Logo
image

জণ্ডিছ নিৰাময় কৰে আমলখিৰ গুটিৱে

আমাৰ অসম বিশেষঃ আমলখি স্বাস্থ্যৰ বাবে যিমান উপকাৰী, চকু-ছাল আৰু চুলিৰ বাবেও অত্যন্ত কাৰ্যকৰী৷ আমলখিত থাকে প্ৰচুৰ পৰিমাণে ভিটামিন চি, ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্ট৷ আমলখিৰ উপকাৰিতাৰ বিষয়ে আয়ুৰ্বেদ শাস্ত্ৰতো বিশেষভাৱে উল্লেখ আছে৷ সাধাৰণতে আমলখি খোৱাৰ পিছত গুটিটো পেলাই দিয়া হয়৷ কিন্তু জানি আচৰিত হ’ব যে আমলখিৰ গুটিও স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী৷ আজিৰ শিতানত আমলখিৰ গুটিৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰা হ’ল–

[১] জণ্ডিছ নিৰাময় কৰেঃ জণ্ডিছত আক্ৰান্ত হ’লে আমলখি খোৱা উচিত৷ যিকোনো পদ্ধতিতেই আমলখি খাব পাৰে৷ আমলখি শুকাই গুৰি কৰি নাইবা সিজাই অথবা গুটিৰ পৰা ৰস উলিয়াই খাব পাৰে৷ দেখিব লাহে লাহে জণ্ডিছ আঁতৰিছে৷

[২] চকুত জ্বলা-পোৰা-খজুৱতিঃ চকুৰ খজুৱতি অথবা জ্বলা-পোৰাৰ পৰা পৰিত্ৰাণ পোৱাৰ ক্ষেত্ৰত আমলখিৰ গুটি ব্যৱহাৰ কৰিব পাৰে৷ এনে সমস্যাত ভুগিলে আমলখিৰ গুটি বতি লৈ চকুৰ পতাত লগাই ল’লে কিছু সময়ৰ পিছতে পৰিত্ৰাণ পাব পৰা যায়৷

[৩] ছালৰ সমস্যাঃ আমলখিৰ গুটিৰ গুড়িৰে খৰ-খজুৱতি আঁতৰাব পাৰি৷ এই ক্ষেত্ৰত আমলখিৰ গুটি গুড়ি কৰি নাৰিকলৰ তেলৰ সৈতে মিহলাই ল’ব লাগে৷ এই মিশ্ৰণ ছালৰ যি ঠাইত খজুৱতি হয় তাত লগালে পৰিত্ৰাণ পোৱা যায়৷ আমলখিৰ গুটিৰ ছাই একে পদ্ধতিৰে নাৰিকলৰ তেলৰ সৈতে মিহলাই বটলত সংৰক্ষণ কৰি ৰাখিব পৰা যায়৷ যেতিয়াই ছালত খৰ-খজুৱতি হয় বটলত ৰখা মিশ্ৰণ প্ৰয়োগেৰে সকাহ পাব পৰা যায়৷

[৪] কিডনী ষ্ট’নৰ সমস্যাঃ আজিকালি প্ৰায়েই বিভিন্নজনক  কিডনী বা গ’ল্ড ব্লাডাৰ ষ্ট’নৰ সমস্যাত ভোগা দেখা যায়৷ আমলখিৰ গুটি গুড়ি কৰি পানীৰ সৈতে মিহলাই খালে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি৷

[৫] লিউক’ৰিয়াঃ মহিলাসকলে লিউক’ৰিয়া সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আমলখিৰ গুটি গুড়ি কৰি খাব পাৰে৷ এই ক্ষেত্ৰত তিনিটা আমলখিৰ গুটি ৬ গ্ৰাম পানীৰ সৈতে বতি লওক৷ এগিলাচ পানীৰ এচামুচ মৌ আৰু সামান্য পৰিমাণৰ মিচিৰিৰ সৈতে সেইখিনি মিহলাই খাওক৷ দেখিব লিউক’ৰিয়া সমস্যাত ভোগা মহিলাগৰাকী পৰিত্ৰাণ লাভ কৰিছে৷