Logo
image

কৃষিভূমিৰ শ্ৰেণী সলনি কৰি বিঘাই বিঘাই ক্ৰয় কৰিছে মন্ত্ৰী সিংঘালে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ মাৰ্চঃ  বিভিন্ন ঠাইত বিঘাই বিঘাই কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি সেই ভূমি কৌশলেৰে ক্ৰয় কৰিছে প্ৰভাৱশালী মন্ত্ৰী অশোক সিংঘালে৷ –এই গুৰুতৰ অভিযোগ আছাম পাব্লিক ৱৰ্কছৰ৷ সংগঠনটোৰ সভাপতি আভিজিৎ শৰ্মা, সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰ আৰু উপদেষ্টা বিতু তালুকদাৰে প্ৰেৰণ কৰা এটা তীব্ৰ কটাক্ষপূৰ্ণ বিবৃতিত এই অভিযোগ উত্থাপন কৰি এইদৰে উল্লেখ কৰা হৈছে– অশোক সিংঘালৰ জন্মস্থান, শিক্ষাগত অৰ্হতা আদিবোৰ সৰ্বসাধাৰণ ৰাইজৰ জ্ঞাত নহয়৷ যিহেতু তেওঁ এগৰাকী ‘জীৱন্ত কিংবদন্তী’, গতিকে তেওঁৰ আত্মজীৱনী এখন অচিৰেই প্ৰকাশৰ ব্যৱস্থা ল’লে আমাৰ দৰে তেওঁৰ গুণমুগ্ধসকল কৃতাৰ্থ হ’ব৷ শপতনামাৰ তথ্য অনুসৰি তেওঁৰ জন্ম হৈছিল ১৯৬৮ চনৰ ২৯ ডিচেম্বৰত৷ তেওঁৰ পিতৃৰ নাম প্ৰয়াত পৰমানন্দ সিঘাংল আৰু মাতৃ ইন্দুমতী সিংঘাল৷ এওঁৰ পত্নী শিল্পী সিংঘাল৷ এওঁ দুগৰাকীকৈ ‘যুৱৰাজ’ৰ পিতৃ৷ জ্যোতিষ মতে তেওঁ মেষ ৰাশিত শুক্লা দশমী তিথিত ভৰণী নক্ষত্ৰত দেওবাৰে  সিদ্ধ যোগত জন্ম৷ জ্যোতিষ বিচাৰ মতেও তেওঁ পৰিভ্ৰমী চৰাই সদৃশ৷ বানপানী হোৱাৰ লগে লগে তেওঁ এগৰাকী স্থিতপ্ৰজ্ঞ হিচাপে পানীৰ ৰংটোহে চাই লয়, ক্ষয় ক্ষতি এইবোৰ পিছৰ কথা৷ এইটোৰ পৰাও আমি বহু কথা শিকিবলগীয়া আছে৷ এতিয়া প্ৰথমে আমি অশোক সিংঘাল যোৱা ২০১১ চনৰ পৰা ২০২৪ চনৰ পৰিক্ৰমাটো অকণমান ফহিয়াই চাওঁ৷ আমি দেখিবলৈ পাম মানুহে দেৱতা কেনেকৈ হ’ব পাৰে, কেনেকৈ জাতি-মাটি-ভেটিৰ যুঁজত [আনকি] শৰাইঘাটৰ শেষ ৰণতো এক্সপ’ৰ্ট কৰা সৈনিক হৈ লুইতৰ পাৰ জিলিকাব পাৰি, মাত্ৰ পাঁচ বছৰত কেনেকৈ সাফল্যৰ চূড়ান্ত শিখৰত আৰোহন কৰিব পাৰি, কেনেকৈ অসমীয়া জাতিৰ ত্ৰাণকৰ্তা হব পাৰি– সেয়া অশোক সিংঘালৰ পৰা শিকিব লাগে৷ ২০১১ চনৰ আগলৈ অশোক সিংঘালে পশ্চিম গুৱাহাটী সমষ্টিত বিজেপিৰ হৈ আপাৰ-ডীপাৰ মাৰি আছিল৷ ২০১১ত টিকট নাপাই নিৰ্দলীয় হৈয়েই নিৰ্বাচন খেলিছিল৷ ইচ্ছ্যু হিচাপে লৈছিল ব্ৰহ্মপুত্ৰ, নদীবান্ধ ইত্যাদি৷ ইয়াৰ পৰাও আমাৰ শিকিবলগীয়া আছে ৷ ২০১১ চনত অশোক সিংঘালে ভোট পালে ১২,৬৪২ টা৷ এতিয়া আহো আমি তেওঁৰ পৰা আৰু কি শিকিব পাৰো৷ ২০১১ চনৰ তথ্য যদি চাওঁ– ২০১১ চনত অশোক সিংঘালৰ পৰিয়ালৰ [পত্নী-পুত্ৰ সহিতে] মুঠ সম্পত্তি ৩ কোটি ৯৮ লাখ ১৬ হাজাৰ ১৪১ টকা৷ গাড়ী আছিল এখন, হিৰো হোণ্ডা প্লেণ্ডাৰ মূল্য ২৪ হাজাৰ ৫০ টকা৷ ইয়াৰ বাহিৰে আৰু তেওঁলোকৰ একো নাছিল৷  না আৱাসিক গৃহ, না ব্যৱসায়িক গৃহ,  না কৃষি ভূমি, না অকৃষি ভূমি৷ নাই মানে তেওঁৰ একোৱেই নাই৷ ইয়াৰ পৰাও শিকিবলগীয়া আছে৷ ২০১৬ চন৷ মাজত উকলি গ’ল পাঁচটা বছৰ৷ শৰাইঘাটৰ শেষ ৰণ৷ সিংঘাল  এইবাৰ আমদানিকৃত সৈনিক৷ ২০১১ আৰু ২০১৬ চনৰ তথ্য মতে, অশোক সিংঘাল আৰু তেওঁৰ সমস্ত দৰবাৰৰ নাই কোনো কৃষি-অকৃষি ভূমি, আৱাসিক অথবা ৱ্যৱসায়িক গৃহ অথবা অট্টালিকা কিন্তু হঠাৎ এয়া কি?

১৷ ২০১৮ চনৰ ১৮ জুন– শিল্পী সিংঘালে প্ৰথ মটুকুৰা মাটি কিনে৷ ৰাজহ গাঁও ধলবমা, ৰাজহ চক্ৰ - দিশপুৰ, দাগ নং - ১৬৬, পট্টা নং ২৫, মাটিৰ পৰিমাণ ২ কঠা ১৯ লেচা৷ মূল্য - ৩০,৯৭,৫০০/- টকা [ চৰকাৰক দেখুওৱা মতে]

২৷ ২০১৯ চনৰ ১১ ছেপ্টেম্বৰ– শিল্পী সিংঘালে দ্বিতীয় টুকুৰা মাটি কিনে৷  ৰাজহ গাঁও ধলবমা ৰাজহ চক্ৰ - দিশপুৰ দাগ নং - ১৬৭ পট্টা নং ৫৮ মাটিৰ পৰিমাণ ২ কঠা ১১ লেচা৷ মূল্য - ৪,৭৭,৫০০/- টকা [চৰকাৰক দেখুওৱা মতে]

৩৷ ২০১৯ চনৰ ৬ ফেব্ৰুৱাৰী– শিল্পী সিংঘালে তৃতীয় টুকুৰা মাটি কিনে৷ ৰাজহ গাও ধলবমা ৰাজহ চক্ৰ - দিশপুৰ দাগ নং - ১৬৯ পট্টা নং ১৪২ মাটিৰ পৰিমাণ ৩ কঠা৷ মূল্য - ৩১,৫০,০০০/- টকা [চৰকাৰক দেখুওৱা মতে]

৪৷ ২০১৯ চনৰ ২২আগষ্ট– শিল্পী সিংঘালে চতুৰ্থ টুকুৰা মাটি কিনে ৷ ৰাজহ গাও ধলবমা ৰাজহ চক্ৰ - দিশপুৰ দাগ নং - ১৬৯ পট্টা নং ১৪২ মাটিৰ পৰিমাণ ২ কঠা ১০ লেচা৷

ওপৰত উল্লেখিত দাগ নং ১৬৬, ১৬৭, ১৬৯ ৰ জমাবন্দী চাওক– দেখিব, বিশজন মান ৰংপি, টেৰণ, কাথাৰ আদি কাৰ্বি উপাধিৰ মানুহৰ নাম কাটি যেতিয়াই বহি গৈছে সিংঘাল উপাধি তাৰ পাছত কেনেকে থাকিব পাৰো আমি সংকটত, কিদৰে হ’ব পাৰে অনা অসমীয়াৰ অগ্ৰাসন/ ২০১১ আৰু ২০১৬ চনৰ তথ্য মতে অশোক সিংঘাল আৰু তেওঁৰ সমস্ত দৰবাৰৰ নাই কোনো কৃষি অকৃষি ভূমি, আৱাসিক অথবা ৱ্যৱসায়িক গৃহ অথবা অট্টালিকা কিন্তু হঠাৎ এয়া কি?


১৷ ২০১৯ চনৰ ২ মাৰ্চ– ৰাজহ চক্ৰ - পলাশবাৰী, ৰাজহ গাঁও বঙৰা ৷ দাগ নং ৬৬১ পট্টা নং ৩৫৩৷ মাটিৰ পৰিমাণ ৪ বিঘা ৩ কঠা ৯ লেচা ৷ মাটিৰ মূল্য- চৰকাৰক দেখুওৱা মতে ৫২,৯৫,৬৪৬য়- টকা৷  নিৰ্বাচন আয়োগৰ পৰা সংগৃহীত তথ্য মতে এই জমিৰ মালিক অশোক সিংঘাল৷

২৷ ২০১৯ চনৰ ২ মাৰ্চ– ৰাজহ চক্ৰ - পলাশবাৰী, ৰাজহ গাঁও বঙৰা ৷ দাগ নং ৬৬১ পট্টা নং ৩৫৩৷ মাটিৰ পৰিমাণ ৪ কঠা ৭ লেচা ৷ মাটিৰ মূল্য- চৰকাৰক দেখুওৱা মতে ৯,৮২,৩৯৬/- টকা৷ নিৰ্বাচন আয়োগৰ পৰা সংগৃহীত তথ্য মতে এই জমিৰ মালিক অশোক সিংঘাল৷

৩৷ ২০১৯ চনৰ ২ মাৰ্চ– ৰাজহ চক্ৰ - পলাশবাৰী, ৰাজহ গাও বঙৰা ৷ দাগ নং ১১১৩ পট্টা নং ২৬৯৷ মাটিৰ পৰিমাণ ৫ বিঘা  ৪ কঠা ১৫ লেচা ৷ মাটিৰ মূল্য- চৰকাৰক দেখুওৱা মতে ৬৭,১৮,৩৪৪য়- টকা৷ নিৰ্বাচন আয়োগৰ পৰা সংগৃহীত তথ্য মতে এই জমিৰ মালিক অশোক সিংঘাল৷

৪৷ ২০১৯ চনৰ ২ মাৰ্চ – ৰাজহ চক্ৰ - পলাশবাৰী, ৰাজহ গাঁও বঙৰা৷ দাগ নং ১১১৫ পট্টা নং ২৮৷ মাটিৰ পৰিমাণ ৪ বিঘা ৪ কঠা ৪ লেচা৷ মাটিৰ মূল্য- চৰকাৰক দেখুওৱা মতে ৫৪,৬৫,০১১/- টকা৷  নিৰ্বাচন আয়োগৰ পৰা সংগৃহীত তথ্য মতে এই জমিৰ মালিক অশোক সিংঘাল ৷

৫৷ ২০১৯ চনৰ ২ মাৰ্চ – ৰাজহ চক্ৰ - পলাশবাৰী, ৰাজহ গাঁও বঙৰা ৷ দাগ নং ১১১৭ পট্টা নং ১৬০৷ মাটিৰ পৰিমাণ ২ বিঘা ৩ কঠা ১৪ লেচা ৷ মাটিৰ মূল্য- চৰকাৰক দেখুওৱা মতে ৩০,৯৩,৮৫৮/-- টকা৷  নিৰ্বাচন আয়োগৰ পৰা সংগৃহীত তথ্য মতে এই জমিৰো মালিক অশোক সিংঘালে৷ কিবা বুজিলেনে ৰাইজ৷ তাৰিখ একেটাই, ০২-০৩-২০১৯৷ একেদিনাই কিমান? ১৯ বিঘা ৯ লেচা৷ ক’ত- বঙৰাত ৷ গুৱাহাটী বিমানবন্দৰ আৰু বঙৰাৰ মাজৰ দুৰত্ব ৭/৮ কিঃমিঃ৷ মুঠ ১৯ বিঘা ৯ লেচা৷ বিধায়ক হোৱাৰ মোটামুটি ৩/৪ বছৰৰ ভিতৰত৷

অশোক সিংঘালে যি ১৯ বিঘা ৯ লেচা মাটি কিনা বুলি নিৰ্বাচন আয়োগক তথ্য দিছে, তাৰ প্ৰায়ভাগ মাটিতেই নামজাৰি হোৱাৰ ঠিক আগে আগে মাটিৰ শ্ৰেণী সলনি কৰি লোৱা হৈছে৷ ১৯ বিঘা ৯ লেচা মাটিৰ প্ৰায়ভাগেই কামৰূপৰ উপায়ুক্তৰ যোগেদি ২০১৯ চনৰ জানুৱাৰী মাহত প্ৰথমে বাওতলীৰ পৰা শ্ৰেণী সলনি কৰি প্ৰথম শ্ৰেণীৰ বেপাৰৰ স্থানলৈ পৰিবৰ্তন কৰা হয় আৰু তাৰ পাছতেই মাৰ্চ মাহত সমুদায় মাটি বিক্ৰেতাৰ পৰা ক্ৰয় কৰা হয়৷ ইমানৰ পাচতো অশোক সিংঘালক অভিনন্দন নজনায় আমি থাকিব পাৰিম নে? তেওঁৰ লগত ‘সম্পৰ্ক নোহোৱা’ সেই ‘প্ৰটেক্ট গ্ৰুপ’ৰ জমাবন্দী আৰু ‘মন্ত্ৰী’ হিচাপে তেওঁৰ জনম কুন্দলীৰ বিষয়ে নক’লোঁৱেইবা৷