Logo
image

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ আগে আগে ট্ৰাম্পৰ বিৰুদ্ধে আন এটা অভিযোগ

আমাৰ অসম, ৩০ ছেপ্টেম্বৰঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাষ্ট্ৰপতি তথা ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ইটোৰ পাছত সিটো অভিযোগৰ বাতৰি প্ৰকাশ কৰিছে দেশখনৰ আগশাৰীৰ সংবাদ-পত্ৰবোৰে৷ দেওবাৰে ‘দ্য নিউয়ৰ্ক টাইমছ’ত প্ৰকাশিত বাতৰি অনুসৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে কম পৰিমাণৰ আয়কৰ দি আহিছে৷ এই বাতৰি প্ৰকাশ পোৱাৰ পাছতে আমেৰিকাত ব্যাপক চৰ্চা লাভ কৰিছে আৰু ইয়ে ৰাষ্ট˜পতি নিৰ্বাচনৰ আগে আগে ট্ৰাম্পৰ ‘ইমেজ’ বেয়া কৰি পেলাইছে৷ দ্য নিউয়ৰ্ক টাইমছত প্ৰকাশ পোৱা বাতৰি অনুসৰি কোটিপতি ব্যৱসায়ীজনে ২০১৬-১৭ বৰ্ষত মাত্ৰ ৭৫০ ডলাৰৰ ফেডাৰেল আয়কৰ প্ৰদান কৰিছিল৷ ভাৰতীয় টকাৰ হিচাপত এই ধন পৰিমাণ হয় ৫৫ হাজাৰৰো অধিক৷ একে সময়তে ট্ৰাম্পে পানামাত ১৫,৫৯৮ ডলাৰ আৰু ফিলিপিন্‌ছত ১,৫৬,৮২৪ ডলাৰ আয়কৰ ভৰিছিল৷ ভাৰতত তেওঁ কৰা ব্যৱসায়ৰ বাবদ ভৰিছিল ১,৪৫,৪০০ ডলাৰৰ আয়কৰ৷ ৰাষ্ট্ৰপতি হোৱাৰ পাছতে ট্ৰাম্পে ভাৰতত ব্যৱসায়ৰ জৰিয়তে ২.৩ নিযুত ডলাৰ আয় কৰে৷ ‘দ্য নিউয়ৰ্ক টাইমছ’ত প্ৰকাশিত বাতৰি অনুসৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে বিগত পোন্ধৰ বছৰত দহ বছৰেই ফেডাৰেল আয়কৰ প্ৰদান কৰা নাই৷ গতিকে সংবাদ-পত্ৰখনে দাবী কৰে যে ট্ৰাম্পে যিমান ব্যৱসায় কৰিছে, তাত বৰ বেছি লাভ কৰা নাছিল৷ কিন্তু ৰাষ্ট্ৰপতি হোৱাৰ পাছতহে তেওঁ ব্যৱসায়ত লাভৰ মুখ দেশে৷ ৰাষ্ট্ৰপতি হোৱাৰ পাছত তেওঁৰ কোম্পানীয়ে  বিদেশৰ বিভিন্ন দেশৰ পৰা ৭৩ নিযুত ডলাৰ উপাৰ্জন কৰে৷ সংবাদ মাধ্যমত এই কথা প্ৰকাশ পোৱাৰ পাছতে ৰাষ্ট্ৰপতি ট্ৰাম্পে হোৱাইট হাউছত সংবাদ মেল অনুষ্ঠিত কৰি এই বাতৰিক ‘ভুৱা’ বুলি অভিহিত কৰে৷ ট্ৰাম্পে দাবী কৰে যে তেওঁৰ বিৰুদ্ধে এয়া মিছা প্ৰচাৰ৷ তেওঁ প্ৰত্যেকবাৰেই আয়কৰ প্ৰদান কৰি আহিছে৷ কিন্তু কিমান প্ৰদান কৰিছে সেয়া প্ৰকাশৰ পৰা বিৰত থাকে ট্ৰাম্প৷ উল্লেখ্য, ট্ৰাম্পে ৰাষ্ট্ৰপতি হোৱাৰ পাছতো আয়কৰ প্ৰদানৰ বিষয়টো সম্পূৰ্ণ ৰাজহুৱা নকৰাকৈ ৰাখিছে৷ তেঁৱেই প্ৰথম ৰাষ্ট্ৰপতি, যিয়ে আয়কৰ প্ৰদানৰ বিষয়ে ৰাজহুৱা কৰা নাই৷ যাৰ ফলত এতিয়া তেওঁৰ বিৰুদ্ধে আয়কৰ ফাঁকিৰ অভিযোগ উত্থাপন হৈছে৷  ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বেও তেওঁ নিজৰ আয়কৰ প্ৰদানৰ বিষয়ে ৰাজহুৱা কৰাৰ পৰা বিৰত আছিল৷ কিন্তু সংবাদ মাধ্যমে কেনেকৈ তেওঁৰ আয়কৰ প্ৰদানৰ তথ্য আহৰণ কৰিলে, সেইটোৱে ডাঙৰ কথা৷