Logo
image

অসমলৈ অহাৰ পূৰ্বে অমিত শ্বাহক মণিপুৰক লৈ এজাউৰি দিলে গৌৰৱ গগৈয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ মাৰ্চঃ  মণিপুৰৰ প্ৰসংগক কেন্দ্ৰ কৰি মঙলবাৰে পুনৰ উত্তাল হৈ পৰে লোকসভা৷ মণিপুৰৰ বাজেটক লৈ হোৱা আলোচনাত অংশ লৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ সাংসদ গৌৰৱ গগৈৰ আক্ৰমণাত্মক স্থিতিৰ বিৰুদ্ধে শাসকীয় পক্ষ প্ৰতিবাদমুখৰ হৈ পৰাত লোকসভাত দীৰ্ঘ সময় ধৰি হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ আনকি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণো গৌৰৱ গগৈৰ সৈতে বাক্‌যুদ্ধত লিপ্ত হয়৷ বিত্তমন্ত্ৰী সীতাৰমণে গৌৰৱ গগৈ অভিযোগ খণ্ডন কৰিবলৈ বাৰম্বাৰ চেষ্টা কৰাত সংসদৰ পৰিস্থিতি অধিক উত্তাল হৈ পৰে৷ শাসক-বিৰোধীৰ বাক-বিতণ্ডাৰ মাজতে সাংসদ গৌৰৱ গগৈয়ে চৰকাৰক তুলাধূনা দি কয়– ২০১৩ চনৰ অনাস্থা প্ৰস্তাৱৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কৈছিল যে মণিপুৰত শীঘ্ৰে শান্তি উভতি আহিব৷ কিন্তু আজি আমি দেখিলোঁ যে মণিপুৰত ৰাষ্ট˜পতি শাসন বলৱৎ কৰা হ’ল৷ যিহেতু ২১ মাহ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে কৈছিল যে মণিপুৰত শীঘ্ৰে শান্তি আহিব, কিন্তু তাৰ পাছতো কিয় তাত ৰাষ্ট˜পতি শাসন জাৰি কৰা হ’ল? প্ৰধানমন্ত্ৰীয়ে ইয়াৰ কাৰণটো ক’ব লাগে৷ প্ৰধানমন্ত্ৰীয়ে ক’ব লাগে যে আজিপৰ্যন্ত তেওঁ মণিপুৰলৈ কিয় নগ’ল৷ মণিপুৰৰ বাজেট কিয় মণিপুৰ বিধানসভাত উত্থাপিত নহ’ল? আজৰি তাৰিখত মণিপুৰ বিধানসভাৰ স্থিতি কি? মণিপুৰ বিধানসভা ভংগ কৰি দিয়া হৈছে নে বিধানসভা নিলম্বিত কৰি ৰখা হৈছে? কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই আলোচনাত অংশ লওঁক আৰু কওঁক যে বিধানসভাৰ স্থিতি কি? মণিপুৰত যে ৰাষ্ট˜পতিৰ শাসন জাৰি কৰা হ’ল তাৰ নৈতিক দায়িত্ব গৃহমন্ত্ৰীয়ে ল’ব লাগিব৷ মণিপুৰত তেওঁ যি বিফলতাৰ সন্মুখীন হ’ল তাৰ বাবে তেওঁ নিজৰ ৰাজধৰ্ম পালন কৰক৷


আজিৰ পৰা দুবছৰ পূৰ্বে মণিপুৰত যেতিয়া অশান্তিৰ পৰিৱেশ সৃষ্টি হৈছিল তেতিয়া গৃহমন্ত্ৰী তালৈ গৈ কৈছিল যে তেওঁ শীঘ্ৰে মণিপুৰলৈ আকৌ আহিব৷ কিন্তু দুবছৰ হৈ গ’ল, গৃহমন্ত্ৰী দ্বিতীয়বাৰৰ বাবে মণিপুৰলৈ নগ’ল৷ সেয়ে গৃহমন্ত্ৰীয়ে নিজৰ নৈতিক দায়িত্ব গ্ৰহণ কৰক আৰু প্ৰধানমন্ত্ৰী মণিপুৰলৈ যাওঁক৷ বন্দুকৰ শাসনৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চললৈ শান্তি নাহে৷ পুলিচ পেট্ৰলিঙৰ দ্বাৰা মণিপুৰলৈ শান্তি নাহে৷ যদি সঁচায় মণিপুৰত শান্তি বিচাৰে তেন্তে মণিপুৰৰ মানুহক মুকলিভাৱে কথা ক’বলৈ দিয়ক৷ মণিপুৰৰ মানুহৰ কথা শুনাৰ ধৈৰ্য আপোনালোকৰ থাকিব লাগিব৷ তেওঁৰ ৰাজনৈতিক আকাংখা কি, তেওঁলোকৰ মনত কি ভয় সোমাই আছে, সেয়া শুনাৰ শক্তি আপোনালোকৰ ওচৰত থাকিব লাগিব৷ বিগত আঢ়ৈ বছৰে বন্দুকৰ সহায়ত মণিপুৰত শান্তি অনাৰ চেষ্টা কৰিছে যদিও বিফল হৈছে৷ এই ব্যৱস্থা বন্ধ কৰক৷ ৰাজনৈতিক ব্যৱস্থাৰ মাজেদিহে মণিপুৰলৈ শান্তি আহিব৷ দেশৰ যেতিয়া কিবা গুৰুত্বপূৰ্ণ বিষয় আলোচনা হয় তেতিয়া প্ৰধানমন্ত্ৰী মোদী অন্তৰ্ধান হৈ পৰে৷ আমি প্ৰধানমন্ত্ৰীৰ কথা শুনিব বিচাৰোঁ৷ আনহাতে, ২০২৫-চ্ছ বৰ্ষৰ বাজেটত চৰকাৰৰ বিত্তীয় নীতিৰ বিৰুদ্ধে মত প্ৰকাশ কৰে সাংসদ গগৈয়ে৷ বৰ্ধিত ঘাটি, বিফল উৎপাদন নীতি, ব্যক্তিগত বিনিয়োগ হ্ৰাস আৰু ত্ৰুটিপূৰ্ণ কৰ ব্যৱস্থাক সমালেচনা কৰি তেওঁ কয় কয়– ভাৰতৰ প্ৰতিৰক্ষা ব্যয় বিশ্ব মানদণ্ডতকৈ পিছ পৰি থকাৰ সময়তে নিবনুৱা সমস্যাই আমাৰ যুৱক-যুৱতীসকলক বিদেশত, আনকি বিদেশী সেনাবাহিনীত নিয়োগৰ সুযোগ বিচাৰিবলৈ ঠেলি দিয়া হৈছে৷ চৰকাৰে হেডলাইন চালিত ৰাজনীতিৰ পৰা প্ৰকৃত শাসনলৈ স্থানান্তৰিত হোৱাৰ সময় আহি পৰিছে৷ উল্লেখ্য, অহা ১৪ মাৰ্চত তিনিদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ অসমলৈ অহাৰ পূৰ্বে সাংসদ গগৈয়ে মণিপুৰক লৈ সংসদত কেন্দ্ৰীয় গৃহমন্ত্ৰীজনক মঙলবাৰে এজাউৰি দিয়ে৷