Logo
image

মৰাণ-মটকৰ জনজাতিকৰণত কোনো অসুবিধা নাইঃ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ মাৰ্চঃ  ‘ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ’ব নে নাই, মই নাজানো৷ কিন্তু মৰাণ আৰু মটকৰ জনজাতিকৰণৰ সন্দৰ্ভত অসমৰ জনজাতীয় সমাজখনৰ অনুমোদন আছে৷ আমি আগুৱাই গৈ আছোঁ৷’– মঙলবাৰে বিধানসভাত অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত মন্ত্ৰীগোটে এই মাহতে প্ৰতিবেদন দিব৷ সকলো কথা আপোনালোকে গম পাবই৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মৰাণ, মটকৰ দৰে চাহ জনগোষ্ঠীৰ বাবেও এপিএছচিত চাকৰি সংৰক্ষণ কৰা হ’ব৷ চৰকাৰী চাকৰিত আমি ইতিমধ্যে চাহ জনগোষ্ঠীৰ বাবে ৩ শতাংশ সংৰক্ষণ দিছোঁ৷


উল্লেখ্য, ইতিমধ্যে বিধানসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত গঠন কৰা মন্ত্ৰীগোটৰ অধ্যক্ষ ডাঃ ৰূণোজ পেগুৱে সদৰী কৰিছে যে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ তেওঁলোকৰ অধ্যয়ন সম্পূৰ্ণ হৈছে৷ চলিত মাহতে তেওঁলোকে মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব৷ চলিত বিধানসভাতে এই প্ৰতিবেদন সদনত উত্থাপনৰ সম্ভাৱনা আছে৷ সকলো পক্ষৰ লগত কথা পাতি মন্ত্ৰীগোটে প্ৰতিবেদন প্ৰস্তুত কৰিছে৷