
পলিটেক্নিক শিক্ষকৰ চাকৰি বৰ্খাস্তক লৈ উত্তপ্ত বিধানসভা, সদন ত্যাগ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ মাৰ্চঃ চাকৰি নিয়মীয়াকৰণৰ বাবে প্ৰতিবাদ কৰাৰ বাবেই ৰাজ্যৰ ১১ খন পলিটেকনিকৰ ৬৪ গৰাকী শিক্ষকক চৰকাৰে চাকৰিৰ পৰা অব্যাহতি দিয়া প্ৰসংগক লৈ আজি বিধানসভাত উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে বিৰোধীয়ে৷ ফলত দহ মিনিটৰ বাবে অধ্যক্ষই সদন স্থগিত ৰাখিবলগীয়া হয়৷ উল্লেখ্য সদনৰ প্ৰশ্নোত্তৰ শিতান সমাপ্ত হোৱাৰ লগে লগে বিধানসভাত আজি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক উদ্দেশ্যি কয়– ছাৰ আমি এটা সভাস্থগিত প্ৰস্তাৱ দিছিলোঁ৷ অধ্যক্ষই কয়– মই পাইছোঁ৷ বিষয়টো শূণ্যকালীন ঘণ্টাত আছেই৷ আপোনালোকৰ পৰাই বিধায়ক দিগন্ত বৰ্মনে দিছে৷ বিৰোধী দলপতিয়ে বিষয়টো একে বিষয় নহয় বুলি কৈ কয় যে যোৱা কালি ধৰ্ণা দি থকাৰ কাৰণেই পলিটেকনিকৰ ৬৪জন অংশকালীন শিক্ষকক চৰকাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে৷ ইয়াৰ পাছতে অধ্যক্ষই পুনৰ কয় যে– বিষয়টো একেটাই৷ দিগন্ত বৰ্মনে দিছে৷ শূণ্যকালীন ঘণ্টাতে উঠাব পাৰিব৷ বিধানসভাত উচ্ছ কণ্ঠস্বৰেৰে প্ৰসংগটো আলোচনা কৰিবলৈ দিব লাগে বুলি এইবাৰ দাবী কৰি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে কয়– ‘পলিটেকনিকৰ প্ৰতিষ্ঠাপক শিক্ষকসকলক কেতিয়াও খেদিব নোৱাৰে৷ প্লিজ ক’বলৈ দিয়৷’ নাচোৰবান্দা অধ্যক্ষই কয়– সভা স্থগিত প্ৰস্তাৱ মই নাকচ কৰিছোঁ৷ বিষয়টো গুৰুত্বপূৰ্ণ৷ শূন্যকালীন ঘণ্টাত বিষয়টোত মন্ত্ৰীয়ে উত্তৰ দিব৷’ বিৰোধী দলপতিয়ে পুনৰ কয়– ‘আঠ বছৰ ধৰি পলিটেকনিকত তেওঁলোকে কাম কৰি আছে৷ তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে৷ আমি কি পাপ কৰিলোঁ, এনেধৰণে কান্দোনত ভাগি পৰিছে মেধাবী শিক্ষকসকল৷ এনেকুৱাকৈ আমি অসমীয়া ল’ৰা-ছোৱালীক চাটাই হ’বলৈ দিব নোৱাৰোঁ৷ তেওঁলোকৰ নিযুক্তি বৈধ৷ আমি তেওঁলোকক চাটাই হ’বলৈ দিব নোৱাৰোঁ৷’ অখিল গগৈয়ে পুনৰ কয়– চাকৰিৰ বৰ্খাস্তকৰণ উঠাই ল’ব লাগে আৰু পলিটেকনিকৰ ৬৪ জন শিক্ষকৰ চাকৰি ঘূৰাই দিব লাগে৷ ছাৰ আজি বিধানসভাত পলিটেকনিকৰ শিক্ষকক পুনৰ চাকৰি ঘূৰাই দিয়াৰ সিদ্ধান্ত হ’ব লাগিব৷’ অখিল গগৈয়ে– এইখন হিটলাৰৰ চৰকাৰ নহয় বুলিও কটাক্ষ কৰে৷
কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইনকে ধৰি আন বিধায়কসকলো বিষয়টোক লৈ সদনত সৰব হৈ পৰে৷ কংগ্ৰেছ, অখিল গগৈ, চিপিআই (এম এল)ৰ মনোৰঞ্জন তালুকদাৰ আৰু এ আই ইউ ডি এফৰ বিধায়কজনে হাতে হাতে প্লেকাৰ্ড লৈ অধ্যক্ষৰ আসনৰ ওচৰলৈ যায় আৰু পলিটেকনিকৰ শিক্ষকসকলৰ চাকৰি ঘূৰাই বিচাৰি এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে৷ ফলত অধ্যক্ষই সদন দহ মিনিটৰ বাবে স্থগিত ঘোষণা কৰে৷ লক্ষণীয় যে বিৰোধী দলৰ এই উগ্ৰমূৰ্তিৰ সময়ত সদনত মৌন হৈ থাকে শাসকীয় পক্ষৰ বিধায়কসকল৷ বিৰোধী বিধায়কসকলে সদনত হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, হিটলাৰী শাসন নচলিব ধবনি দিয়ে৷ তেওঁলোকে কয়– চাকৰি ঘূৰাই দিবই লাগিব৷ দহ মিনিটৰ পিছত সদন আৰম্ভ হয় আৰু এইবাৰ অধ্যক্ষৰ পৰিৱৰ্তে উপাধ্যক্ষ ডাঃ নোমল মমিনে সদনৰ কাম-কাজ আৰম্ভ কৰে৷ পুনৰ বিৰোধী বিধায়কসকলে একেটা প্ৰসংগত হুলস্থূল সৃষ্টি কৰে যদিও সদনত বিষয়টোৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায় সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে শূন্যকালীন ঘণ্টাত বিষয়টোৰ উত্তৰ দিবলৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু সাজু হৈ আছিল৷ কিন্তু বিৰোধীয়ে বিষয়টো মানি নলৈ ৰাজনৈতিক মাইলেজ পাবৰ বাবেই এনেয়ে সভা স্থগিতৰ প্ৰস্তাৱ বিচাৰিছে৷ যিহেতু শূন্যকালীন ঘণ্টা পাৰ হৈ গ’ল, গতিকে বেলেগ এটা ডিভাইচত বিষয়টো আনিলে মন্ত্ৰীয়ে বিবৃতিত দিব৷ মন্ত্ৰীৰ উত্তৰত বিৰোধী পুনৰ জংগী হৈ পৰিছিল যদিও উপাধ্যক্ষই বুজাই বঢ়াই বিষয়টো সিমানতে সামৰণি মাৰে আৰু বেলেগ এটা ডিভাইচত বিষয়টো পুনৰ বিৰোধীক আনিবলৈ সুবিধা দিয়া হ’ব বুলি আশ্বাস দিয়ে৷ ইফালে সদনত বিবৃতি নিদিলেও বাহিৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে উক্ত শিক্ষকসকলৰ আৰম্ভণিতেই নিযুক্তিত অংশকালীন বুলি লিখা আছিল৷ ৰাজ্য চৰকাৰৰ কোনো বিধি ব্যৱস্থা নাই তেওঁলোকক অংশকালীনৰ পৰা পূৰ্ণকালীন কৰা৷ স্থায়ী নিযুক্তি লাভ কৰিবলৈ নিয়মীয়া আবেদন কৰি পৰীক্ষাত বহিব লাগিব৷ স্বচ্ছ প্ৰক্ৰিয়াৰে পৰীক্ষা পতা হ’ব৷ অংশকালীন হিচাপে কাম কৰি থকাৰ বাবে তেওঁলোকে বিশেষ সুবিধা লাভ কৰিব৷
পলিটেকনিক শিক্ষকৰ সংস্থাপনৰ বিষয়টো মানৱীয় দৃষ্টিভংগীৰে সমাধান কৰকঃ আছু
‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ অসমৰ পলিটেকনিক শিক্ষানুষ্ঠানসমূহৰ একাংশ শিক্ষকে চাকৰি নিয়মীয়াকৰণৰ দাবীত দীৰ্ঘদিন ধৰি আন্দোলন অব্যাহত ৰাখিছে যদিও কোনো সুফল পোৱা নাই৷ তাৰ মাজতে এই সকল শিক্ষকক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ কথাহে ঘোষণা কৰা পৰিলক্ষিত হৈছে৷ আজি এই সমগ্ৰ বিষয়টো সন্দৰ্ভত তাৎক্ষণিক হস্তক্ষেপ বিচাৰি মুখ্যমন্ত্ৰীলৈ জৰুৰী চিঠি প্ৰেৰণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই৷ মানৱীয় দৃষ্টিভংগীৰে শিক্ষকসকলৰ সংস্থাপনৰ দিশটো বিবেচনা কৰিবলৈ ছাত্ৰ সন্থাই দাবী জনাইছে৷ ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই সন্দৰ্ভত এক বিবৃতিযোগে কয় যে– বিগত বৰ্ষসমূহত অসমৰ পলিটেকনিক শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক আৰু প্ৰশাসনীয় কাম-কাজৰ ক্ষেত্ৰত অংশকালীনভাবে নিযুক্তি প্ৰাপ্ত এই শিক্ষকসকলৰ অৱদান নুই কৰিব নোৱাৰি৷ অসমৰ পলিটেকনিকসমূহত স্থায়ী নিযুক্তি দিব বিচৰাটো ইতিবাচক কথা৷ পদসমূহত যোগ্যতাৰ ভিত্তিত স্বচ্ছ নিযুক্তি হোৱাটো ছাত্ৰ সন্থাই বিচাৰে৷ একে সময়তে, অত বছৰে নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা অংশকালীন চাকৰিয়ালসকলকো দলনিত পোনা মেলা দি আঁতৰাই দিব খোজাটোও গ্ৰহণযোগ্য নহয়৷ এইসকল শিক্ষকৰো মেধা আৰু যোগ্যতাৰ ভিত্তিতেই নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে নিযুক্তি হৈছিল৷ তেওঁলোকৰ প্ৰায় সংখ্যকেই পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী৷ অনেকৰ নতুন চাকৰিৰ আবেদনৰ বয়সো উকলি গৈছে৷ তেনে প্ৰেক্ষাপটত তেওঁলোকক এইদৰে চাকৰিৰ পৰা খেদি দিব বিচৰাটো মানৱতাৰ পৰিপন্থী হৈছে৷ বিষয়টো মানৱীয় দৃষ্টিৰে বিবেচনা কৰি এক বিশেষ নীতিৰ আধাৰত এই সকল শিক্ষকৰো সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ ছাত্ৰ সন্থাই আহ৩ান জনাইছে৷ এইদৰে হঠাৎ সংস্থাপন হেৰুৱাবলগীয়া হ’লে পৰিয়ালসমূহলৈ অন্ধকাৰ নামি আহিব৷ বিষয়টো সন্দৰ্ভত ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক হস্তক্ষেপ দাবী কৰিছে৷
শিক্ষাগুৰু নাই, শিৱসাগৰ পলিটেক্নিকৰ শিক্ষাৰ্থীৰ বিক্ষোভ
‘আমাৰ অসম’ৰ নিতাইপানীদিহিঙৰ প্ৰতিবেদকঃ সমগ্ৰ ৰাজ্যতে পলিটেকনিক শিক্ষকৰ ছাটাই অভিযানত নামি পৰিছে বিজেপি চৰকাৰখন৷ চৰকাৰখনে গ্ৰহণ কৰা এনে হঠকাৰী কাৰ্যত প্ৰভাৱ পৰিল ডিমৌ বৰুৱা চাংমাইস্থিত শিৱসাগৰ পলিটেকনিকত৷ উল্লেখ্য যে শিৱসাগৰ পলিটেকনিকৰ বিভিন্ন বিভাগৰ প্ৰৱক্তাক ৰাজ্য চৰকাৰে চাকৰিৰৰ পৰা অব্যাহতি দিয়াত ছাত্ৰ-ছাত্ৰীৰসকলৰ মাজত শিক্ষাগ্ৰহণক লৈ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ ২০২৫ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা শিৱসাগৰ পলিটেকনিকত শিক্ষক নথকাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা গ্ৰহণৰ সমস্যাত ভুগি থকা সময়তে, ৰাজ্য চৰকাৰে শিৱসাগৰ পলিটেকনিকৰ প্তজন শিক্ষকক চাকৰি পৰা অব্যাহতি দিয়াত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ শিক্ষক অবিহনে বিমোৰত পৰি ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক বিচাৰি প্ৰতিবাদত নামিল শিৱসাগৰ পলিটেকনিক চৌহদৰ সন্মুখত৷ পূৰ্বৰ শিক্ষকক বাহল ৰাখক নতুবা নতুন শিক্ষক নিযুক্ত দিয়ক’, ‘No Teacher, No Future’ আদি শ্ল’গানেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে৷ এতিয়া ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগুৰু বিচাৰি কৰা এই প্ৰতিবাদৰ পাছত অসম চৰকাৰ তথা শিক্ষা বিভাগে কি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷ উল্লেখ্য যে ২০১৭ চনত স্থাপিত হোৱা এইখন পলিটেকনিকত সৰ্বমুঠ ১৭জন শিক্ষকৰ ভিতৰত চৰকাৰে ৫ জনক বৰ্খাস্ত কৰাৰ উপৰিও ৫ জনক বদলি কৰাত বৰ্তমান ৫০০ ৰো অধিক ছাত্ৰ-ছাত্ৰী থকা পলিটেকনিক খনত মাথোঁ ৭জন শিক্ষক আছে৷ এনে পৰিৱেশত ছাত্ৰ-ছাত্ৰীসকলে মনত অযুত সপোন লৈ পলিটেকনিকত পঢ়িবলৈ আহিছিল যদিও চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই পাঠদানৰ পৰা বঞ্চিত হৈ আহিছে ছাত্ৰ-ছাত্ৰীসকল৷ ইয়াৰ উপৰিও এই পলিটেকনিক খনত কৰ্মৰত ২৪জন চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে বিগত ১৫ মাহ ধৰি নিজ নিজ বেতনৰ পৰা বঞ্চিত হৈ আছে৷