Logo
image

চৰকাৰক দেউলিয়া ঘোষণা কৰাৰ দাবী অখিলৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ মাৰ্চঃ অজন্তা নেওগে বিধানসভাত দাখিল কৰা বাজেটখন এখন অন্তঃসাৰশূন্য বাজেট৷ ২০২৫-২৬ বৰ্ষৰ বাজেটত ধাৰ্য কৰিছে ৰ লাখ ৫৫ হাজাৰ ৯৮৫ কোটি টকা৷ ২০২৪ চনৰ ৩১ মাৰ্চত ৰাজ্যৰ মুঠ ধাৰ হ’ব ৰ লাখ ৭২ হাজাৰ ১৭৪ কোটি টকা৷ অৰ্থাৎ গোটেই বছৰটোত বাজেট যিমান তাতকৈ ধাৰ বেছি৷ এই ভাষ্য বিধায়ক অখিল গগৈৰ৷ বুধবাৰে বাজেট বিতৰ্কত ভাগ লৈ বিধায়ক গগৈয়ে আৰু কয়– ২০১৫-১৬ বৰ্ষৰ বাজেটৰ আয় হ’ব ১ লাখ ১৭ হাজাৰ ২২৬ কোটি টকা৷ ইয়াৰে ৯৩ শতাংশ আহিব কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰু ৰাজ্য চৰকাৰৰ পৰা অকল ৩৭ শতাংশ৷ এই বছৰৰ কাৰণে চৰকাৰে ধাৰ ল’ব ৩৬ হাজাৰ ১৮৫ কোটি টকা৷ এইখিনিক লৈ অসমৰ মুঠ ধাৰ হ’ব ২ লাখ কোটি টকাতকৈও বেছি৷ বিধায়ক গগৈয়ে বুধবাৰেই বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত কয়– হিমন্ত বিশ্ব শৰ্মা চৰকাৰ দেউলীয়া বুলি ঘোষণা কৰিব লাগে৷ চৰকাৰৰ লালবাটি জ্বলিছে৷ তথাপি বিমানত ঘূৰিবলৈ এৰা নাই মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পৰা যোৰহাটলৈ ছাৰ্টাৰ্ড বিমান লৈ যায়৷ যোৰহাটৰ পৰা শিৱসাগৰলৈ আকৌ হেলিকপ্টাৰত যায়৷ এনেকৈ চৰকাৰখনৰ লালবাটি জ্বলিছে৷ বাজেট বিতৰ্কত ভাগ লৈ চি পি আই এম বিধায়ক মনোৰঞ্জন তালুকদাৰে কয়– হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰৰ অন্তিম পূৰ্ণাংগ বাজেটখনে ৰাজ্যখনৰ জনগণ আৰু অৰ্থনীতিৰ মৌলিক সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত কোনো ফলপ্ৰসূ ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে৷

অৰ্থনৈতিকভাৱে অনগ্ৰসৰ আমাৰ এই ৰাজ্যখনৰ মূল সমস্যা হৈছে ক্ৰমবৰ্ধমান নিবনুৱা সমস্যা, শিল্প আৰু কৃষিৰ পয়ালগা অৱস্থা, বানপানী-গৰাখহনীয়াৰ বছৰেকীয়া তাণ্ডৱ, শ্ৰমিক-কৃষক তথা শ্ৰমজীৱী ৰাইজৰ আয় আৰু মজুৰীৰ ক্ৰমাগত সংকোচন ইত্যাদি৷ বাজেটত ৰাজ্যৰ বিত্তমন্ত্ৰীগৰাকীয়ে ২০২৫ চনৰ জানুৱাৰী মাহলৈকে ১ লাখ ১৯ হাজাৰ ৮৯৯গৰাকী যুৱক-যুৱতীৰ নিযুক্তি সম্পূৰ্ণ কৰা হৈছে বুলি আত্মপ্ৰসাদ লাভ কৰিছে৷ পিছে, অসমত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা এতিয়া ৩৫ লাখকো চেৰাই গৈছে৷ এই প্ৰসংগত উল্লেখ কৰা প্ৰয়োজন যে ২০১৬ চনৰ ‘ভিজন ডকুমেণ্ট’ত বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে পাঁচ বছৰত ২৩ লাখ অৰ্থাৎ বছৰি ৪ লাখ ৬০ হাজাৰ নতুন কৰ্মসংস্থান সৃষ্টি কৰিব৷ সেই প্ৰতিশ্ৰুতি এতিয়া ধোৱাচাঙত উঠিছে৷ ইয়াৰ বিন্দুমাত্ৰ উল্লেখো চৰকাৰে নকৰে৷ আনহাতে, চৰকাৰে দাবী কৰা এক লাখৰো কিছু বেছি নিযুক্তিৰ ক্ষেত্ৰতো ফাঁকি আছে৷ কাৰণ একেজন প্ৰাৰ্থীয়ে বহুকেইটা পদত নিযুক্তি পাইছে৷ সেয়েহে দাবী কৰা সংখ্যাতকৈ বহু কম সংখ্যকেহে আচলতে নিযুক্তি পাইছে৷ বাজেটত এডভাণ্টেজ আছাম ২.০ক ‘যুগান্তকাৰী পদক্ষেপ’ বুলি অভিহিত কৰা হৈছে৷ পিছে, এডভাণ্টেজ আছাম ১.০ৰ পিছত কিমান বিনিয়োগ অসমলৈ আহিল তাৰ কোনো উল্লেখ নাই৷


ঠিক তেনেধৰণে যোৱা পাঁচ বছৰত যি ২ লাখ ১০ হাজাৰ ৯৮২টা ক্ষুদ্ৰ-সৰু-মজলীয়া উদ্যোগ ৰাজ্যখনত বন্ধ হৈ গৈছে তাৰো কোনো উল্লেখ নাই৷ এইবোৰ বন্ধ হৈ যোৱাৰ ফলত তিনি লাখৰো অধিক শ্ৰমিক-কৰ্মচাৰীয়ে কৰ্মসংস্থাপন হেৰুৱাইছে৷ অসমৰ মুঠ ঘৰুৱা উৎপাদনৰ (জিএছডিপি) ৩৪.৫৪ শতাংশই আহে এই ক্ষুদ্ৰ-সৰু-মজলীয়া উদ্যোগখণ্ডৰ পৰা৷ অথচ এই খণ্ডটোকে বিকশিত কৰিবলৈ বাজেটত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা লোৱা হোৱা নাই৷ শিল্পায়নৰ আন্তগাঁথনিৰ অপৰিহাৰ্য উপাদান হৈছে বিদ্যুৎ৷ অসমৰ নিজস্ব বিদ্যুৎ উৎপাদন ক্ষমতা বছৰৰ পিছত বছৰ ধৰি স্থবিৰ হৈ আছ আৰু ৰাজ্যখন বিদ্যুতৰ এক চিৰস্থায়ী নাটনিত ভুগিছে৷ কিন্তু ৰাজ্যৰ নিজস্ব বিদ্যুৎ উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে বাজেটত কোনো পৰিকল্পনা বা কাৰ্যকৰী আঁচনি নাই৷ তেনেকৈ কৃষিত জলসিঞ্চনৰ সুবিধা ক্ৰমাগতভাৱে সংকুচিত হৈ ২০২২-২৩ চনত মুঠ খাদ্যশস্য উৎপাদনৰ বাবে ব্যৱহাৰ কৰা মাটিৰ মাত্ৰ ২.৩৬ শতাংশলৈ হ্ৰাস পাইছে৷ আজি জলসিঞ্চনৰ সৰ্বভাৰতীয় গড় হৈছে মুঠ কৃষিভূমিৰ ৩৫ শতাংশ আৰু আমাৰ ৰাজ্যত মাত্ৰ ২.৩৬ শতাংশ৷ অসমত ৬২ লাখ ৭৫ হাজাৰৰো বেছি এমজিএনৰেগাৰ জবকাৰ্ডপ্ৰাপ্ত শ্ৰমিক আছে৷ কিন্তু ২০২৩-২৪ত ইয়াৰ মাত্ৰ ০.২০ শতাংশ বছৰত ১০০ দিনৰ কাম পাইছে৷ ৫১ শতাংশ পঞ্চায়তত এদিনো কাম উক্ত আঁচনিৰ অধীনত দিব পৰা নাই৷

কিন্তু বাজেটত এমজিএনৰেগা আঁচনিত কৰ্মদিৱস আৰু মজুৰী বৃদ্ধি সম্পৰ্কে তেনে কোনো ব্যৱস্থা নাই৷ চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৬৬১ টকা আদায় দিয়াৰ প্ৰতিশ্ৰুতি এই বাজেটতো কাৰ্যকৰী নহ’ল৷ চৰকাৰে বাজেটত দাবী কৰিছে যে শ্ৰমশক্তিৰ অংশগ্ৰহণৰ হাৰ ৰাজ্যখনত ৪২.৭ শতাংশলৈ বৃদ্ধি পাইছে৷  অৰ্থাৎ চৰকাৰী ভাষ্য মতেই কৰ্মক্ষম মানুহৰ ৫৭.৩ শতাংশই ৰাজ্যত কৰ্মহীন৷ শ্ৰমশক্তিৰ অংশগ্ৰহণৰ সৰ্বভাৰতীয় গড় হাৰ হৈছে ৫৪.৯ শতাংশ৷ বাজেট বিতৰ্কত ভাগ লৈ অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়– চৰকাৰে চমক সৃষ্টিকাৰী বাজেট দাখিল কৰিছে য’ত ব্যাপক সংস্থাপনৰ কোনো উল্লেখ নাই৷ য’ত স্কুল নাই তাত স্কুল স্থাপনৰ কথা বাজেটত উল্লেখ কৰা নাই, তাৰ পৰিৱৰ্তে প্ৰয়োজন নোহোৱা স্থানত স্থাপন কৰিছে আদৰ্শ স্কুল৷ ইতিমধ্যে ৰাজ্যখনত কৰ্কট ৰোগৰ আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ কিন্তু চৰকাৰে ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী নিষিদ্ধ কৰিব পৰা নাই৷ চৰকাৰে য’তে ত’তে মূৰ্তি স্থাপন কৰিছে, কিন্তু অসমৰ কীৰ্তিস্তম্ভ বা কীৰ্তিচিহ্নসমূহ সুৰক্ষা দিবলৈ ব্যৱস্থা গ্ৰহণ কৰা নাই৷ বাজেট প্ৰস্তুত কৰাৰ সময়ত চৰকাৰে এফ আৰ বি এম আইন ভংগ কৰিছে৷ ২০২৩ বৰ্ষত ৰাজ্যৰ বিত্তীয় ঘাটি আছিল ৩.৭ শতাংশ৷ এইবেলি বিত্তীয় ঘাটি ৫.৭ শতাংশলৈ বৃদ্ধি পাইছে৷