
ভাৰতত হোলীৰ বজাৰ ৬০ হাজাৰ কোটি টকাৰ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১২ মাৰ্চঃ এইবাৰ দেশৰ হোলীৰ বজাৰে ৬০ হাজাৰ কোটি টকা অতিক্ৰম কৰিব৷ কনফেডাৰেছন অব অল ইণ্ডিয়া ট্ৰেডাৰ্ছে এই সম্ভাৱনা প্ৰকট কৰি জনাইছে, যে বিগত বৰ্ষৰ তুলনাত এইবাৰ দেশৰ ফাকুৱা উৎসৱৰ সৈতে জড়িত বাণিজ্য ২০ শতাংশ অধিক হ’ব৷ কেৱল দেশৰ ৰাজধানী নতুন দিল্লীতে হোলীৰ নামত ৮০০০ কোটি টকাৰ ব্যৱসায় হ’ব৷ উৎসৱৰ আনন্দত গ্ৰাহকে কৰা ব্যয় বৃদ্ধিৰ বাবেই দেশৰ হোলীৰ ব্যৱসায় বাণিজ্যই এনে বিৰাট ৰূপ ধাৰণ কৰিছে৷ হোলী উৎসৱৰ সৈতে পোনপটীয়াকৈ সম্পৰ্ক থকা সামগ্ৰী ক্ৰয়ৰ লগতে উৎসৱৰ সৈতে সংগতি ৰাখি কৰা ব্যয়ে দেশৰ হোলীৰ বজাৰ বছৰে বছৰে ডাঙৰ কৰি তুলিছে৷ এইবাৰো তাৰ ব্যতিক্ৰম নহয় বুলি কোৱা চিএআইটিয়ে জনোৱা অনুসৰি ইতিমধ্যে এই বজাৰত কেইবাশ কোটি টকা লেনদেন হৈছে৷ কিয়নো ৰঙৰ উৎসৱলৈ দুদিন বাকী থকা অৱস্থাত দেশজুৰি ফাকুৱাৰ বজাৰ আৰম্ভ হৈ গৈছে৷ সাধাৰণ ফাকুগুড়িৰ পৰা আৰম্ভ কৰি হাৰবেল ৰং, বিভিন্ন প্ৰকাৰৰ কেমিকেল মিশ্ৰিত ৰং, ৱাটাৰ গান, প্লাটিকৰ ইনফেটেবল বাথ টাব, বিভিন্ন ধৰণৰ ফিচকাৰী, মুখা ইত্যাদিৰে বজাৰ ভৰি পৰিছে৷
অৰ্থাৎ হোলীৰ পাইকাৰী বজাৰে ইতিমধ্যে কেইবাহাজাৰ কোটি টকা আয় কৰিছে৷ হোলীৰ সৈতে মিঠাই, ফল-মূলৰ অংগাগী সম্পৰ্ক থকাৰ ফলত দেশজুৰি কেইবাশ কোটি টকাৰ বজাৰ লাভ কৰিব মিঠাই, ফল মূলে৷ আনহাতে সম্প্ৰতি কেৱল হোলী খেলাৰ বাবে পৰিধান কৰা ছাৰ্ট, টি শ্বাট ট্ৰাউজাৰ ব্যৱহাৰ কৰা এক ফেচন হৈ পৰিছে৷ সেই বজাৰেও আহৰণ কৰিব গ্ৰাহকৰ কেইবাশ কোটি টকা৷ উল্লেখ্য, ৰাজধানী নতুন দিল্লীকে ধৰি উত্তৰ-ভাৰতৰ প্ৰায় সকলোবোৰ চহৰত আজিকালি পাইকাৰী বিশেষ অনুষ্ঠান আয়োজিত হয়৷ পশ্চিম মুম্বাই, বেংগালুৰুৰ লগতে দেশৰ আধাৰ পৰা ওপৰৰ অংশৰ সকলো চহৰৰ বেংকুৱেট হল, ৰাজহুৱা পাৰ্ক, ফাৰ্ম হাউছ, হোটেল ইত্যাদি হোলীৰ উৎসৱ আয়োজনৰ বাবে বুক কৰা হৈছে৷ ইয়াৰ জৰিয়তে হৈছে বিৰাট ব্যৱসায়িক লেন-দেন, হোলী উৎসৱৰ সৈতে সংগতি ৰাখি দেশবাসীৰ উৎসৱ পালনৰ প্ৰতি প্ৰদৰ্শন কৰা আগ্ৰহৰ বাবেই দেশৰ হোলীৰ বজাৰ এনেদৰে ৰমৰমা হৈ পৰা বুলি চিএআইটিয়ে প্ৰকাশ কৰিছে৷