Logo
image

ৰাষ্ট্ৰীয় মাষ্টাৰ্চ এথেলেটিকচ্ চেম্পিয়নশ্বিপত ধেমাজিৰ খেলুৱৈৰ সাফল্য

'আমাৰ অসম’ৰ ধেমাজিৰ প্ৰতিবেদকঃ মাষ্টাৰ্চ এথলেটিকচ্ ফেডাৰেচন অৱ ইণ্ডিয়াৰ উদ্যোগত ৪ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ 'বাংগালুৰু স্পৰ্টচ অৰ্থৰিটি অৱ ইণ্ডিয়া' চমুকৈ ছাই ষ্টেডিয়ামত অনুষ্ঠিত ৪৫ সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্চ এথেলেটিকচ্ চেম্পিয়নশ্বিপ, ২০২৫ত ধেমাজি জিলাৰ চাৰিগৰাকী মাষ্টাৰ্চ খেলুৱৈয়ে নিজ নিজ শাখাত পদক বুটলিবলৈ সক্ষম হৈছে ৷ প্ৰতিযোগিতাখনিত ধেমাজিৰ নাৰায়ণ বুঢ়াগোহাঁইয়ে ১০০মিটাৰ দৌৰত সোণৰ পদক, পূৰেন্দ্ৰ প্ৰসাদ শইকীয়াই ডিস্কাছ থ্ৰ’ত ৰূপৰ পদক, ইভাৰাণী বৰুৱাই জেভলিন থ্ৰ’ত সোণৰ পদকৰ লগতে চটফুটত ৰূপৰ পদক আৰু নিৰু দেউৰীয়ে ৮০০ মিটাৰ আৰু ১৫০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷


উল্লেখ্য, প্ৰতিযোগিতাখনিত অসম দলৰ হৈ ৩৫ গৰাকী পুৰুষ আৰু ৫৯ গৰাকী মহিলা এথেলেটিকচে্ অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰে অসম দলে ৩৬টা সোণ, ২৯টা ৰূপ আৰু ২৮টা ব্ৰঞ্জৰ পদক লাভ কৰিছে বুলি ধেমাজিৰ মাষ্টাৰ্চ খেলুৱৈ পূৰেন্দ্ৰ প্ৰসাদ শইকীয়াই জানিবলৈ দিছে৷ ইফালে ধেমাজিৰ মাষ্টাৰ্চ খেলুৱৈয়ে এনেধৰণে ৰাষ্ট্ৰীয় ক্ৰীড়াত উজলি উঠা বাতৰিয়ে স্বাভাৱিকতে ধেমাজিৰ ক্ৰীড়াপ্ৰেমীক উৎফুল্লিত কৰিছে৷