Logo
image

‘বিশ্বৰেকৰ্ড ৰোগ’ত আক্ৰান্ত হৈছে মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ মাৰ্চঃ  অসমৰ মুখ্যমন্ত্ৰীৰ এটা বেমাৰ আছে বিশ্ব ৰেকৰ্ড কৰাৰ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ‘বিশ্ব ৰেকৰ্ড ৰোগ’ত আক্ৰান্ত হৈছে৷ বিশ্ব ৰেকৰ্ড কৰাৰ নামত চৰকাৰে কোটি কোটি টকা খৰচ কৰিলেও বিহু, ঝুমুৰ– ক’তো বিশ্ব ৰেকৰ্ড কৰিবৰ পৰা নাই৷ এই ভাষ্য বিধায়ক অখিল গগৈৰ৷ মঙলবাৰে বিধানসভা  চৌহদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি তেওঁ কয়–মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ শ্ৰেষ্ঠ ৰাজ্যৰূপে গঢ়িম বুলি ঘোষণা কৰিছিল৷ কিন্তু তেওঁৰ কাৰ্যকালত অসম শ্ৰেষ্ঠ হ’ল স্কুলৰ ড্ৰপ আউটৰ ক্ষেত্ৰত৷ দেশৰ ভিতৰত অসম ড্ৰপ আউটত আটাইতকৈ শীৰ্ষ স্থানত৷ প্ৰসূতিৰ মৃত্যুৰ হাৰ, কম বয়সত মৃত্যুৰ হাৰ, নৱজাতকৰ মৃত্যুৰ হাৰত দেশৰ ভিতৰত সৰ্বাধিক অসমৰ৷ দাৰিদ্ৰ্যৰ ক্ষেত্ৰত অসমৰ স্থান পাঁচ নম্বৰত৷ জনমুৰি আয়ৰ ক্ষেত্ৰত অসমৰ স্থান তলৰ ফালৰ পৰা পঞ্চম স্থানত৷


এইবোৰত অভিলেখ গঢ়িব নোৱাৰি বিহু-ঝুমুৰত অভিলেখ গঢ়াৰ পদক্ষেপ লৈছিল মুখ্যমন্ত্ৰী৷ কিন্তু তাতো ব্যৰ্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ কিয়নো বিহু-ঝুমুৰত তেওঁ যিমান মানুহ গোটাইছে তাতকৈ আন ৰাজ্যত বেছি মানুহে এনে অনুষ্ঠান পৰিৱেশন কৰিছে৷ অসমৰ ভিতৰতহে অভিলেখ গঢ়িছে চৰকাৰখনে৷ আচলতে বিশ্ব ৰেকৰ্ড গঢ়াৰ বেমাৰৰ বাবে তেওঁৰ এনে হৈছে৷ তেওঁ আৰু কয়– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ ৰাজনীতি কৰাত ব্যৰ্থ হৈ হিন্দু-মুছলমানৰ ৰাজনীতিৰ আশ্ৰয় লৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাটি ক্ৰয়-বিক্ৰয়ৰ বাবে নতুন আইন আনি হিন্দু-মুছলমানৰ সংঘাট লগাব বিচাৰিছে৷ ভাৰতবৰ্ষত এনেধৰণৰ আইন আনিব নোৱাৰে৷ সেইবাবে মাজত তেওঁ খিলঞ্জীয়া শব্দটো লগাই দিছে৷ তাৰ বাহিৰে আন একো নহয়৷