংবাদ মাধ্যমক কয় যে আজিৰ বাজেটৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে কৃষকৰ মাটি বৃহৎ বনিয়ালৈ হস্তান্তৰ কৰণৰ বাবে সকলো ৰাস্তা সুচল কৰি দিলে৷ বাজেটত অসমৰ ঔদ্যোগিক পৰিৱেশ শক্তিশালীকৰণ, ভূমি নীতি সংস্কাৰ, কাৰ্বি আংলং- পশ্চিম কাৰ্বি আংলং- ডিমা হাচাও জিলাক নিৰ্মল শক্তি কেন্দ্ৰৰূপে গঢ়ি তোলাৰ যি প্ৰস্তাব গ্ৰহণ কৰিছে, এই প্ৰস্তাবসমূহৰ আৰৰ কথাটোৱেই হৈছে অসমৰ খাটিখোৱা মানুহৰ মাটি পানীৰ দৰত বৃহৎ বনিয়ালৈ হস্তান্তৰকৰণ৷ বাজেটৰ ভাষাসমূহ শুৱলা, কিন্তু ইয়াৰ আঁৰৰ পৰিকল্পনা অতি কঠুৱা৷ বাজেটত জাগীৰোড আৰু পলাশবাৰীত এছীয় উন্নয়ন বেংকৰ বিত্তীয় সাহায্যৰে বৃহৎ টাউনশ্বিপ প্ৰকল্পৰ পৰিকল্পনা কৰিছে৷ টাউনশ্বিপৰ মাটি কাৰ পৰা চৰকাৰে অধিগ্ৰহণ কৰিব আৰু কাক দিব? নিশ্চয় থলুৱা খেতিয়কৰ পৰা অধিগ্ৰহণ কৰিব আৰু আদানী - আম্বানীৰ দৰে বৃহৎ বেপাৰীক সেই মাটি হস্তান্তৰ কৰা হব৷ এই দুটা অঞ্চলৰ বেছিভাগ মানুহৰেই মাটিৰ পট্টা নাই আৰু চৰকাৰে খাজনা লোৱাও বন্ধ কৰিছে৷ পৰিকল্পিতভাবে চৰকাৰে ইয়াৰেই সুযোগ এতিয়া ল’ব বিচাৰিছে৷ ভূমি নীতি সংস্কাৰৰ জৰিয়তে খেতিমাটি ঔদ্যোগিক মাটিলৈ শ্ৰেণী পৰিৱৰ্তনৰ নীতি - নিয়ম চৰকাৰে শিথিল কৰিব বিচৰাটো ভয়ংকৰ কথা৷ বিগত ৩ বছৰত কেৱল পলাশবাৰীত ৩৭৩ বিঘা মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে৷ এতিয়া নিয়ম শিথিলকৰণৰ জৰিয়তে এই প্ৰক্ৰিয়া আৰু ব্যাপক হব৷ এনেকৈ চলি থাকিলে নিকট ভৱিষ্যতত অসমত খাদ্যশস্যৰ নাটনি হোৱা আৰু থলুৱা মানুহৰ হাতত মাটি নোহোৱা হোৱাৰ আশংকাই প্ৰবল৷ বাজেটত কোৱা হৈছে যে, কাৰ্বি আংলং আৰু ডিমা হাছাওক পুনৰ্নবীকৰণ শক্তিৰ উৎস হিচাপে গঢ়ি তোলা হ’ব৷ ইতিমধ্যেই কাৰ্বি আংলংৰ ১৮০০০ হাজাৰ বিঘা মাটিত প্ৰায় ২০০০০ মানুহক উচ্ছেদ কৰি স্থাপন কৰিব খোজা বৃহৎ সৌৰ শক্তি প্ৰকল্পই সমগ্ৰ ৰাজ্যত বিতৰ্কৰ সৃষ্টি কৰিছে৷ পুনৰ্নবীকৰণ শক্তি আমাক লাগিব, কিন্তু বৃহৎ প্ৰকল্পৰ জৰিয়তে নহয়৷ ৰাইজৰ জীৱন - জীৱিকা আৰু পৰিৱেশৰ প্ৰতি ভাবুকি নোহোৱা সৰু সৰু প্ৰকল্পৰ জৰিয়তে শক্তি কেন্দ্ৰ গঢ়ি তোলাতহে চৰকাৰে গুৰুত্ব দিব লাগে৷ বিগত সময়চোৱাত আমি দেখিছো পুনৰ্নবীকৰণ শক্তি কেন্দ্ৰসমূহ চৰকাৰে আদানীৰ হাতত গটাই দিছে৷ কাৰ্বি আংলং- ডিমা হাছাওতো যে স্থানীয় মানুহৰ মাটি বৃহৎ শক্তি প্ৰকল্পৰ জৰিয়তে আদানীৰ হাতলৈ নাযাব, তাৰ কি গেৰাণ্টি আছে৷ চৰকাৰে নিজৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি প্ৰথমতে সাধাৰণ খাটিখোৱা মানুহক মাটিৰ পট্টা প্ৰদান কৰা বিষয়টোতহে গুৰুত্ব প্ৰদান কৰিব লাগে৷ কিন্তু দেখা গৈছে যে, চৰকাৰে সম্পূৰ্ণভাবে এই বিষয়টোৰ পৰা আঁতৰি ফুৰিছে৷ এয়া যথেষ্ট দুৰ্ভাগ্যজনক৷’
‘প্ৰতিবন্ধীৰ বাবে এটাও দফা সন্নিৱিষ্ট নহ’ল’
‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ ‘সব্কা সাথ সব্কা বিকাশ’ৰ শ্ল’গান দিয়া হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে সোমবাৰে অসম বিধানসভাত দাখিল কৰা বাজেটখন কথাৰ ফুলজাৰিৰ বাহিৰে একো নহয়৷ প্ৰধানমন্ত্ৰীয়ে সন্মানজনকভাৱে দিব্যাংগ বুলি অভিহিত কৰা প্ৰতিবন্ধীক ৰাজ্য চৰকাৰখনে যে গুৰুত্বই নিদিয়ে সেয়া এইবাৰৰ বাজেটত প্ৰতিফলিত হ’ল৷ কিয়নো সাধাৰণ মানুহৰটো বাদেই ষোল্ল লাখ কোটি টকীয়া বাজেটখনত প্ৰতিবন্ধী লোকসকলৰ বাবে মুঠ বাজেটৰ ০.০৫ শতাংশতকৈয়ো কম ধন ধাৰ্য কৰি আভূৱা ভৰাব বিছাৰিছে৷ মুঠৰ ওপৰত সোমবাৰে দাখিল কৰা বাজেটখনে প্ৰতিবন্ধী সকলক ভাতে মৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে৷ মালাকাৰে সোমবাৰে সংবাদ মাধ্যমক লগতে কয় বাজেটখনৰ প্ৰতিটো পৃষ্ঠাত হিতাধিকাৰীৰ লাভালাভ হোৱা বুলি দেখুৱাব বিছাৰিছে যদিও প্ৰকৃতাৰ্থত সেয়া হোৱা নাই৷ কিয়নো আমি বাৰম্বাৰ দাবী জনাই আহিছিলোঁ যে পূৰ্বতে প্ৰতিবন্ধী আইনৰ ২৪নং দফা অনুসৰি প্ৰতিবন্ধী সকলক পেঞ্চন প্ৰদান কৰিছিল যদিও প্ৰতিবন্ধী আইন ২০১৬ ৰ ২৪ নং দফা অনুসৰি ৰাজ্যখনত চলি থকা চৰকাৰী আঁচনিত সৰ্বাধিক আদায় দিয়া ধনৰাশিৰ লগত প্ৰতিবন্ধীসকলক ২৫ শতাংশ ধন অতিৰিক্তভাৱে আদায় দিব লাগে৷ যদি সেয়া হয় অৰুণোদয়ৰ ১২৫০ টকাৰ ঠাইত এজন প্ৰতিবন্ধী ব্যক্তিয়ে ১৫৬৩ টকাকৈ দিবৰ বাবে আমি বাৰম্বাৰ দাবী জনাই আহিছিলো যদিও আজিৰ বাজেটত সেয়া প্ৰতিফলিত হোৱা দেখা নগ’ল৷ ইয়াৰ উপৰি দৃষ্টিহীনৰ বাবে গুৱাহাটীৰ লতাকটাত থকা একমাত্ৰ দৃষ্টিহীন উচ্ছতৰ মাধ্যমিক বিদ্যালয়খন চৰকাৰীকৰণ কৰাৰ উপৰিও বিশেষ বিদ্যালয় সমূহৰ অনুদান, প্ৰতিবন্ধীৰ বাবে বেকলগ হৈ থকা পদসমূহ পূৰণ কৰা হ’ব বুলি বাজেটত উল্লেখ নথকাটোৱে চৰকাৰৰ যে প্ৰতিবন্ধী লোকৰ প্ৰতি অনিহা সেইটোকে স্পষ্ট কৰিছে৷ বাজেটখনে প্ৰতিবন্ধী সকলক বঞ্চনাই নহয় প্ৰতাৰণাও কৰিব বিছাৰিছে সেয়া ১০৯ পৃষ্ঠাৰ এখন বাজেটত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মাত্ৰ ৮৭- ৮৮ পৃষ্ঠাত প্তটা দফাই স্পষ্ট কৰিছে৷ ৰাইজৰ পক্ষত থকা বুলি দাবী কৰা সব্কা সাথ সব্কা বিকাশ’ৰ কথা কোৱা চৰকাৰখনে যে প্ৰতিবন্ধী সকলক তাৰ মাজত সামৰি লোৱা নাই সেয়া আজিৰ বাজেটৰ দ্বাৰাই প্ৰমাণিত হৈছে৷ মালাকাৰে লগতে কয় - আগন্তুক হবলগীয়া নিৰ্বাচন বাবে এইখন বাজেটে কেৱল ভোটাৰক আকৰ্ষণ কৰাৰ বাহিৰে একো নহয়৷ গতিকে বাজেটখন নিৰ্বাচনমুখী বাজেট বুলি কলেও ভুল কোৱা নহ’ব৷’